...

ডিব্ৰুগড়ৰ ‘মেলডি ৱেব মিউজিক একাডেমি’ৰ আধুনিক গীত, পুৰণি গীতৰ কৰ্মশালা

ডিব্ৰুগড়ৰ ‘মেলডি ৱেব মিউজিক একাডেমি’ৰ আধুনিক গীত, পুৰণি গীতৰ কৰ্মশালা

মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান

চাইন অন ডেস্ক,২১জুলাইঃ

ডিব্ৰুগড় মহানগৰৰ কছাৰীবাৰীস্থিত অন্যতম সংগীত শিক্ষাৰ অনুষ্ঠান ‘মেলডী ৱেব মিউজিক একাডেমি’য়ে যোৱা ১৩ জুলাইৰ পৰা ১৮ জুলাইলৈকে বৰগীতৰ লগতে অসমৰ প্ৰসিদ্ধ কেইগৰাকীমান সংগীতজ্ঞ ক্ৰমে ঋতুপৰ্ণ শৰ্মা, ড॰ বীৰেন্দ্ৰনাথ দত্ত, গীতি কবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতৰ বিশেষ সংগীত কৰ্মশালাৰ আয়োজন কৰে৷ বিভিন্ন প্ৰান্তৰ ডেৰকুৰিৰো অধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে আয়োজিত উক্ত কৰ্মশালাখনিৰ প্ৰথমদিনা এগচি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে বিশিষ্ট সুৰকাৰ, গীতিকাৰ হীৰেণ গোহাঁয়ে৷ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে অনাতাঁৰ শিল্পী সান্তনা বৰুৱা [পাৰ্বতীপ্ৰসাদ বৰুৱাৰ গীত], গোপা কোঁৱৰ [বৰগীত], ডলী গগৈ বৰুৱা [ড॰ বীৰেন্দ্ৰনাথ দত্ত আৰু ঋতুপৰ্ণ শৰ্মাৰ গীত] ই৷ এই উপলক্ষে ১৯ জুলাইৰ দিনা পুৱাৰ ভাগত আধুনিক গীতৰ প্ৰতিযোগিতাৰ আয়োজনৰ লগতে সন্ধিয়া বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ অনুষ্ঠানটিৰ অধ্যক্ষা নিজৰা ডেকা আৰু মীনাক্ষি দুৱৰাৰ যৌথ পৰিচালনাত স্থানীয় লক্ষ্মীনাথ বেজবৰুৱা ভৱন প্ৰেক্ষাগৃহত আয়োজিত উক্ত অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শিল্পী ভূপেন হাজৰিকা, জু্‌বিন গাৰ্গ, ছৈয়দ চাদুল্লা, বাঁহীবাদক উপেন ফাংচ’, বাদ্যশিল্পী ভৱেশ গোস্বামী, উৎপল দেউৰী, কণ্ঠশিল্পী বিপুল ফুকনৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈ, বিশিষ্ট কণ্ঠশিল্পী, সাংস্কৃতিক কৰ্মী সুৰেশ হাতীমুৰীয়া, চন্দন পাঠক, সমাজকৰ্মী, অৱসৰী অধ্যাপিকা আৰাধনা দত্ত আৰু কণ্ঠশিল্পী চৈয়দা জুৰি ৰহমানে৷ ইয়াৰ পিছতে বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰি শুভেচ্চামূলক বক্তব্য আগবঢ়োৱাৰ লগতে অৱসৰী অধ্যাপিকা আৰাধনা দত্ত, জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকা, কণ্ঠশিল্পী চৈয়দা জুৰি ৰহমান, শুভাকাংক্ষী প্ৰণালী ফুকনৰ লগতে বহুকেইগৰাকী ব্যক্তিয়ে শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ লগতে প্ৰশিক্ষক ডলী গগৈ বৰুৱা, সুৰেশ হাতীমুৰীয়া, ভূৱন গগৈ আদিয়ে একোটিকৈ গীত পৰিৱেশন কৰে৷ মনোজ্ঞ অনুষ্ঠানটিত উল্লিখিত অতিথিবৃন্দৰ উপৰিও সাংস্কৃতিক কৰ্মী বকুল দাস, নৃত্যশিল্পী ৰুবী গগৈ সন্দিকৈ, জেউতি মৰল সংঘৰ সভাপতি মনোজ বৰুৱা, কণ্ঠশিল্পী অৰুণ হাজৰিকা, শুভাকাংক্ষী আশা শ্বাহ, ৰাজশ্ৰী পাল, মনোজ সোণোৱাল, আধুনিক গীত প্ৰতিযোগিতাৰ বঁটাৰ দাতা ক্ৰমে প্ৰয়াত ভৱেশ গোস্বামীৰ পত্নী লীনা গগৈ গোস্বামী, প্ৰয়াত উপেন ফাংচ’ৰ পত্নী বীণাপানি ফাংচু, প্ৰয়াত উৎপল দেউৰীৰ পত্নী বন্তি দেউৰী, প্ৰয়াত বিপুল ফুকনৰ পত্নী প্ৰণালী ফুকনক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ তদুপৰি প্ৰতিগৰাকী প্ৰশিক্ষকক একোখনকৈ কৃতজ্ঞতা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সংগঠনটোৰ মুখ্য উপদেষ্টা সুৰেশ হাতীমুৰীয়াকো কৃতজ্ঞতা জ্ঞাপন কৰা হয়৷ ইয়াৰ পিছতে প্ৰশিক্ষিত শিক্ষাৰ্থীসকলে দলীয়ভাৱে জুবিন গাৰ্গ, বীৰেন্দ্ৰনাথ দত্ত, ঋতুপৰ্ণ শৰ্মাৰ কেইবাটাও কালজয়ী নিৰ্বাচিত গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ আনহাতে নৱপ্ৰজন্মৰ শিল্পী জন দাস, এলিছা চাংমাই, মানস্মিতা বৰপাত্ৰগোহাঁইৰ প্ৰত্যেকে এটিকৈ আধুনিক গীত পৰিৱেশন কৰি সন্ধিয়াটি জীপাল কৰি তোলে৷ উক্ত অনুষ্ঠানৰ মাজতে সংগীত প্ৰতিযোগিতাৰ বঁটা বিজয়ী সকলক বঁটাসমূহ উপস্থিত অতিথিবৃন্দৰ দ্বাৰা প্ৰদান কৰা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *