...

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ধুবুৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

 

১৫৩টা ইয়াবা টেবলেটসহ ধৃত ১

চাইন অন ডেস্ক,১১জুলাই:

ধুবুৰীৰ আৰ. কে. মিছন ৰোড অঞ্চলত চলোৱা আৰক্ষীৰ এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ ইয়াবা টেবলেট সহ এজন ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ত হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, গোপন সূত্ৰৰ ভিত্তিত ধুবুৰী জিলা অপৰাধ দমন শাখা আৰু বি.এন. কলেজ আৰক্ষী চকীৰ যৌথ দলে যোৱাকালি ১০ জুলাইৰ নিশা ধুবুৰী চহৰৰ আৰ.কে. মিছন ৰোডত

চলোৱা এক অভিযানত ১৫৩ টা সন্দেহজনক ইয়াবা টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে। ধৃত যুৱকজন আৰ.কে. মিছন ৰোডৰ বাসিন্দা ৰাহুল প্ৰসাদ বুলি প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *