বেছিমাৰীত অগ্নিকাণ্ড
তিনি দোকান ভম্মিভূত
দলগাঁও,৩১জুলাই:
দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বেছিমাৰী বজাৰত আজি সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । শাকপাচলি বজাৰলৈ সোমাই যোৱা মূল পথৰ কাষত আজি আবেলি পাঁচ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত নিমিষতে তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ ছাই হৈ যায় ৷ প্ৰাপ্ত খবৰ অনুসৰি, জুইৰ গ্ৰাসত পৰে জহিৰুল আলমৰ প্লাষ্টিকৰ সামগ্ৰীৰ দোকান, ছহিদুল ইছলামৰ জোতা-চেণ্ডেলৰ দোকান আৰু ৰফিকুল ইছলামৰ ইলেক্ট্ৰনিকছৰ দোকান । জুইৰ বিভীষিকাত দোকান তিনিখনত থকা আনুমানিক ১ কোটিৰো অধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয় ৷ ঘটনাৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ তিনি খনকৈ গাড়ী উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ তৎপৰতাত অশেষ চেষ্টাৰ মূৰত জুই নিয়ন্ত্ৰণলৈ আনে । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে স্পষ্ট হোৱা নাই ৷ ইফালে অগ্নিকাণ্ডত সৰ্বস্বান্ত হোৱা ব্যৱসায়ীসকলক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৰাইজে।