ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ জলপ্লাৱন !
নাৱৰ ওপৰতেই জাজীমুখ গাঁৱৰ ৰাইজৰ জীৱন সংগ্ৰাম
চাইন অন ডেস্ক,৩আগষ্ট:
ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অধীনস্থ ৯৯ টা পৰিয়াল আৰু ৫৭৫ গৰাকী বাসিন্দা থকা জাজীমুখ গাঁৱত পদব্ৰজে খোজ কঢ়াৰ শব্দৰ পৰিৱৰ্তে এতিয়া কেৱল বৈঠাৰ শব্দহে শুনা গৈছে। বিগত পাঁচটা দিনে সমীপৱৰ্তী বুঢ়ীদিহিং নদীৰ প্লাৱিত জলে মূল ভূখণ্ডলৈ সংযোগী প্ৰতিটো পথ আৰু আলিবাট বুৰাই পেলাইছে। ফলত ডিব্ৰুগড় চহৰৰ পৰা ৪২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই গাঁওখনলৈ অহা-যোৱা কৰাৰ বাবে এতিয়া স্থানীয়ভাৱে “তুলুঙা নাও” বুলি জনাজাত সৰু সৰু নাওবোৰেই একমাত্ৰ সম্বল হৈ পৰিছে।
সম্পূৰ্ণৰূপে মিচিং সম্প্ৰদায়ৰ লোকবসতি থকা এই গাঁওখন মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল, কিন্তু তেওঁলোকৰ পথাৰসমূহ এতিয়া ঘোলা বানপানীৰ তলত বিলীন হৈ পৰিছে। ইয়াত থকা অধিকাংশ পৰিয়ালেই ৮ পৰা

দুই সন্তানৰ মাতৃ ৪৮ বছৰীয়া নীলিমা তায়েঙেও একেধৰণৰ কষ্টৰ কথা বৰ্ণনা কৰি কয় যে তেওঁলোকৰ ঘৰটো সম্পূৰ্ণৰূপে পানীৰে আগুৰি আছে আৰু ঘৰৰ কাষত অলপো শুকান মাটি অৱশিষ্ট নাই।
৩৬ বছৰীয়া সাবিত্ৰী তায়ে কয় যে বানপানীয়ে কেৱল তেওঁলোকৰ বাসগৃহই কাঢ়ি নিয়া নাই, পৰিয়ালৰ খাদ্য সুৰক্ষাও ধ্বংস কৰি পেলাইছে। “আমাৰ ভঁৰালঘৰ সম্পূৰ্ণৰূপে পানীৰ তলত, গতিকে সাঁচি ৰখা সমগ্ৰ ধান নষ্ট হ’ল। কালি সন্ধিয়া কেইজনমান বিষয়া আহি চাউল, দাইল, নিমখ আৰু অলপ সৰিয়হৰ তেল থকা এটা সৰু টোপোলা দি গ’ল। আমি কৃতজ্ঞ, কিন্তু তাৰ পিছত আৰু 
একেটা চালিৰ তলতে ১৩ জনীয়া যৌথ পৰিয়ালৰ সৈতে বসবাস কৰা ৫৯ বছৰীয়া কুশল পাংগিং বাবে এইবাৰৰ বানপানী আন বৰ্ষতকৈ অধিক ভয়াৱহ হৈ পৰিছে। “প্ৰতিবছৰে নৈৰ পানী বঢ়াতো আমাৰ বাবে নতুন কথা নহয়। কিন্তু এইবাৰ পানী বৰ খৰখেদাকৈ আহিল আৰু যোৱাবাৰতকৈও অধিক সময় উচ্চতাত থাকিল। ঘৰত ইমানবোৰ মানুহক খুৱাব লাগে, মথাউৰিত ৰন্ধা-বঢ়া কৰা, বহুদূৰৰ পৰা পানী অনা – এই সকলোবোৰ চম্ভালাটো অতি কঠিন হৈ পৰিছে,” — তেওঁ কয়।
বয়োবৃদ্ধ গাঁওবাসীসকলৰ মতে, প্ৰতিবছৰে বানপানী হলেও পূৰ্বৰ কিছুমান ঐতিহাসিক বছৰৰ ভয়াৱহতাৰ সৈতে ইয়াক তুলনা কৰিব নোৱাৰি। ৫৫ বছৰীয়া অনিল পায়েঙে মনত পেলায় যে ১৯৮৮ চনৰ বানপানী গাঁওখনে মুখামুখি হোৱা আটাইতকৈ ভয়াৱহ বানসমূহৰ ভিতৰত অন্যতম হৈ আছিল। ৬৮ বছৰীয়া ভীমবৰ পাংগিং মতেও এইবাৰৰ বানেও নিজাকৈ বিস্তৰ ক্ষতি কঢ়িয়াই আনিছে। “বানপানী আৰম্ভ হোৱাৰ পৰাই বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে আৰু আমাৰ কিছু ঘৰচীয়া পশুধনো ইতিমধ্যে পানীত উটি গৈছে। আমাৰ খেতিপথাৰসমূহ পানীত ডুব গৈছে, পানী সম্পূৰ্ণৰূপে ননমা পৰ্যন্ত অপেক্ষা কৰাৰ বাদে আমাৰ হাতত আন কোনো উপায় নাই,” — ভীমবৰে কয়।
গাঁৱৰ আন কেইবাটাও পৰিয়ালেও নিঃশব্দে একেই যন্ত্ৰণা সহ্য কৰিছে। ৫৬ বছৰীয়া অনিমা পাংগিং তেওঁৰ তিনিজন পুত্ৰ আৰু পৰিয়ালৰ আন পাঁচজন সদস্যৰ সৈতে আশ্ৰয় লৈ থকাৰ বিপৰীতে ৪২ বছৰীয়া জীৱন্তি

ঘৰ-দুৱাৰ ক্ষতিগ্রস্ত হোৱা, খেতিপথাৰ ডুব যোৱা, খোৱাপানীৰ উৎস প্ৰদূষিত হোৱা আৰু এতিয়ালৈকে বিদ্যুৎ সংযোগ পুনৰাই স্থাপন নকৰাৰ পৰিপ্ৰেক্ষিতত গাঁওবাসীয়ে কয় যে মাত্ৰ এবাৰ সাহায্য সামগ্ৰী পোৱাটো কোনোপধ্যেই পৰ্যাপ্ত নহয়। ধীৰে ধীৰে পানী নামি যোৱাৰ লগে লগে অধিবাসীসকলে ধাৰাবাহিক সাহায্য, বিদ্যুৎ যোগান পুনৰাৰম্ভ কৰা আৰু বুঢ়ীদিহিঙৰ পানী অৱশেষত কমাৰ পিছত ঘৰ-দুৱাৰ পুনৰ নিৰ্মাণ তথা খেতিপথাৰ পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰী সমৰ্থনৰ আশা কৰিছে।