মণিপুৰী খোল আৰু নৃত্য বিশাৰদ মাধৱ সিংহৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
শিল্পী ইন্দ্ৰনাথ কোঁৱৰ, সমাজসেৱী পূৰ্ণানন্দ ভঁৰালী, যতীন গোহাঁইক সম্বৰ্ধনা
চাইন অন ডেস্ক,২১জুলাইঃ
মণিপুৰী খোল আৰু নৃত্যৰ ওজা প্ৰয়াত মাধৱ সিংহৰ প্ৰতি শ্ৰদ্ধা জনাই ডিব্ৰুগড়ৰ ‘অন্তৰ্যাত্ৰা’ নামৰ অনুুষ্ঠানে ১৯ জুলাইৰ সন্ধিয়া আয়োজন কৰে এটি মননশীল অনুষ্ঠান৷ প্ৰয়াত মাধৱ সিংহৰ প্ৰতিকৃতিত শ্ৰদ্ধাৰ্ঘ নিবেদনৰ পাছতে এই অনুষ্ঠানত ডিব্ৰুগড়ৰ বিশিষ্ট চেতাৰ বাদক ইন্দ্ৰনাথ কোঁৱৰক ‘সংগীত গুণমঞ্জুৰী’, স্বচ্ছতাৰ বাহক তথা ‘চিকুণ’ স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক পূৰ্ণানন্দ ভঁৰালীক ‘পৰিবেশ বান্ধৱ’ আৰু
ডিব্ৰুগড়ত কেইবাখনো শিক্ষানুষ্ঠান স্থাপন কৰি শিক্ষাৰ পোহৰ বিলোৱা যতীন গোহাঁইক ‘আলোক সঞ্চাৰী’ অভিধা প্ৰদান কৰি সন্মান যাচে৷ ‘অন্তৰ্যাত্ৰা’ৰ সভাপতি অৰূপ ফুকনে পৌৰোহিত্য কৰা আৰু হোটেল গাৰ্ডেন ট্ৰিটত আয়োজিত এই অনুষ্ঠানত ডিব্ৰুগড় মাহনগৰৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, লোক কলা সংস্কৃতিৰ সাধক তথা অসম গৌৰৱ ৰামচন্দ্ৰ চাচনীয়ে শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটিত ৰামচন্দ্ৰ চাচনী, ইন্দ্ৰনাথ কোঁৱৰ, পূৰ্ণানন্দ ভঁৰালী আৰু যতীন গোহাঁয়ে মাধৱ সিংহৰ স’তে থকা তেখেতসকলৰ সান্নিধ্যৰ বিষয়ে সোঁৱৰণ কৰে৷ অনুষ্ঠানটিৰ বিশেষ আকৰ্ষণ আছিল ইন্দ্ৰনাথ কোঁৱৰৰ চেতাৰ বাদন আৰু পূৰ্ণানন্দ ভঁৰালীৰ বেহেলা বাদন৷ অনুষ্ঠানটিত বৈশম্পায়ন ভৌমিকে মংগলাচৰণ, ৰিণ্টি গোস্বামী আৰু তপতী সিংহই কৃষ্ণাষ্টকম্ পৰিবেশন কৰে৷ তেখেতসকলৰ লগত সংগত কৰে প্ৰাঞ্জল প্ৰদীপ শইকীয়া, চন্দন দাস আৰু ৰাজু নন্দীয়ে৷ সংগঠনটোৰ সম্পাদক ড॰ অদিতি বৰুৱাই আঁতধৰা এই অনুষ্ঠানটিত ‘অন্তৰ্যাত্ৰা’ৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উপস্থাপন কৰে সংযোজক ড॰ ৰঞ্জিত সিংহই আৰু শলাগ জ্ঞাপন কৰে মৈত্ৰেয়ী বৰুৱা ভৌমিকে৷
Like this:
Like Loading...