...

২০০ খনলৈ বৃদ্ধি হ’ব পাৰে বিধানসভাৰ আসন!

২০০ খনলৈ বৃদ্ধি হ’ব পাৰে বিধানসভাৰ আসন!

ডিব্ৰুগড়ত বিধানসভাৰ দ্বিতীয় চৌহদ নিৰ্মাণকাৰ্য

প্ৰস্তুতিৰ বুজ ল’লে অধ্যক্ষ ৰঞ্জিত দাসে

চাইন অন ডেস্ক,২০জুলাইঃ

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হোৱাৰ দিশে ডিব্ৰুগড়৷ এইখন ডিব্ৰুগড়তে নিৰ্মাণ হ’ব অসম বিধানসভাৰ দ্বিতীয় চৌহদ৷ আজি ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ স্থলীত উপস্থিত হৈ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে প্ৰকল্পটোৰ নক্সা আৰু পৰিকল্পনাৰ সামগ্ৰিক স্থিতিৰ বুজ লয়। এই ভৱনটো কেৱল এক প্ৰশাসনিক কেন্দ্ৰই নহয়, ই হ’ব ডিব্ৰুগড়ৰ ঐতিহ্য আৰু কৃষ্টি-সংস্কৃতিৰ প্ৰতিফলন। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে ৰাজ্যৰ বিধানসভাৰ আসন বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে ভৱিষ্যতে বিধায়কৰ সংখ্যা বৃদ্ধি হোৱাৰ যি সম্ভাৱনা আছে, তাক লক্ষ্য ৰাখিয়েই বৰ্তমানৰ ১২৬খন আসনৰ পৰিৱৰ্তে ২০০ আসনবিশিষ্ট এখন বৃহৎ সদন নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। তদুপৰি, পূৰ্বতে ১২৬টা বিধায়ক আৱাস নিৰ্মাণৰ কথা থকা হ’লেও, বৰ্তমানৰ পৰিকল্পনা অনুসৰি এই সংখ্যা প্ৰায় ১৭৫টালৈ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে, যাতে ভৱিষ্যতে কোনো ধৰণৰ আন্তঃগাঁথনিৰ অভাৱ নহয়। এই নতুন বিধানসভা ভৱনটো ডিব্ৰুগড়ৰ স্বকীয় স্থাপত্যশৈলী আৰু ঐতিহ্যৰ

সৈতে সামঞ্জস্য ৰাখি নিৰ্মাণ কৰা হ’ব। কেৱল ৰাজনৈতিক কাম-কাজৰ বাবেই নহয়, এই ভৱনটোক পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। এই প্ৰকল্পৰ এক বিশেষ দিশ হ’ল

ডিব্ৰুগড়ৰ বৰেণ্য ব্যক্তি তথা পুৰোধাসকলৰ অৱদানক চিৰস্মৰণীয় কৰি ৰখাৰ বাবে তেওঁলোকৰ প্ৰতিকৃতি আৰু স্মৃতি সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা। ডিব্ৰুগড়ত দ্বিতীয় ৰাজধানী স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেটৰ অনুমোদন সাপেক্ষে প্ৰায় ২৮৪ কোটি টকা আবণ্টন দিছে। যদিও নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিক শুভাৰম্ভ হোৱা নাই, তথাপিও চৰকাৰে ইয়াক এক সময়বদ্ধ প্ৰকল্প হিচাপে আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছে। অধ্যক্ষগৰাকীয়ে জনোৱা মতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত গড়কাপ্তানি বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগে কামৰ অগ্ৰগতি নিৰীক্ষণ কৰি আছে। সকলো দিশ চালি-জাৰি চাই যাতে ভৱিষ্যতে

কোনো ধৰণৰ অতিৰিক্ত ভাঙা-পতা কৰিব লগীয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰকল্পৰ নক্সাত কিছু নতুন সংযোগ কৰা হৈছে। এই পৰিদৰ্শনৰ সময়ত অধ্যক্ষৰ সৈতে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, জিলা আয়ুক্ত বিক্ৰম কৈৰী, বিভাগীয় সচিব ৰাজীৱ বৰচেইজে আৰু গড়কাপ্তানি বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে লগতে জানিবলৈ দি কয় যে, আমাৰ দৃঢ় বিশ্বাস যে অহা তিনি বছৰৰ ভিতৰত, অৰ্থাৎ এই ষষ্ঠদশ বিধানসভাৰ কাৰ্যকালতেই ডিব্ৰুগড়ৰ এই নতুন বিধানসভা ভৱনত অসম বিধানসভাৰ এখন অধিৱেশন অনুষ্ঠিত কৰিব পৰা যাব। এই অধিৱেশনৰ দিনাই ডিব্ৰুগড়ে অসমৰ দ্বিতীয় ৰাজধানী হিচাপে এক গৌৰৱময় যাত্ৰা আৰম্ভ কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *