...

বানপীড়িত শিক্ষাৰ্থীৰ কাষত সদৌ অসম মুক্ত লেখক আৰু সাংবাদিক সংস্থা

বানপীড়িত শিক্ষাৰ্থীৰ কাষত সদৌ অসম মুক্ত লেখক আৰু সাংবাদিক সংস্থা

২০০ৰো অধিক শিক্ষাৰ্থীক শৈক্ষিক সামগ্ৰী বিতৰণ

চৰকাৰক বিশেষ সাহায্য আঁচনি গ্ৰহণৰ আহ্বান

চাইন অন ডেস্ক,২আগষ্টঃ

ডাৱৰ ফাটি হোৱা প্ৰবল বৰষুণ আৰু অনিয়ন্ত্ৰিত পাহাৰ খননৰ ফলত সৃষ্টি হোৱা আকস্মিক বানপানীয়ে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চলত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। বানৰ তাণ্ডৱত হাজাৰ হাজাৰ পৰিয়াল ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু অঞ্চলত খাদ্য, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা আৰু পশুধনৰ খাদ্যৰ তীব্ৰ সংকটে দেখা দিছে। এই দুৰ্যোগে শতাধিক শিক্ষাৰ্থীৰ শিক্ষাজীৱনো গভীৰ সংকটৰ মাজলৈ ঠেলি দিছে। বানৰ পানীয়ে বহী-কিতাপ, বিদ্যালয়ৰ পোছাক, শিক্ষাৰ সামগ্ৰী আৰু গুৰুত্বপূৰ্ণ নথি-পত্ৰ নষ্ট কৰি পেলোৱাত বহু শিক্ষাৰ্থীৰ পঢ়া-শুনা পুনৰ আৰম্ভ কৰাটোও অনিশ্চিত হৈ পৰিছে।
এনে পৰিস্থিতিত বানপীড়িত শিক্ষাৰ্থী আৰু পৰিয়ালসমূহৰ কাষত যৌথভাৱে থিয় দি সদৌ অসম মুক্ত লেখক আৰু সাংবাদিক সংস্থা (কেন্দ্ৰীয় সমিতি), বিবেকানন্দ বিদ্যালয়, চেতিয়া গাঁও (চাবুৱা) আৰু শিশু আৰু মহিলাসকলৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে কাম কৰি অহা চাবুৱাৰ ‘প্ৰিয়দৰ্শিনী’-ৰ এক যুটীয়া প্ৰতিনিধি দলে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰজাপুল, দুৱৰা গাঁও, নাজিৰা, গড়মূৰ, সোণাৰি, শিমলুগুৰি আৰু লাকুৱাকে ধৰি বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ খবৰ লয় আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত-বিনিময় কৰে।
সদৌ অসম মুক্ত লেখক আৰু সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৌতম গগৈয়ে কয় যে বানৰ ফলত বহু শিক্ষাৰ্থীৰ শিক্ষাজীৱন ব্যাহত হৈছে। সেয়ে তেওঁ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ ওচৰত বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ সাহায্য আঁচনি ৰূপায়ণ, নষ্ট হোৱা বহী-কিতাপ আৰু অন্যান্য শিক্ষাৰ সামগ্ৰী পুনৰ যোগান ধৰা, লগতে শিক্ষাৰ সৈতে জড়িত নথি-পত্ৰসমূহ অতি শীঘ্ৰে পুনৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
তেওঁ কয়, “শিক্ষাৰ্থীসকলেই দেশৰ ভৱিষ্যৎ। কোনো প্ৰাকৃতিক দুৰ্যোগৰ বাবেই তেওঁলোকৰ শিক্ষা ব্যাহত হ’ব নালাগে। চৰকাৰে অতি জৰুৰী ভিত্তিত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক সহায় আগবঢ়োৱা উচিত।”
ইয়াৰ সমান্তৰালভাৱে লাকুৱাত আয়োজিত এক বিশেষ কাৰ্যসূচীত ২০০ৰো অধিক বানপীড়িত শিক্ষাৰ্থীক বহী, কলম, কাঠ-পেঞ্চিল, ৰং পেঞ্চিল, ৰবৰ, চেপনাৰ, টিফিন বক্স আৰু পানীৰ বটল আদি প্ৰয়োজনীয় শৈক্ষিক সামগ্ৰী বিতৰণ কৰা হয়।
সাহায্য সামগ্ৰী বিতৰণ কৰি বিবেকানন্দ বিদ্যালয়, চেতিয়া গাঁৱৰ অধ্যক্ষ জ্যোতি ফুকনে কয়, “বানৰ দৰে ভয়াৱহ দুৰ্যোগে বহু শিক্ষাৰ্থীৰ পঢ়া-শুনাত বাধাৰ সৃষ্টি কৰিছে। এনে সময়ত তেওঁলোকৰ কাষত থিয় দিয়াটো আমাৰ নৈতিক দায়িত্ব। এই সামান্য প্ৰচেষ্টাই শিক্ষাৰ্থীসকলক পুনৰ শিক্ষাৰ পথলৈ উভতি যাবলৈ অনুপ্ৰেৰণা যোগাব বুলি আমি বিশ্বাস কৰোঁ। সমাজৰ সকলো সক্ষম ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানেও বানপীড়িত শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহা উচিত।”
আনহাতে, শিশু আৰু মহিলাসকলৰ বৌদ্ধিক, মানসিক আৰু শাৰীৰিক বিকাশৰ বাবে কাম কৰি অহা চাবুৱাৰ ‘প্ৰিয়দৰ্শিনী’-ৰ মুখ্য আহ্বায়ক ৰ’জলীন গগৈয়ে কয়, “দুৰ্যোগৰ সময়ত মানৱীয় সহমৰ্মিতাই আটাইতকৈ ডাঙৰ শক্তি। বানপীড়িত শিশুসকলৰ মুখত পুনৰ হাঁহি বিৰিঙোৱাই আমাৰ এই প্ৰয়াসৰ মূল উদ্দেশ্য। শিক্ষা কোনো শিশুৰ ক্ষেত্ৰতেই বানৰ বলি হ’ব নালাগে। সেয়ে সমাজৰ সকলো স্তৰৰ লোকে একত্ৰিতভাৱে তেওঁলোকৰ কাষত থিয় দিব লাগে।”
উল্লেখযোগ্য যে এই সাহায্য বিতৰণ কাৰ্যসূচীত সদৌ অসম মুক্ত লেখক আৰু সাংবাদিক সংস্থাৰ সাংগঠনিক সম্পাদক তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা লক্ষিমী বৰুৱা, লেখিকা ৰেখা গগৈ, বিবেকানন্দ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী অনুপ গগৈ, ৰিজুমণি ফুকন, বেবী গগৈ, ‘প্ৰিয়দৰ্শিনী’-ৰ সদস্য-সদস্যাসকল, স্থানীয় বিশিষ্ট ব্যক্তি, স্বেচ্ছাসেৱক আৰু বহু সংখ্যক অভিভাৱকে অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰি তোলে।
সাহায্য লাভ কৰি শিক্ষাৰ্থী আৰু অভিভাৱকসকলে আয়োজকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। সদৌ অসম মুক্ত লেখক আৰু সাংবাদিক সংস্থাই সমাজৰ সকলো শুভবুদ্ধিসম্পন্ন ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন, শিক্ষানুষ্ঠান আৰু সক্ষম নাগৰিকক বানপীড়িত শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। সংস্থাৰ মতে, প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত শিশুসকলৰ শিক্ষাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাটো কেৱল চৰকাৰৰেই নহয়, সমগ্ৰ সমাজৰো এক সামূহিক দায়িত্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *