...

বিদ্যুৎ বিভাগৰ কামৰ নমুনা

বিদ্যুৎ বিভাগৰ কামৰ নমুনা

পথাৰতে উভালি পৰিল পাঁচটাকৈ বিদ্যুতৰ খুঁটা !

নগৰবেৰা,৩আগষ্ট:

বৰপেটাৰ আলোপতি খাটিয়ামাৰীত পোহৰলৈ আহিছে বিদ্যুত বিভাগৰ কাণ্ডজ্ঞান হীনতাৰ এক বাস্তৱ ছবি |সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড পথাৰত উভালি পৰিছে ১১ কেভি’ৰ উচ্চ ক্ষমতাসম্পন্ন বিদ্যুতৰ তাঁৰৰ পাঁচটাকৈ বিদ্যুতৰ খুঁটা |কথমপি প্ৰাণৰক্ষা সাত-আঠজনকৈ কৃষকৰ। পথাৰত কৃষকে কাম কৰি থকা অৱস্থাতে এনেদৰে একেলগে উভালি পৰে বিদ্যুতৰ খুঁটা কেইটা |বিদ্যুৎ বিভাগৰ ঠিকাদাৰে অতি নিম্নমানৰ কাম কৰাৰ বাবেই এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে |ইপিনে ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগক খৱৰ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। শীঘ্ৰে বিদ্যুৎ সেৱা যোগান ধৰাৰ লগতে ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *