...

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ নষ্টালজিয়া ‘৮৪ শৈক্ষিক বঁটা প্ৰদান

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ নষ্টালজিয়া ‘৮৪ শৈক্ষিক বঁটা প্ৰদান

চাইন অন ডেস্ক,২৮জুন:

ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৯৮৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰৰে গঠিত “নষ্টালজিয়া ‘৮৪ গোটে যোৱা এটা দশক ধৰি বিদ্যালয়ৰ পৰা উচ্চ তথা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ সকলক পুৰস্কৃত কৰি আহিছে , এই পৰম্পৰা অব্যাহত ৰাখি ২৭ জুন ২০২৬ তাৰিখে ডিব্ৰুগড়ৰ বৈৰাগীমঠ স্থিত ডিব্ৰুগড়ৰ ডি প্ৰাইম লেণ্ড ৰিজৰ্ট ত তিনিজন কৃতী ছাত্ৰ ক্ৰমে ৰাহুল লাচন, সমৰজিত হাজৰিকা আৰু অন্তৰীক্ষ বৰুৱাক নগদ দহ হেজাৰ টকা, সুদৃশ্য স্মাৰক তথা অংগ বস্ত্ৰৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানটিত ছাত্ৰ সকলক উদ্দেশ্যি নষ্টালজিয়ান ডাঃ হিতেন্দ্ৰ সোনোৱাল , মৃদুল শৰ্মা , প্ৰিয়ম বৰঠাকুৰ, অঞ্জন দাস, ৰাজীব ফুকন আদিয়ে বহুমুলীয়া বক্তব্য আগবঢ়ায়।
এই অনুষ্ঠানতে নষ্টালজিয়া ৮৪’ৰ সদস্য ৰাজেশ দাসৰ সু- পুত্ৰ গুৱাহাটী আই আই টিত অধ্যয়নৰত কৃতী ছাত্ৰ নিয়ৰ দাসকো প্ৰশস্তিপত্ৰ তথা অংগ বস্ত্ৰৰে সন্মানিত কৰা হয় ।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰীতা বৰঠাকুৰৰ এটি সুমধুৰ গীত আৰু জেনিভা বৰদলৈয়ে এটি কবিতা পাঠ কৰি অনুষ্ঠানটি সমৃদ্ধ কৰি তোলে।

Leave a Reply

Your email address will not be published. Required fields are marked *