শিক্ষা ব্যৱস্থা আইচিইউত! পৰীক্ষা ব্যৱস্থাত চৰম ব্যৰ্থতা কেন্দ্ৰীয় চৰকাৰৰঃ পৱন সিং ঘাটোৱাৰ
নীটৰ পৰা এপিছচিলৈ, প্ৰতিযোগিতামূলক পৰীক্ষাত একেৰাহে বেমেজালিৰ অভিযোগ
ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল
চাইন অন ডেস্ক,২৮জুনঃ
কেন্দ্ৰীয় চৰকাৰৰ অধীনত এনটিএৰ সহযোগত অনুষ্ঠিত নীট, চিবিএছচি, এপিছচি, ভিৱাইএপিএএম আদি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ পৰিচালনাত চৰম ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰি আজি ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিয়ে ‘ছাত্ৰ কী গুঞ্জ’ শীৰ্ষক কাৰ্যসূচীৰ আধাৰত এখন সংবাদমেল অনুষ্ঠিত কৰে। ডিব্ৰুগড় ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন কেবিনেট মন্ত্ৰী প্ৰণতি ফুকনকে ধৰি দলৰ কেইবাজনো নেতা-কৰ্মী। সংবাদমেলত ঘাটোৱাৰে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে, ‘বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা আই চি ইউত আছে।’ তেওঁ লগতে অভিযোগ কৰি কয় যে, বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছৰে পৰা দেশৰ শিক্ষা ব্যৱস্থাত একেৰাহে অস্থিৰতা আৰু বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে। বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত পুনঃ প্ৰশ্নকাকত ফাদিল, বেমেজালি আৰু অনিয়ম সংঘটিত হোৱাৰ ফলত লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যৎ অনিশ্চয়তাৰ মুখলৈ ঠেলি দিয়া হৈছে। ঘাটোৱাৰে কয়, এইবাৰৰ বিভিন্ন পৰীক্ষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনিশ্চয়তা আৰু মানসিক চাপৰ ফলত দেশজুৰি প্ৰায় ২১ গৰাকী শিক্ষাৰ্থীয়ে আত্মহননৰ পথ বাছি ল’বলগীয়া হোৱা ঘটনাই চৰকাৰৰ ব্যৰ্থতাক স্পষ্ট কৰি তুলিছে। এনে ঘটনা অতি দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি তেওঁ কয়, দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত শিক্ষাৰ্থী আৰু
অভিভাৱকৰ আস্থা ক্ৰমাৎ হ্ৰাস পাইছে। তেওঁ লগতে উল্লেখ কৰে যে, ভাৰতত অভিভাৱকসকলে সন্তানৰ উন্নত শিক্ষাৰ আশাত বছৰি প্ৰায় ১.৩ লাখ কোটি টকা কোচিং চেণ্টাৰত ব্যয় কৰিবলগীয়া হৈছে। তথাপিও চৰকাৰে শিক্ষা ব্যৱস্থাৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি তেওঁ অভিযোগ কৰে। প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগত ঘাটোৱাৰে কয়, ইমান কঠোৰ নিৰাপত্তা ব্যৱস্থা থকাৰ পিছতো যদি প্ৰশ্নকাকত ফাদিল হয়, তেন্তে সেয়া সমগ্ৰ ব্যৱস্থাটোৱেই দুৰ্নীতি আৰু অদক্ষতাই গ্ৰাস কৰাৰ প্ৰমাণ। এই সন্দৰ্ভত কংগ্ৰেছৰ ছাত্র সংগঠন এনএছইউআইয়ে ধাৰাবাহিকভাৱে চৰকাৰৰ জবাবদিহিতা আৰু দায়বদ্ধতা নিশ্চিত কৰাৰ দাবী উত্থাপন কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে। অসমৰ শিক্ষা ব্যৱস্থাকো সমালোচনা কৰি তেওঁ কয়, ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয়সমূহৰ উন্নয়নত গুৰুত্ব নিদি বিদ্যালয় বন্ধ কৰাৰ লগতে আনহাতে সুৰাৰ বিপণী স্থাপনৰ অনুমতি প্ৰদান কৰিছে। এনে নীতিৰে শিক্ষা খণ্ডৰ উন্নতি কেতিয়াও সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। দেশৰ আটাইতকৈ ডাঙৰ সমস্যা হিচাপে নিবনুৱা সমস্যাক উল্লেখ কৰি ঘাটোৱাৰে কয়, শিক্ষিত নিবনুৱাৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। চৰকাৰে সময়োপযোগী পদক্ষেপ গ্ৰহণত ব্যৰ্থ হোৱাৰ ফলতেই এই
পৰিস্থিতিৰ সৃষ্টি হৈছে। শিক্ষা ব্যৱস্থাৰ আমূল সংস্কাৰ অবিহনে দেশৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয় বুলিও তেওঁ মন্তব্য কৰে। ইয়াৰ উপৰিও তেওঁ অভিযোগ কৰে যে, চৰকাৰী বিদ্যালয়সমূহক অৱহেলা কৰি ব্যক্তিগত শিক্ষানুষ্ঠানসমূহক অধিক গুৰুত্ব দিয়াৰ ফলত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ পৰা ক্ৰমাৎ বঞ্চিত হৈ পৰিছে। সেয়ে সমাজৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে যাতে সমান সুযোগ লাভ কৰে, সেই দিশত চৰকাৰে ফলপ্ৰসূ আৰু দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে।
Like this:
Like Loading...