...

প্ৰসঙ্গঃ উজনি অসমৰ বানপানী

প্ৰসঙ্গঃ উজনি অসমৰ বানপানী

শিল-বালি-কয়লা মাফিয়াক চিনাক্তকৰণ কৰি শাস্তিৰ দাবী

প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ

চাইন অন ডেস্ক,৩আগষ্ট:

ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে ৰাজহুৱা ভাৱে উত্থাপন কৰি আহিছে যে, শিৱসাগৰ -চৰাইদেউ-নাজিৰাকে ধৰি দেখা দিয়া উজনি অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বান দুৰ্যোগটো কেৱল ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা প্ৰাকৃতিক দুৰ্যোগ নহয়, ই মানৱ সৃষ্ট দুৰ্যোগহে। নাগালেণ্ডৰ মন জিলাত অত্যধিক বৰষুণ হৈছিল, নোহোৱা নহয়। কিন্তু উজনি অসমৰ এইকেইটা বৃহৎ অঞ্চলত যি পৰিমাণে প্ৰলয়ংকাৰী ৰূপ ললে, সেই অৱস্থা কেৱল অত্যাধিক বৰষুণৰ ফলতেই হোৱা নাই। এই ক্ষেত্ৰত জৰিত হৈ আহিছে নাগালেণ্ডৰ একাংশ পাহাৰত অবৈজ্ঞানিক ভাবে কৰি অহা কয়লাৰ মুক্ত খনন কাৰ্য, দিখৌ নদীৰ বুকুৰ শিল-বালিৰ অভাৱনীয় আহৰণ কৰা কাৰ্য, ইয়াৰ বাবেই শ শ-হাজাৰ হাজাৰ গছ কাটি প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰা কাৰ্য। এনে কাৰ্য বছৰ বছৰ ধৰি চলি আহিছে একাংশ বালি-শিল-কয়লা মাফিয়াৰ দ্বাৰা। বিশেষকৈ পাহাৰৰ বুকুত অবৈজ্ঞানিক ভাবে কয়লাৰ মুক্ত খনন কৰাৰ ফলত পাহাৰৰ বুকুত একো একোটা বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হʼল আৰু তাত পানীবোৰ জমা হৈ একো একোটা বিশাল বিশাল হ্ৰদলৈ ৰূপান্তৰিত হʼল। সেই হ্ৰদত অত্যধিক বৰষুণৰ সময়ত ভাৰসাম্যহীন পাহাৰৰ ওপৰৰ অংশটো খহি পৰি আহিলেই সেই পানীয়ে প্ৰলয়ংকাৰী বানৰ ৰূপ ধাৰণ কৰি তললৈ নামি আহে। এনেবোৰ কাৰ্য দিনে ৰাতিয়ে চলাই আহিছে শিল-বালি-কয়লা মাফিয়াৰ এটা বৃহৎ চক্ৰই। এই কাৰ্যত সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলেও চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। কাৰণ, এই ক্ষেত্ৰত শকত অংকৰ বিনিময়ত একাংশ জনপ্ৰতিনিধিৰ লগতে অন্যান্য লোকো জৰিত হৈ আছে। প্ৰাক্তন বিধায়ক দেৱব্ৰত শইকীয়াই প্ৰশাসনৰ লগত যোগাযোগ কৰিও কোনো কাম নিদিয়াত গুৱাহাটী উচ্চ ন্যায়ালয়ত দুবাৰকৈ পি আই এল দাখিল কৰিবলগীয়া হʼল।উচ্চ ন্যায়ালয়ে এনে দুষ্কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ পৰ্যন্ত দিলে। কিন্তু ৰাজ্য চৰকাৰে সেই নিৰ্দেশকো আওকাণ কৰিলে। ফলত আজি ৰাইজৰ এই দুৰ্গতি। —-এই সকলো কথা তথ্য সহকাৰে বিবৰি, দেবব্ৰত শইকীয়াৰ পি আই এল দুখনৰ প্ৰতিলিপি দুয়োটাৰ লগতে অন্যান্য একাধিক নথি সংলগ্ন কৰি আজি এখন স্মাৰক পত্ৰ ডিব্ৰুগড় জিলা প্ৰশাসনৰ যোগেদি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনে। ডিব্ৰুগড় জিলাৰ জিলা উন্নয়ন আয়ুক্ত নন্দিতা বৰুৱাৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে ডিব্ৰুগড় জিলা নাগৰিক সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ, সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়া আৰু দুগৰাকী সম্পাদক ক্ৰমে পবিত্ৰ বুঢ়াগোহাঁই আৰু পাৰ্থ প্ৰতিম ভূঞাই। সন্মিলনৰ সভাপতি শৰৎ চন্দ্ৰ নেওগ আৰু সাধাৰণ সম্পাদক উত্তম কুমাৰ চেতিয়াৰ স্বাক্ষৰিত প্ৰধানমন্ত্ৰীলৈ বুলি দিয়া স্মাৰক পত্ৰত মুখ্যতঃ দাবী উত্থাপন কৰা হয় যে, প্ৰলয়ংকাৰী বান পৰিস্থিতিৰ মূল সৃষ্টিকাৰক উল্লিখিত বালি-শিল-কয়লা মাফিয়াক চিনাক্তকৰণ কৰি উচিত শাস্তি দিয়াৰ বাবে চৰকাৰে এখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰক। ইয়াৰ উপৰিও সম্প্ৰতি এই বান দুৰ্য্যোগটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবীও অন্যতম এটা দাবী। যিহেতু এই প্ৰলয়ংকাৰী বানৰ ক্ষেত্ৰত নাগালেণ্ডৰ মন জিলাৰ দিখু (পিছত অসমলৈ আহি দিখৌ নাম হৈছে) নদীৰ ওপৰত নিৰ্মিয়মান ১৮৬ মেগাৱাট শক্তিসম্পন্ন দিখু জলবিদ্যুৎ প্ৰকল্প জৰিত হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে,তেনে পৰিপ্ৰেক্ষিততে কেৱল এই দিখু জলবিদ্যুৎ প্ৰকল্পই কেৱল নহয়, অসমৰ চৌদিশে পাহাৰীয়া অঞ্চলত আবৰি থকা বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্পবোৰ বন্ধ কৰি দিব লাগে। জলবোমা সদৃশ এই বৃহৎ বৃহৎ জলবিদ্যুৎ প্ৰকল্পবোৰ সময় থাকোঁতেই যদি বন্ধ কৰি দিয়া নহয়, তেতিয়া হয়তো অদূৰ ভৱিষ্যতে পৃথিৱীৰ মানচিত্ৰৰ পৰা অসম নামৰ যে এখন ৰাজ্য আছিল, তাক বিচাৰি পোৱা নেযাবগৈ বুলিও স্মাৰক পত্ৰত উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *