...

মৰিচাছত ডিপিএছ ডিব্ৰুগড়ৰ বিজয়ধ্বজা

মৰিচাছত ডিপিএছ ডিব্ৰুগড়ৰ বিজয়ধ্বজা

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ফাৰ্ষ্ট ৰানাৰ্ছ-আপসহ একাধিক সন্মান

চাইন অন ডেস্ক,৩১জুলাই:

দিল্লী পাব্লিক স্কুল (ডিপিএছ) ডিব্ৰুগড়ে মৰিচাছত অনুষ্ঠিত ১১সংখ্যক কোৱালিটি ইউথ ইনিচিয়েটিভ ছামিট আৰু এমএছকিউচিচি চেম্পিয়নশ্বিপ-২০২৬ত চমকপ্ৰদ প্ৰদৰ্শন কৰি ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। ২৩ৰ পৰা ২৯ জুলাইলৈ অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১০০ৰো অধিক বিদেশী প্ৰতিযোগীৰ মাজত ডিপিএছ ডিব্ৰুগড়ৰ ১৫জনীয়া ছাত্ৰ-ছাত্ৰীৰ দলে ফাৰ্ষ্ট ৰানাৰ্ছ-আপ ট্ৰফী আৰু বেষ্ট ইনোভেটিভ টীম ট্ৰফীসহ একাধিক সন্মান লাভ কৰে।

শুকুৰবাৰে ছাত্ৰ-ছাত্ৰীৰ দলটো ডিব্ৰুগড়লৈ উভতি অহাৰ পিছত বিমানবন্দৰত তেওঁলোকক উষ্ম আদৰণি জনোৱা হয়। বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাতী বিশ্বাসে সকলো শিক্ষাৰ্থীক ফুলাম গামোচাৰে সন্মানিত কৰে। অভিভাৱকসকলেও ফুলৰ থোপা, চকলেট আৰু পৰম্পৰাগত আদৰণিৰে ছাত্ৰ-ছাত্ৰীসকলৰ এই ঐতিহাসিক সফলতা উদযাপন কৰে।

মৰিচিয়ান ছ’চাইটি ফৰ কোৱালিটি চাৰ্কলছ (MSQCC) আৰু ৱৰ্ল্ড কাউন্সিল ফৰ টোটেল কোৱালিটি এণ্ড এক্সেলেন্স ইন এডুকেশ্যনৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত ডিপিএছ ডিব্ৰুগড়ে কেছ ষ্টাডী প্ৰেজেণ্টেচনৰ বাবে সন্মানীয় জুৰান এৱাৰ্ডো লাভ কৰে।

ডিবেট প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত অদ্বিকা কলিতা আৰু অলংকৃতা ভট্টাচাৰ্যীয়ে ফাৰ্ষ্ট ৰানাৰ্ছ-আপৰ স্থান লাভ কৰে। অলংকৃতাই ‘বেষ্ট স্পীকাৰ (Against the Motion)’ বঁটা লাভ কৰে। কাব্যা শামীম আৰু পাখি ম’ৰেক ‘স্পেচিয়েল মেনচন-১’ সন্মানেৰে সন্মানিত কৰা হয়। ছিনিয়ৰ শাখাত অন্বেষা চেতিয়া আৰু ঋতিকৃতি মহন্তই ছেকেণ্ড ৰানাৰ্ছ-আপৰ সন্মান লাভ কৰে।

পাব্লিক স্পীকিং প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত অদ্বিকা কলিতা আৰু আৰোহী আগৰৱালে ফাৰ্ষ্ট ৰানাৰ্ছ-আপৰ স্থান লাভ কৰে। আৰোহীক বেষ্ট স্পীকাৰ হিচাপে নিৰ্বাচিত কৰা হয়। ছিনিয়ৰ শাখাত জয়শ জিন্দল আৰু আমন ধান্দৰিয়াই ছেকেণ্ড ৰানাৰ্ছ-আপৰ স্থান লাভ কৰে।

গণিত প্ৰতিযোগিতাত প্ৰাইমাৰী শাখাত তনৱ গুপ্তা, জুনিয়ৰ শাখাত অলংকৃতা ভট্টাচাৰ্যী আৰু ছিনিয়ৰ শাখাত আমন ধান্দৰিয়া আৰু জয়শ জিন্দলে নিজ নিজ শাখাৰ টপাৰ হিচাপে সাফল্য অৰ্জন কৰে।

পোষ্টাৰ আৰু শ্লোগান মেকিং প্ৰতিযোগিতাত জুনিয়ৰ শাখাৰ কাব্যা শামীম আৰু অলংকৃতা ভট্টাচাৰ্যী, আনহাতে ছিনিয়ৰ শাখাৰ অন্বেষা চেতিয়া আৰু ঋতিকৃতি মহন্তই বেষ্ট পোষ্টাৰৰ সন্মান লাভ কৰে।

কবি সন্মিলনত জুনিয়ৰ শাখাৰ পাখি ম’ৰে আৰু আৰোহী আগৰৱাল আৰু ছিনিয়ৰ শাখাৰ জয়শ জিন্দল আৰু আমন ধান্দৰিয়াৰ দলে বেষ্ট টীমৰ সন্মান লাভ কৰে।

প্ৰতিযোগিতাৰ সময়ছোৱাত ডিপিএছ ডিব্ৰুগড়ৰ শিক্ষাৰ্থীসকলে ‘এ ৱাক ইন দ্য ডাৰ্ক’ শীৰ্ষক সজাগতা কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে দৃষ্টিহীন লোকসকলৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি আৰু এখন অন্তৰ্ভুক্তিমূলক সমাজ গঢ়াৰ বাৰ্তা প্ৰদান কৰা হয়।

বিদ্যালয়ৰ অধ্যক্ষ প্ৰভাতী বিশ্বাসে কয় যে বিদ্যালয়ৰ প্ৰতিষ্ঠাপক তথা পিভিচি চিএ সঞ্জয় জৈনৰ সপোন আছিল ডিপিএছ ডিব্ৰুগড়ৰ শিক্ষাৰ্থীসকলে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰা। তেওঁ কয় যে বিগত ছয় বছৰ ধৰি শিক্ষক-শিক্ষাৰ্থীসকলে এই লক্ষ্য পূৰণৰ বাবে নিৰন্তৰ পৰিশ্ৰম কৰি আহিছিল আৰু তাৰেই ফল আজি সমগ্ৰ বিশ্বৰ সন্মুখত প্ৰকাশ পাইছে।

তেওঁ লগতে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ ডিপিএছ ডিব্ৰুগড়েই এই বিশ্বজনীন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। এই সফলতাই বিদ্যালয়ৰ আন শিক্ষাৰ্থীসকলকো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিব।

বিমানবন্দৰত উপস্থিত অভিভাৱকসকলেও শিক্ষাৰ্থীসকলৰ সফলতাত গৌৰৱ প্ৰকাশ কৰি কয় যে এই সাফল্য ছাত্ৰ-ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰম, শিক্ষকসকলৰ দিক-নিৰ্দেশনা আৰু ডিপিএছ ডিব্ৰুগড়ৰ গুণগত তথা সামগ্ৰিক শিক্ষা ব্যৱস্থাৰ ফল। এই সাফল্যই কেৱল বিদ্যালয়খনৰেই নহয়, সমগ্ৰ ডিব্ৰুগড় তথা দেশৰ গৌৰৱ বৃদ্ধি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *