...

দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত শুভ উদ্বোধন জুবিন গাৰ্গৰ প্ৰেক্ষাগৃহ

দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত শুভ উদ্বোধন জুবিন গাৰ্গৰ প্ৰেক্ষাগৃহ

দলগাঁও,১১জুলাই:

দৰঙৰ শৈক্ষিক ক্ষেত্ৰখনত এক বিশেষ সংযোজন হিচাপে শুক্ৰবাৰে দলগাঁও আদৰ্শ জাতীয় বিদ্যালয়ত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ‘জুবিন গাৰ্গ প্ৰেক্ষাগৃহ’। বিদ্যালয়খনৰ সাংস্কৃতিক আৰু শিক্ষামূলক কাৰ্যসূচীক অধিক গতিশীল কৰি তোলাৰ স্বাৰ্থত নিৰ্মাণ কৰা এই সুসজ্জিত প্ৰেক্ষাগৃহটোৱে ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলটোৰ সাংস্কৃতিক প্ৰেমী ৰাইজৰ মাজত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে। অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নামত নামাকৰণ কৰা এই প্ৰেক্ষাগৃহটোৱে ভৱিষ্যতে বিদ্যালয়খনৰ সাংস্কৃতিক পৰিৱেশক এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি উদ্বোধনী অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তিসকলে আশা প্ৰকাশ কৰে। অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠানত দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মানস জ্যোতি বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰেক্ষাগৃহটোৰ দ্বাৰ মুকলি কৰে। অনুষ্ঠানত উপস্থিত থাকি দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ভুবনেশ্বৰ চহৰীয়া, দলগাঁও প্ৰগতি সংঘৰ সম্পাদক পুণ্যধৰ শইকীয়া, দলগাঁও সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী ৰেজিনা চুলতানা আৰু সমাজ সেৱিকা সুণপ্ৰভা শইকীয়াৰ লগতে বহুকেইগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু সমাজকৰ্মীয়ে অনুষ্ঠানটিৰ ভূয়সী প্ৰশংসা কৰে। বিদ্যালয়ৰ সৰ্বাংগীন উন্নয়ন, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ আৰু সাংস্কৃতিক চৰ্চাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই প্ৰচেষ্টাক উপস্থিত সকলোৱে আদৰণি জনায়। উল্লেখ্য যে, ২০১৩ চনত শিক্ষাবিদ ফিলচুফ উদ্দিন আহমেদে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনে অতি কম সময়ৰ ভিতৰতে দৰঙৰ শৈক্ষিক মানচিত্ৰত নিজৰ স্থান সুদৃঢ় কৰিবলৈ সক্ষম হৈছে। বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, নতুনকৈ নিৰ্মিত এই জুবিন গাৰ্গ প্ৰেক্ষাগৃহত আগন্তুক দিনত বিভিন্ন শিক্ষামূলক অনুষ্ঠান, সাহিত্য-সাংস্কৃতিক সভা, আলোচনা চক্ৰ, প্ৰতিযোগিতা আৰু সামাজিক কাৰ্যসূচী নিয়মিতভাৱে অনুষ্ঠিত কৰা হ’ব। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ সৃজনশীলতা আৰু ব্যক্তিত্ব বিকাশত এক বিশেষ সুযোগ সৃষ্টি হ’ব বুলিও কৰ্তৃপক্ষই আশা প্ৰকাশ কৰে। সমগ্ৰ অনুষ্ঠানটোত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ উপস্থিতি আছিল লক্ষণীয়। এই প্ৰেক্ষাগৃহৰ উদ্বোধনে দলগাঁৱৰ শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা কৰিলে বুলি সচেতন মহলে মন্তব্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *