...

মধুপুৰ ধাম সত্ৰৰ সাঁচিপতীয়া পুথি হব ডিজিটেল !

মধুপুৰ ধাম সত্ৰৰ সাঁচিপতীয়া পুথি হব ডিজিটেল !

বিনষ্ট হোৱা নাই মধুপুৰ সত্ৰৰ সাঁচিপতীয়া পুথি

আৰম্ভ হ’ল সংৰক্ষণ কাম

আগমনি,২আগষ্ট:

অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক পশ্চিম বংগৰ কোচবিহাৰ জিলাস্থিত ঐতিহাসিক শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰত সংৰক্ষিত পুৰণি সাঁচিপতীয়া পুথিসমূহ “ডিজিটাইজেচন”ৰ জৰিয়তে স্থায়ীভাৱে সংৰক্ষণৰ কাম যোৱা কালিৰে পৰা আৰম্ভ হৈছে। উল্লেখ যে, যোৱা ৮ জুলাই তাৰিখে এই সন্দৰ্ভত আলোচনা কৰিবলৈ সত্ৰত উপস্থিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দল। দলটোত আছিল আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক সমীৰণ ফুকন; অসম জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সচিব মৃণাল তালুকদাৰ। সেই সময়ত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ থকাত ডেকা সত্ৰাধিকাৰ মাধৱ দেৱ মহন্তৰ লগত তেওঁলোকে বিষয়টোৰ ওপৰত বিস্তৃত আলোচনা কৰে। আলোচনাৰ পিছত সত্ৰ কৰ্তৃপক্ষই এই মহান উদ্যোগক আদৰণি জনাই পূৰ্ণ সহযোগিতাৰ আশ্বাস দিয়ে। সেই অনুসৰি যোৱা কালি মৃণাল তালুকদাৰৰ নেতৃত্বত আৱশ্যকীয় আহিলা-পাতিৰে দুজন টেকনিচিয়ান সত্ৰত উপস্থিত হয়। সত্ৰাধিকাৰৰ সন্মতি আৰু ডেকা সত্ৰাধিকাৰৰ তত্বাৱধানত ডিজিটাইজেচনৰ কাম আৰম্ভ হয়। অৱশ্য ডিজিটাইজেচনৰ কাম কাইলৈৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ আশা কৰিছে । এই কামত গুৱাহাটীৰ পূৱ শৰণীয়া নিবাসী, সত্ৰ একনিষ্ঠ সেৱক তথা “আশীষ নিৰ্মালি” বঁটা প্ৰাপক জিতেন দোলাকাষৰীয়াই পূৰ্ণ সহযোগিতা আগবঢ়াইছে। ইফালে কিছুদিন পূৰ্বে মধুপুৰ সত্ৰৰ পুথি বিনষ্ট হোৱা বুলি যি অভিযোগ উত্থাপিত হৈছিল, সেই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছে একাংশই। আনহাতে প্ৰয়াত সত্ৰাধিকাৰ লক্ষীকান্ত মহন্তই পুথিসমূহ বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে অসম চৰকাৰক কেইবাবাৰো আহ্বান জনাইছিল বুলি সত্ৰ সূত্ৰে প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *