...

পশুধনৰ পিছত বাংলাদেশলৈ ভাৰতীয় মোবাইলৰ চোৰাং বেহা!

পশুধনৰ পিছত বাংলাদেশলৈ ভাৰতীয় মোবাইলৰ চোৰাং বেহা!

৭ টা মোবাইল সহ বিএছএফৰ জালত ২

ধুবুৰী,১আগষ্ট:

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে বাংলাদেশলৈ অবৈধ পশুধনৰ চোৰাং বেহাৰ সমান্তৰালকৈ শেহতীয়াকৈ ভাবে আৰম্ভ হৈছে মোবাইলৰো চোৰাং বেহা। সীমান্ত সুৰক্ষা বাহিনীয়ে বাংলাদেশ লৈ ভাৰতীয় মোবাইল মোবাইল সৰবৰাহ কৰাৰ অভিযোগত দুজনকৈ যুৱকক কৰায়ত্ত কৰাৰ পিছত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দুটাকৈ অঞ্চলৰ বাসিন্দা সেই যুৱকদ্বয়ক আজি ধুবুৰী সদৰ থানাত ৭টাকৈ মোবাইলসহ চমজাই দিছে সীমান্ত সুৰক্ষা বাহিনীয়ে। বৰ্তমানলৈ সীমান্ত সুৰক্ষা বাহিনী অথবা আৰক্ষীয়ে আনুষ্ঠানিক ভাবে একো সদৰি নকৰিলেও চুৰি মোবাইল বাংলাদেশলৈ সৰবৰাহ কৰা চক্ৰৰ সৈতে ধৃত দুই জড়িত থকা বুলি সন্দেহ কৰা হৈছে। ধৃত দুজনৰ এজন ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ভোগডহৰ অঞ্চলৰ খাইৰূল ইছলাম আৰু আনজন নাবালক যুৱক।

Leave a Reply

Your email address will not be published. Required fields are marked *