...

ডিব্ৰুগড়ৰ মছজিদ কমিটিৰ শিৱসাগৰৰ বান পীড়িতলৈ সাহাৰ্য

ডিব্ৰুগড়ৰ মছজিদ কমিটিৰ শিৱসাগৰৰ বান পীড়িতলৈ সাহাৰ্য

চাইন অন ডেস্ক,৪আগষ্ট:

ডিব্ৰুগড়ৰ নিজ কদমনি মছজিদ কমিটি আৰু কনভয় ৰোডৰ ৰাইজৰ সহযোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বেটবাৰী, তামুলীবাৰী আৰু ছেভেলীবাৰীলৈ ৩০ জনীয়া এটা সাহাৰ্যকাৰী দলে উক্ত অঞ্চল সমূহত চাউল, দাইল, গুৰ, চিৰা, গাখীৰ, মিঠাতেল, ৰিফাইন, আলু, নিমখ,পিয়াঁজ, আঁঠুৱা, চেণ্ডেল, ফেনাইলকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি বিতৰণকাৰী দলটো নিশা ঘূৰি আহে। সামগ্ৰী বিতৰণ কৰা এই দলটোৰ নেতৃত্ব দিয়ে নিজ কদমণি মছজিদ কমিটিৰ সভাপতি ইমতিয়াজ ৰহিম, কাৰ্য্যকৰী সভাপতি মতিউৰ ৰহমান, সম্পাদক নাজিম উদ্দিন আহমেদৰ লগতে অন্যান্য সদস্য সকলে। ইয়াৰ পূৰ্বে কনভয় ৰোডত থকা ন-মছজিদ কমিটিও শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত গৈ বান সাহাৰ্য বিতৰণ কৰে। এই দুৰ্যোগৰ সময়ত মানৱীয় কামত বান পীড়িত ৰাইজক সহায় কৰাৰ বাবে অঞ্চল বাসীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *