...

ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়ৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

স্থায়ী সমাধানৰ বাবে আই আই টি গুৱাহাটীৰ সৈতে সহযোগিতাৰ কথা ঘোষণা

চাইন অন ডেস্ক,২আগষ্ট:

ব্ৰহ্মপুত্ৰৰ খহনীয়াই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি আৰু চলি থকা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহৰ বিষয়ে বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ চাবুৱা, বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়াৰ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে।পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে খহনীয়াৰ মাত্ৰা আৰু ইয়াক প্ৰতিৰোধ কৰিবলৈ ল’বলগীয়া তাৎক্ষণিক তথা দীৰ্ঘম্যাদী পদক্ষেপসমূহ বুজ ল’বলৈ স্থানীয় ৰাইজ, অভিযন্তা আৰু বিষয়াসকলৰ সৈতে বিস্তাৰিতভাৱে আলোচনাত মিলিত হয়। পৰিদৰ্শনকালত তেওঁৰ সৈতে বিধায়ক প্ৰশান্ত ফুকন, তৰংগ গগৈ, বিনোদ হাজৰিকা আৰু সঞ্জয় কিষাণৰ লগতে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত থাকে।পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়: ‘আজি মই ব্যক্তিগতভাৱে চাবুৱা সমষ্টিৰ বিশেষকৈ বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰোঁ। বৰ্তমান আমাৰ সংশ্লিষ্ট বিভাগসমূহে যুদ্ধকালীন তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে। কিন্তু এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে বৈজ্ঞানিক আৰু দীৰ্ঘম্যাদী পদক্ষেপ অতি প্ৰয়োজনীয়। সেই উদ্দেশ্যে

আমি কিছু পৰিকল্পনাও কৰিছোঁ।’
সমস্যাটোৰ স্থায়ী সমাধানৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰি শৰ্মাই পুনৰাই কয় যে এই অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে এক বৈজ্ঞানিক আৰু দীৰ্ঘম্যাদী কৌশল প্ৰস্তুত কৰিবলৈ আই আই টি গুৱাহাটীৰ বিশেষজ্ঞসকলক জড়িত কৰা হ’ব।সমস্যাটোৰ দীৰ্ঘম্যাদী সমাধানৰ পথ উলিওৱাৰ উদ্দেশ্যে এদিন বা দুদিনৰ ভিতৰত মই আই আই টি গুৱাহাটীৰ অধ্যাপকসকলৰ সৈতে আলোচনাত বহিম।ৰাজ্য চৰকাৰৰ বিদ্যমান প্ৰচেষ্টাক প্ৰতিষ্ঠানটোৰ কাৰিকৰী দক্ষতাই অধিক শক্তিশালী কৰিব বুলি উল্লেখ কৰি তেওঁ কয়।
আই আই টিৰ সৈতে কৰা এই সহযোগিতাই জলসম্পদ বিভাগৰ প্ৰস্তাৱিত ৯০ কোটি টকীয়া খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ সৈতে একেলগে কাম কৰিব বুলি আশা কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে জিলাখনৰ আটাইতকৈ বেছি

ক্ষতিগ্ৰস্ত অংশসমূহত মথাউৰি আৰু নদীপাৰ সুৰক্ষাৰ কামসমূহ মজবুত কৰা।পৰিদৰ্শনৰ সময়ত জলসম্পদ বিভাগৰ অভিযন্তাসকলে মুখ্যমন্ত্ৰীক বৰ্তমান চলি থকা খহনীয়া প্ৰতিৰোধমূলক ব্যৱস্থা, যেনে— সংবেদনশীল নদীপাৰসমূহ সুৰক্ষিত কৰিবলৈ জিঅ’-বেগ (Geo-bags) আৰু জিঅ’-টিউব (Geo-tubes)ৰ ব্যৱহাৰ সম্পৰ্কে অৱগত কৰে। শৰ্মাই এই ব্যৱস্থাসমূহৰ গতি আৰু কাৰ্যকৰীতাৰ পৰ্যালোচনা কৰে আৰু আটাইতকৈ ভয়াৱহ খহনীয়াৰ সন্মুখীন হোৱা অঞ্চলসমূহত কাম ক্ষিপ্ৰতৰ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে।মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত ৰাইজৰ সৈতেও কথা পাতি তেওঁলোকৰ সমস্যাসমূহ শুনে আৰু চৰকাৰৰ

নিৰন্তৰ সহায়ৰ আশ্বাস দিয়ে।আনহাতে পৰিদৰ্শনৰ সময়ত সমবেত হোৱা গাঁওবাসীক তেওঁ কয়, “এই সংকটৰ সময়ত চৰকাৰ ক্ষতিগ্ৰস্ত ৰাইজৰ কাষত দৃঢ়ভাৱে থিয় দিছে আৰু তেওঁলোকৰ ঘৰ-বাৰী তথা জীৱিকা সুৰক্ষিত কৰিবলৈ আমি কোনো ধৰণৰ ত্ৰুটি ৰাখিব নিবিচাৰোঁ।”উল্লেখযোগ্য যে, শেহতীয়া বছৰবোৰত চাবুৱা আৰু ইয়াৰ প্ৰতিৱেশী অঞ্চলসমূহত নদীপাৰৰ খহনীয়া তীব্ৰতৰ হৈ পৰিছে। বালিজান, পুখুৰীজান, দিনজান আৰু ৰহমৰীয়া আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, যিয়ে ব্ৰহ্মপুত্ৰৰ কাষৰ বহু পৰিয়ালক গৃহহীন কৰাৰ লগতে কৃষিভূমি খহাই নিছে। কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, আই আই টি গুৱাহাটীৰ পৰামৰ্শক্ৰমে দীৰ্ঘম্যাদী বৈজ্ঞানিক পৰিকল্পনা হাতত লোৱাৰ সমান্তৰালকৈ তৎকালীন খহনীয়া প্ৰতিৰোধমূলক ব্যৱস্থাসমূহো অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *