...

শিমলীতোলাত পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি!

শিমলীতোলাত পাৰঘাটক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি!

গোৱালপাৰা,৩আগষ্ট:

গোৱালপাৰা জিলাৰ নবাগত শিমলীতোলা পাৰঘাটৰ নিবিদাক কেন্দ্ৰ কৰি কালি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ৰেক ঘটে।শ্ৰী সূৰ্যগিৰি উন্নয়ন খণ্ডৰ অধীনস্থ নবাগত শিমলীতোলা গাঁও পঞ্চায়তৰ পৰা এমাহৰ বাবে টোল টেক্সৰ নিবিদা লাভ কৰা নূৰ ইছলামে পাৰঘাটটো ৰবিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে।মুকলি অনুষ্ঠানৰ পাছতেই পাৰঘাটটো ৰাজেশ ঘোষৰ নিজা মাটিত চলাই থকাৰ অভিযোগ তুলি তাৰ পৰা আঁতৰোৱাৰ কথা কবলৈ যোৱাত দুটা পক্ষৰ মাজত তীব্ৰ কথা কটাকটি হয়। পৰৱৰ্তী সময়ত পূৰ্বৰ পাৰঘাটৰ চিৰি(Step) নতুনকৈ নিবিদা লাভ কৰা লেচিক ব্যৱহাৰ কৰিব নিদি ভাঙি দিয়াক লৈ দুই পক্ষৰ তুমুল বাকবিতণ্ডা হয় অৱশ্যে পাছলৈ একাংশৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্ৰণাধীন হয়।মাটিৰ মালিক ৰাজেশ ঘোষৰ লগতে উত্তেজিত ৰাইজে নিবিদা দিয়া পঞ্চায়তৰ প্ৰতিনিধিক লৈ আনি ঠাই নিৰ্ধাৰণ কৰি তাৰ পাছত সেই ঠাইত পাৰঘাট চলাবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *