...

ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱেৰ কোনো পৰিকল্পনা নাই !

ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱেৰ কোনো পৰিকল্পনা নাই !

স্পষ্ট কৰিলে NHIDCL-এ

চাইন অন ডেস্ক,২আগষ্ট:

বহুচৰ্চিত ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ ভৱিষ্যতক লৈ দীৰ্ঘদিন ধৰি চলি অহা জল্পনা-কল্পনাৰ অৱসান ঘটাই নেচনেল হাইৱেজ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেচন লিমিটেড (NHIDCL)-এ স্পষ্টভাৱে জনাইছে যে বৰ্তমান সংস্থাটোৰ কোনো পৰিকল্পনাত এই প্ৰকল্প অন্তৰ্ভুক্ত নহয়। ফলত উজনি অসমৰ জনসাধাৰণৰ বহুদিনীয়া আশা-আকাংক্ষা কার্যতঃ অনিশ্চয়তাৰ মাজতেই সীমাবদ্ধ হৈ ৰ’ল।ডিব্ৰুগড়ৰ উদয়পুৰৰ সচেতন নাগৰিক পৰাগ দত্তই যোৱা ২৬ জুন, ২০২৬ তাৰিখে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ (PMO) প্ৰেৰণ কৰা এখন পত্ৰত ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে জানিব বিচাৰে। সেই পত্ৰৰ ভিত্তিত বিষয়টো CPGRAMS অভিযোগ প’ৰ্টেলযোগে NHIDCL-লৈ প্ৰেৰণ কৰা হয়।পত্ৰখনত দত্তই উল্লেখ কৰে যে ২০১৭ চনৰ ২৪ জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ DTP মথাউৰিত চদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নিৰ্মাণৰ প্ৰস্তাৱিত ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱেৰ প্ৰাৰম্ভিক জৰীপ কাৰ্যৰ শুভাৰম্ভ কৰিছিল। এই প্ৰকল্পই যোগাযোগ ব্যৱস্থাৰ আমূল উন্নয়ন, পৰ্যটনৰ বিকাশ আৰু নদী খহনীয়া প্ৰতিৰোধত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি সেই সময়ত আশা প্ৰকাশ কৰা হৈছিল।কিন্তু জৰীপৰ শুভাৰম্ভৰ প্ৰায় ন বছৰৰ পিছতো কোনো দৃশ্যমান অগ্ৰগতি নোহোৱাত প্ৰকল্পটোৰ ভৱিষ্যতক লৈ ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হয়। দত্তই পত্ৰখনত উল্লেখ কৰে যে গহপুৰ-নুমলীগড় সংযোগী পানীৰ তলৰ সুৰংগৰ দৰে আন কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্প আগবাঢ়ি থকাৰ বিপৰীতে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱেৰ অৱস্থা সম্পূৰ্ণ অস্পষ্ট হৈ আছে।এই সন্দৰ্ভত ২০২৬ চনৰ ৩১ জুলাইত গুৱাহাটীস্থিত NHIDCL-ৰ আঞ্চলিক কাৰ্যালয়ৰ জেনেৰেল মেনেজাৰ বিনায়ক কুমাৰে স্বাক্ষৰ কৰা উত্তৰ পত্ৰত স্পষ্টকৈ কোৱা হয় যে অভিযোগটো লাভ কৰা হৈছে, কিন্তু ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে সংস্থাটোৰ কাৰ্যসূচীত “is not envisaged”, অৰ্থাৎ এনে কোনো প্ৰকল্প বৰ্তমান পৰিকল্পিত নহয়। অৱশ্যে প্ৰকল্পটো আনুষ্ঠানিকভাৱে বাতিল কৰা হৈছে নে আন কোনো আঁচনিৰ সৈতে সংযুক্ত কৰা হৈছে, সেই বিষয়ে কোনো ব্যাখ্যা দিয়া হোৱা নাই।
NHIDCL-ৰ এই স্পষ্টীকৰণৰ পিছত ২০১৭ চনত বহু আশা-আকাংক্ষাৰে শুভাৰম্ভ কৰা ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ হাইৱে প্ৰকল্পটো প্ৰাৰম্ভিক জৰীপ পৰ্যায় অতিক্ৰম কৰিব নোৱাৰিলে বুলি একপ্ৰকাৰ নিশ্চিত হৈছে। ফলত উজনি অসমৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই প্ৰকল্পৰ ভৱিষ্যতক লৈ পুনৰ নতুনকৈ প্ৰশ্ন উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *