...

শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত ডিব্ৰুগড়ৰ ‘জে জে এম হস্পিতাল

শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত ডিব্ৰুগড়ৰ ‘জে জে এম হস্পিতাল

ডাঃ সঞ্জীৱ শৰ্মাৰ উদ্যোগত দুশ পৰিয়াললৈ খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী বিতৰণ

চাইন অন ডেস্ক :

জিলাখনত অব্যাহত থকা সংহাৰী বানত বিস্তৰ ক্ষতিসাধন হোৱা দুৰ্গম অঞ্চলসমূহৰ বানাক্ৰান্ত ৰাইজৰ কাষত থিয় দিছে ডিব্ৰুগড়ৰ প্ৰতিষ্ঠিত চিকিৎসালয় ‘জে জে এম হস্পিতাল’ (JJM Hospital)। হস্পিতালখনৰ পৰিচালন সঞ্চালক তথা বিশিষ্ট চিকিৎসক ডাঃ সঞ্জীৱ শৰ্মাৰ বিশেষ প্ৰচেষ্টাত আজি শিৱসাগৰ জিলাৰ কেইবাটাও বানপীড়িত অঞ্চলত ব্যাপকভাৱে বান সাহায্য বিতৰণ কৰা হয়।

আজি জিলাখনৰ মগৰহাট, আলাইমুখ আৰু নাজিৰাৰ সুন্দৰপুখুৰী সুলাল গাঁৱত হস্পিতাল কৰ্তৃপক্ষই এক সাহায্য অভিযান চলায়। অঞ্চলকেইটাৰ প্ৰায় দুশটা বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্যসামগ্ৰীকে ধৰি বিভিন্ন প্ৰয়োজনীয় আৰু নিত্য-ব্যৱহাৰ্য বস্তু বিতৰণ কৰা হয়।

জে জে এম হস্পিতালৰ মুখ্য বিত্তীয় বিষয়া সৌৰভ দে’ আৰু মানৱ সম্পদ বিষয়া চাহিন আহমেদৰ নেতৃত্বত যোৱা ১৫ জনীয়া এটা অভিজ্ঞ কৰ্মীৰ দলে প্ৰত্যক্ষভাৱে উপস্থিত হৈ বানপীড়িত ৰাইজৰ হাতত এই সাহায্য সামগ্ৰীসমূহ তুলি দিয়ে। এই মানৱীয় পদক্ষেপত হস্পিতালৰ দলটোক বিশেষভাৱে সংগ প্ৰদান কৰে উদীয়মান অভিনেতা অনুৰাগ বিতুপনে। অভিনেতাগৰাকীয়ে প্ৰতিগৰাকী বানাক্ৰান্ত লোকৰ দুখ-দুৰ্দশাৰ বুজ লয় আৰু তেওঁলোকৰ কাষত থিয় দিয়াৰ আশ্বাস দিয়ে।

বানৰ এই কঠিন সময়ত ডিব্ৰুগড়ৰ চিকিৎসালয়খন আৰু ডাঃ সঞ্জীৱ শৰ্মাই আগবঢ়োৱা এই মানৱীয় তথা প্ৰশংসনীয় সহায়ক শিৱসাগৰৰ স্থানীয় ৰাইজে একমুখে শলাগ লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *