...

জোনাকৰ উদ্যোগত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান

জোনাকৰ উদ্যোগত গ্রীষ্মকালীন কৰ্মশালাৰ সামৰণী অনুষ্ঠান

‘কণ-জুন-নুপূৰে মাতে’ আৰু কৃতী ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অভিনন্দন জ্ঞাপক অনুষ্ঠান ‘উছাহৰ ৰামধেনু’ সম্পন্ন

চাইন অন ডেস্ক,১আগষ্ট:

বৃহত্তৰ গৰুধৰীয়া-মধুপুৰ অঞ্চলৰ অগ্রণী স্বেচ্ছাসেৱী সংগঠন ‘জোনাক’ৰ পৰিকল্পনা উদ্যোগত বিগত ২০১৬ চনৰ পৰা নিয়মীয়াকৈ প্ৰতি বছৰে গ্ৰীষ্ম বন্ধৰ সময়ত আয়োজন কৰি অহা গ্রীষ্মকালীন কর্মশালা এই বর্ষতো ফুকনবাম মজলীয়া বিদ্যালয়,সার্বজনীন উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিনৈগুটীয়াৰ সূর্যোদয় সংঘৰ প্ৰাংগণত যোৱা ১৫ জুলাইৰ পৰা ২৪ জুলাইলৈকে ১০ দিনীয়া এক গ্রীষ্মকালীন কর্মশালা অনুষ্ঠিত হৈ যায়। সৃষ্টিমূলক নৃত্য, আধুনিক নৃত্য, চিৰসেউজ গীত আৰু আবৃত্তি বিষয়ত অনুষ্ঠিত হোৱা এই কর্মশালাত সমল ব্যক্তিৰূপে অংশগ্রহণ কৰে ডিব্ৰুগড়ৰ বিশিষ্ট নৃত্য-পৰিচালক দেবকৃষ্ণ হাজৰিকা, স্মিতা দাস, ধৰিত্ৰী গগৈ, কাশ্মিৰা পাত্র, সুদর্শনা ৰাজগুৰু আৰু প্রার্থনা সন্দিকৈয়ে। ফুকনবাম মজলীয়া বিদ্যালয়, সার্বজনীন উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিনৈগুটীয়া সূর্যোদয় সংঘৰ প্ৰাংগণত অনুষ্ঠিত কর্মশালা উদ্বোধন কৰে ক্রমে অৱসৰপ্ৰাপ্ত শিক্ষক ধৈর্যধৰ বৰুৱা, জোনাকৰ কাৰ্যকৰী সভাপতি খুবেন পাত্র আৰু লেজাই গাঁও পঞ্চায়তৰ সদস্যা টুটুমণি গগৈয়ে। ১০ দিনীয়া কর্মশালা ৰূপায়ণৰ অন্তত যোৱা ২৬ জুলাই, দেওবাৰে মেডেলা খেলপথাৰৰ সমীপত অবস্থিত ‘জগন্নাথ সমূহীয়া ভবন’ত তিনিখন ঠাইত অনুষ্ঠিত কৰ্মশালাৰ সামৰণী অনুষ্ঠান ‘ঋণ-জুন-নুপুৰে মাতে’ শীর্ষক মনোজ্ঞ অনুষ্ঠানটিৰ লগতে বৃহত্তৰ গৰুধৰীয়া-মধুপুৰ অঞ্চলৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ৩৯ গৰাকী, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম বিভাগত উত্তীর্ণ ৪১ গৰাকী আৰু স্নাতক-স্নাতকোত্তৰ পৰীক্ষাত প্রথম শ্রেণী লাভ কৰা ৫ গৰাকী পৰীক্ষার্থীসহ মুঠ ৮৫ গৰাকী কৃতী ছাত্র-ছাত্রীক ‘জোনাক’ৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়। ‘উছাহৰ ৰামধেনু’ শীর্ষক অভিনন্দন জ্ঞাপক এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই। মুখ্য অতিথিৰ বক্তব্যত তেখেতে কৃতী ছাত্র-ছাত্রীসকলক উদ্দেশ্যি দুটি নীতি শিক্ষামূলক কাহিনীৰ জৰিয়তে জীবন গঢ়াৰ বাবে উপাদেয় বহু মূল্যবান পৰামৰ্শ আগবঢ়ায়। কেবল ডাক্তৰ, ইঞ্জিনিয়াৰ হোৱাৰ আদৰ্শৰে সাধনা-অধ্যবসায় নকৰি প্রকৃত অৰ্থত মানুহ হোৱাৰ সাধনাত ব্রতী হ’বলৈ ছাত্র-ছাত্রীসকলৰ প্রতি তেখেতে আহ্বান জনায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিব্রুগড় হনুমনবক্স সুবজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয় যে- “আমি উপকাৰ কৰা সকলৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰিবলৈ শিকা উচিত। জোনাকে মোক এই অঞ্চলৰ ৰাইজৰ সৈতে ভাব বিনিময় কৰাৰ সুযোগ দিছে, এই অঞ্চলত কৃতী ছাত্র-ছাত্রীসকলক উদ্দেশ্যি বক্তব্য প্রদান কৰাৰ সুযোগ দিছে। সেয়ে মই নিজেও স্বেচ্ছাসেবী সংগঠন জোনাকৰ লগতে সম্পাদক মৃদুল পাত্র, বসন্ত কুমাৰ গগৈ, ৰাজকুমাৰ ছেত্রী, খুবেন পাত্র, বিদ্যাধৰ দুৱৰা আদি বিষয়ববীয়াসকলৰ প্রতিও মই কৃতজ্ঞ হৈ থকা উচিত। বিশেষভাবে সক্ষম অর্থাৎ হাত-ভৰি নথকা অথবা শাৰীৰিকভাবে বাধাগ্রস্ত লোকেও সমাজ-সভ্যতালৈ বহু মূল্যবান বৰঙণি আগবঢ়াই গৈছে। হেলেন কেলাৰ, অৰুণিমা সিনহা আদি বিশেষভাবে সক্ষম ব্যক্তিসকলে যদি শাৰীৰিক প্রতিবন্ধকতাক অতিক্রম কৰি অসাধ্য সাধন কৰিব পাৰে তেন্তে সম্পূর্ণ অর্থত শাৰীৰিকভাবে সক্ষম আমাৰ ছাত্র-ছাত্রীসকলে নিজকে সফলতাৰ উচ্চতাত আৰোহণ কৰাবলৈ সক্ষম কিয় নহ’ব?” এই অনুষ্ঠানতে ২০২৩ বৰ্ষৰ পৰা সংযোজিত হোৱা আদর্শ মাতৃ চঞ্চলা গগৈ স্মাৰক বঁটা আৰু ফুলৰাণী পাত্র স্মাৰক বঁটা প্ৰদান কৰা হয়। ২০২৬ বৰ্ষৰ আদর্শ মাতৃ চঞ্চলা গগৈ স্মাৰক বঁটা লাভ কৰে অঞ্চলটোৰ ভিতৰত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৯৪% নম্বৰ লাভেবে জামিবা গোহাঁই গাঁৱৰ স্নেহা কোঁৱৰে। আনহাতে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অঞ্চলটোৰ ভিতৰত সর্বোচ্চ নম্বৰ প্ৰাপক বিনৈগুটীয়াৰ পাৰঙ্গী দুৱৰাই বিজ্ঞান শাখাত ৯১.৪% নম্বৰ লাভেবে আদর্শ মাতৃ ফুলৰাণী পাত্র স্মাৰক বঁটা লাভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱাই আদর্শ মাতৃ চঞ্চলা গগৈ স্মাৰক বঁটা পৰিয়ালৰ হৈ প্রদান কৰে। আনহাতে আদর্শ মাতৃ ফুলবাণী পাত্র স্মাৰক বঁটা প্ৰদান কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা মুখ্য অতিথি কবিতা ডেকাই। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিব্রুগড় মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই কৃতী ছাত্র-ছাত্রীসকলৰ প্রতি শুভেচ্ছা প্ৰেৰণাদায়ক বক্তব্য আগবঢ়ায়।ইয়াৰ পাছতে ‘ঋণ-জুন-নুপূৰে মাতে’ আৰু ‘উছাহৰ ৰামধেনু’ শীর্ষক অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়ায় সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ সভাপতি উদয় শংকৰ মহনে। অনুষ্ঠানটোত নিমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক প্রফুল্ল চন্দ্র পাত্র, আনন্দ বৰ পাত্ৰ, পৰমানন্দ কামান, ভদ্রাবতী পেণ্ড কামান, দিব্যজ্যোতি গগৈ, বঞ্জন প্রধান, সীমান্ত গগৈ আদি ব্যক্তিসকল। অনুষ্ঠানটোত কর্মশালাত প্রশিক্ষণ গ্রহণ কৰা প্রশিক্ষার্থীসকলে গীত-নৃত্য, আবৃত্তি আদি পৰিৱেশন কৰি সমগ্র অনুষ্ঠানটো সাংস্কৃতিক গৰিমাৰে মণ্ডিত কৰে। প্রায় ৫০০ লোকৰ অংশগ্রহণেৰে ৰূপায়ণ হোৱা অনুষ্ঠানটোৰ শেষত সাম্প্রতিক বানত মৃত্যু হোৱা ব্যক্তিসকলৰ প্রতি শ্রদ্ধাঞ্জলি নিবেদন কৰি বন্তি প্রজ্বলন আৰু ১ মিনিট সময় মৌন প্রার্থনা জনোৱা হয়। অনুষ্ঠানটোত বিভিন্ন দিশ পৰিচালনা কৰে জোনাকৰ সভাপতি ৰাজকুমাৰ ছেত্রী, সহকাৰী সাধাৰণ সম্পাদক বসন্ত কুমাৰ গগৈ, খনীন্দ্র পাত্র, সাংগঠনিক সম্পাদক দীপক কুমাৰ গগৈ, উপ-সভাপতি বিদ্যাধৰ দুৱৰা, ধৈর্য গগৈ, সুজিত পাত্র, পৰাগধৰ চেতিয়া, চন্দন চাহু, অনুপম গগৈ, কহিনী বৰুৱা, কিৰণ মুণ্ডা, দিফুল চেতিয়া আৰু ধীক পাত্রই। অভিনন্দন প্রদান পর্ব পৰিচালনাত সহায় কৰে শিক্ষা সম্পাদক ৰঞ্জন গগৈ আৰু কাৰ্যকৰী সভাপতি খুবেন পাত্রই। কর্মশালাৰ সমগ্র ব্যবস্থাপনা-পৰিকল্পনা আৰু অনুষ্ঠানটোৰ আঁত ধৰে জোনাকৰ সাধাৰণ সম্পাদক মৃদুল পাত্রই।

Leave a Reply

Your email address will not be published. Required fields are marked *