...

ডিব্ৰুগড়ৰ গৰাখহনীয়া প্ৰতিৰোধত জিঅ’ বেগৰ সলনি শিলৰ বল্ডাৰ প্ৰয়োগৰ দাবী

ডিব্ৰুগড়ৰ গৰাখহনীয়া প্ৰতিৰোধত জিঅ’ বেগৰ সলনি শিলৰ বল্ডাৰ প্ৰয়োগৰ দাবী

প্ৰশান্ত ফুকনক সাক্ষাৎ একাধিক সংগঠনৰ

চাইন অন ডেস্ক,৯আগষ্ট:

মহাবাহু ব্ৰহ্মপুত্ৰই ডিব্ৰুগড় চহৰলৈ ভাবুকি অনাক লৈ উদ্বিগ্ন হৈ পৰিছে দল-সংগঠনসমূহ৷ ধাৰাবাহিকভাৱে চৰকাৰ-প্ৰশাসনক ডিব্ৰুগড়ক সুৰক্ষিত কৰিবৰ বাবে দাবী উত্থাপন কৰি আহিছে৷আজি এই সন্দৰ্ভত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক সাক্ষাৎ কৰে বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি, ডিব্ৰুগড় নাগৰিক সংঘ আৰু ডিব্ৰুগড় বাৰ এছ’চিয়েশ্যনে৷ বিধায়ক ফুকনক স্মাৰক-পত্ৰ হাতত তুলি দি সংঘৰ সভাপতি যোগেন্দ্ৰনাথ বৰা, সম্পাদক ড॰ কুমুদ চন্দ্ৰ বৰা, এছ’চিয়েশ্যনৰ সভাপতি হেমচন্দ্ৰ বৰা, প্ৰতিৰোধ সমিতিৰ সভাপতি মনজিৎ বৰা, সাধাৰণ সম্পাদক উদয়শংকৰ মহনৰ লগতে জাতীয় যৌথ মঞ্চৰ দিব্যজোতি গগৈকে ধৰি প্ৰতিনিধি দলটোৱে স্পষ্ট কৰি দিয়ে যে খহনীয়াৰ পিছত প্ৰতিৰোধৰ বাবে দিয়া জিঅ’ বেগসমূহে ইয়াৰ স্থায়ী সমাধান আনিব নোৱাৰে৷ ইতিমধ্যে বহু জিঅ’ বেগ দিয়া স্থানত পুনৰ খহনীয়া হৈছে৷ তদুপৰি বহু জিঅ’ বেগ উটুৱাই নিয়াও দেখা গৈছে৷ স্বাভাৱিকতে সমস্যাটো এতিয়া দিনক দিনে বৃদ্ধিহে পাইছে৷ গতিকে দীৰ্ঘদিন ব্ৰহ্মপুত্ৰৰ পৰা ৰক্ষাৰ কৰি থকা শিলৰ স্পাৰ কেইটাৰ ক্ষমতা বৃদ্ধিৰ লগতে জিঅ’ বেগৰ সলনি শিলৰ ব’ল্ডাৰ ব্যৱহাৰ কৰিবলৈ আহবান জনায়৷ অনতি বিলম্বে ইয়াৰ প্ৰয়োজনীয় পদক্ষেপ নল’লে ডিব্ৰুগড়বাসীৰ বিপদ অনিবাৰ্য৷ প্ৰতিনিধি দলটোৱে বিধায়কৰ আগত আৰু কয় যে পূৰ্বৰ পৰিৱেশ অধ্যয়ন কৰিলে স্পষ্ট হয় যে শিলৰ ব’ল্ডাৰেহে দীৰ্ঘদিন কৰি ডিব্ৰুগড়ক সুৰক্ষিত কৰি ৰাখিছে৷ গতিকে স্পাৰ কেইটাৰ ক্ষমতা বঢ়োৱাৰ লগতে প্ৰয়োজন অনুসৰি নতুন স্পাৰ নিৰ্মাণৰো দাবী তুলিছে৷ প্ৰয়োজন সাপেক্ষে বৰলুইতৰ গৰাত ব’ল্ডাৰৰ জৰিয়তে তাঁৰৰ জালি দি সুৰক্ষিত কৰাৰো পদক্ষপে গ্ৰহণ কৰিব লাগে৷ এই সন্দৰ্ভত বিধায়ক ফুকনে একমত প্ৰকাশ কৰিছে৷ তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে কথাপাতি আগন্তুক দিনত ডিব্ৰুগড়ক সুৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছে৷ উল্লেখ্য যে যোৱা ২ আগষ্টত মুখ্যমন্ত্ৰীক এখন স্মাৰক-পত্ৰ যোগে বৃহত্তৰ ডিব্ৰুগড় গৰাখহনীয়া প্ৰতিৰোধ সমিতি, ডিব্ৰুগড় নাগৰিক সংঘ আৰু ডিব্ৰুগড় বাৰ এছ’চিয়েশ্যনে বিষয়টোৰ বিজ্ঞানসন্মত সমাধানৰ দাবী উত্থাপন কৰিছে৷ এখন দীৰ্ঘম্যাদী আঁচনি কাৰ্যকৰী নকৰিলে ঐতিহাসিক চহৰখনৰ বিপদ সন্দৰ্ভত তেওঁক বিতংকৈ বুজাই দিয়া হৈছে৷ অৱশ্যে মুখ্যমন্ত্ৰীয়েও সমস্যাটোৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *