বান-সাহাৰ্য্যক ৰাজনীতিকৰণ নকৰিব!
সংবাদ মাধ্যমলৈ আলফা স্বাধীনৰ বিবৃতি
চাইন অন ডেস্ক,৪আগষ্ট:
প্রাকৃতিক দুৰ্যোগৰ সময়ত চৰকাৰী বান-সাহাৰ্য্য কোনো ৰাজনৈতিক অনুগ্রহ নহয়; ই জনসাধাৰণৰ ন্যায্য অধিকাৰ। ঔপনিৱেশিক ৰাষ্ট্ৰৰ অধীনস্থ অসমৰ পুতলা চৰকাৰখনে যি ধনেৰে দুৰ্যোগ-পীড়িত লোক সকলক সহায়-সহযোগিতা আগবঢ়াবলৈ প্রচেষ্টা হাতত লৈছে, সেই ধনৰ মূল উৎস হৈছে জনসাধাৰণে দিয়া কৰ-কতাল। ইয়াৰ উপৰিও “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ অনুৰোধ মর্মে দেশ-বিদেশৰ বহু মানৱদৰদী ব্যক্তি, সংগঠন আৰু প্রতিষ্ঠানেও দুর্যোগ-পীড়িতসকলৰ সহায়ৰ উদ্দেশ্যে চৰকাৰী (?) সাহায্য পুঁজিৰ উপৰিও বিভিন্ন মাধ্যমেৰেলৈ অনুদান আগবঢ়োৱা সাহায্য কোনো ব্যক্তি, দল বা গোটৰ সম্পত্তি নহয়; ই সমগ্ৰ জনসাধাৰণৰ সম্পদ। গতিকে বান-সাহার্য্য বিতৰণত
ৰাজনৈতিক পৰিচয়, দলীয় সমর্থন, জাতি, ধর্ম, ভাষা বা অন্য কোনো পক্ষপাতিত্বৰ স্থান থকাটো একেবাৰে অনুচিত। যিগৰাকী বানপীড়িত লোক অধিক ক্ষতিগ্রস্ত, তেওঁৰ প্ৰয়োজন অনুসৰিয়েই সাহায্য লাভ কৰাৰ অধিকাৰ আছে। দুৰ্যোগৰ সময়ত সকলো নাগৰিক একে মর্যাদা আৰু অধিকাৰৰ অধিকাৰী। বানপীড়িত মানুহৰ দুখ-কষ্টৰ ওপৰত ৰাজনীতি কৰাটো ৰাজনৈতিক মূল্যবোধৰ লগত অসংগত। যদি কোনো
ঠাইত দলীয় আনুগত্যৰ ভিত্তিত সাহায্য বিতৰণ কৰা হয় বা কোনো দুর্গতক বঞ্চিত কৰা হয়, তেন্তে সেয়া ন্যায়, সমতা আৰু মানৱিকতাৰ মূল নীতিৰ পৰিপন্থী।
কিন্তু থলগিৰি জাতিৰ এই সংকটৰ মুহূৰ্তত ভূতৰ ওপৰত দানহৰ দৰে একোটা বিশেষ
ৰাজনৈতিক দলৰ অনুগত একাংশই সমতা, ঐক্য আৰু সহমর্মিতাৰ বিপৰীতে দলীয় অনুগত্যতাক প্রাধান্য দিয়া দৃষ্টিগোচৰ হোৱাৰ উপৰিও বন্যাৰ্তৰৰ বাবে যোগান ধৰা সাহাৰ্য্য সামগ্রী আত্মসাৎ কৰি ন্যস্তস্বার্থ সিদ্ধিৰ বাবে উঠি-পৰি লগা দেখিবলৈ পাইছো।
এয়া অতিকে নিন্দনীয় আৰু গৰিহণা যোগ্য। ৰাইজৰ কৰ-কতালৰ ধনেৰে বন্যাক্রান্তলৈ অহা সহার্য্য সামগ্রী আত্মসাৎ তথা লুণ্ঠনকাৰীক জাতিটোৰ মহাদুর্যোগৰ সময়ত এনে নিকৃষ্ট কাণ্ডৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালোঁ, অন্যথা ঔপনিৱেশিক শাসক গোষ্ঠীয়ে ইয়াৰ বিৰোদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰক বা
নকৰক “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হ’ব।
প্রসংগক্রমে, অসমৰ এই মহাদুর্যোগৰ সময়ত দুৰ্গতজনৰ উদ্ধাৰ, খাদ্য ব্যৱস্থা, স্বাস্থ্য আৰু আশ্ৰয়ৰ বাবে দেশ (অসম)-বিদেশৰ পৰা যিসকল মানৱদৰদী ব্যক্তি, সংগঠন আৰু প্রতিষ্ঠানে বিভিন্ন প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়ালে আৰু আগবঢ়াই আছে তেখেত সকললৈ “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
জেনেৰেল পৰেশ অসম
সভাপতি
সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]