নতুন প্ৰজন্মৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে
ডিব্ৰুগড়ত ‘প্ৰতিভা’ দ্বিতীয় ২০২৬ সম্পন্ন
দুই বিশিষ্ট ব্যক্তিক বিশেষ বঁটা প্ৰদান
চাইন অন ডেস্ক,৩আগষ্ট:
নতুন প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে এখন সুষ্ঠ সমাজ আৰু মঞ্চ প্ৰদানৰ লক্ষ্যৰে অলপতে ডিব্ৰুগড়ৰ সূর্যোদয় লোককৃষ্টি অধ্যয়ন কেন্দ্ৰ আৰু সন্মিলিত অসমীয়া যুৱশক্তি অসম- ৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰতিভা দ্বিতীয় বৰ্ষ অনুষ্ঠানটি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত সশ্ৰদ্ধ প্ৰণিপাত জনোৱা হয়।ইয়াৰ পিছতেই কাব্য গুৰু অজিত দত্তৰ সভাপতিত্বত মুকলি সভাৰখন অনুষ্ঠিত কৰা হয়।মুকলি সভাত উপস্থিত বিশিষ্ট অতিথিসকলে নতুন প্ৰজন্মৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে বহুমূলীয়া পৰামৰ্শ আৰু সাৰগৰ্ভ ভাষণ আগবঢ়ায়। মনোজ্ঞ এই অনুষ্ঠানতেই সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে দুগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ডিব্ৰুগড়ৰ বিহু লোকসংস্কৃতিৰ অন্যতম সাধক তথা বৰবিহুৱা,
সাংস্কৃতিক কৰ্মী জীতেন দাসক প্ৰদান কৰা হয় সংস্কৃতি সাধক বঁটা।লগতে ডিব্ৰুগড়ৰ সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে জেষ্ঠ সাংবাদিক মুক্তামণি হাজৰিকাক প্ৰদান কৰা হয় বিশেষ সম্বৰ্ধনাৰ। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা কৃতীমান ছাত্ৰ – ছাত্ৰীসকলকো অভিনন্দন জনোৱা হয়।অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সৃষ্টিমূলক নৃত্য, সাজপাৰ, গীত-মাত আদি বিভিন্ন প্ৰতিযোগিতাসমূহৰ বঁটা – বিতৰণী অনুষ্ঠানটিও সম্পন্ন কৰা হয়। সূর্যোদয় লোককৃষ্টি অধ্যয়ন কেন্দ্ৰৰ পৰিচালিকা তথা সাংস্কৃতিক কৰ্মী পৰশমণি দিহিঙ্গীয়াই আঁতধৰা এই অনুষ্ঠানত সমাজৰ বিভিন্ন ক্ষেত্ৰ লগত জৰিয়তৰ থকা কেইবাগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে।মুকলি সভাত ৰেডিঅ’ জ্ঞানমালিনীৰ অনুষ্ঠান কার্যবাহী স্বপ্নালী ভূঞা ,
সাংস্কৃতিক কর্মী ৰুদ্ৰেশ্বৰ গোঁহাই , ৰত্নেশ্বৰ গগৈ, জিতুল গোঁহাই, মহেন্দ্র চাৰিঙীয়া ফুকন, নয়নমণি বৰুৱা , শান্তনু শইকীয়া , মাধুর্য বৰগোঁহাই , মিঠু দাস , উত্তৰা শেনছোৱা , ভাৰতী বৰুৱা দুৱৰা , কৃপাল ফুকন , নিৰন্ত দাস, লেখিকা মিনাক্ষী দাস বৰুৱা , সন্মিলিত অসমীয়া যুৱশক্তি অসমৰ উপদেষ্ট হেমচন্দ্র মিলি , কেন্দ্রীয় সভাপতি ৰজনী বাইলুং ফুকন , সম্পাদক কৃষ্ণকান্ত ফুকন, দীপক দিহিঙ্গীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিপ্লৱ গোঁহাই, সম্পাদক ফণিল গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সভাত অংশগ্ৰহণ কৰে। মুকলি সভাৰ অন্তত এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠানও সম্পন্ন কৰা হয়।