বিষাক্ত ধোঁৱাৰ কৱলত ঘূৰণীয়া চাহ বাগিচা শিক্ষাৰ্থী-ৰোগীৰ জীৱনলৈ ভাবুকি
প্ৰশাসনৰ নিৰ্লিপ্ততাক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া
চাইন অন ডেস্ক,২৮জুনঃ
এক অমানৱীয় পৰিস্থিতিৰ মুখামুখি হৈছে ডিব্ৰুগড়ৰ ঘূৰণীয়া চাহ বাগিচাৰ শ শ শ্ৰমিক পৰিয়াল, শিক্ষাৰ্থী আৰু ৰোগী। বাগিচাখনৰ চৌহদৰ অতি কাষতে চলি থকা এক উদ্যোগৰ পৰা নিৰ্গত বিষাক্ত ক’লা ধোঁৱাই অঞ্চলটোৰ আকাশ-বতাহ প্ৰদূষিত কৰি তোলাৰ লগতে মানুহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তুলিছে। কাৰখানাটোৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত থকা বাগিচাৰ চিকিৎসালয় আৰু প্ৰায় ১০০-১৫০ মিটাৰ দূৰত্বত থকা ঘূৰণীয়া চাহ বাগিচা প্ৰাথমিক বিদ্যালয়খন বৰ্তমান মৃত্যুৰ উপত্যকাত পৰিণত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। কালি পুৱাৰ পৰাই কাৰখানাটোৰ চিমনিৰে নিৰ্গত হৈছে প্ৰচণ্ড পৰিমাণৰ ক’লা ধোঁৱা। এই ধোঁৱাই বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু চিকিৎসালয়ৰ কেবিনসমূহ আগুৰি ধৰাত পৰিস্থিতি অসহনীয় হৈ পৰে। বিশেষকৈ শিশুসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক পৰিছে। বিদ্যালয়ৰ শিক্ষকসকলে জনোৱা মতে, কালিৰ দৰে পৰীক্ষাৰ দিনটোতো ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনা কৰিবলৈ দিয়াটো দূৰৈৰ কথা, শ্বাস-প্ৰশ্বাস লোৱাটোও কঠিন হৈ পৰিছে। কেইবাগৰাকীও শিশু শিক্ষাৰ্থীয়ে বমি আৰু উশাহ লোৱাত কষ্ট পোৱাৰ দৰে গুৰুতৰ সমস্যাত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। চিকিৎসালয়খনৰ ৰোগীসকলেও একেই ভয়াবহ অভিজ্ঞতাৰ সন্মুখীন হৈছে, য’ত ধোঁৱাৰ প্ৰকোপত তেওঁলোকৰ শৰীৰৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিছে। ঘূৰণীয়া চাহ বাগিচাৰ দৰে এখন ঘনবসতিপূৰ্ণ আৰু সংবেদনশীল এলেকাত ইমান বৃহৎ পৰিমাণৰ প্ৰদূষণ সৃষ্টি কৰা কাৰখানা স্থাপনৰ অনুমতি কেনেকৈ প্ৰদান কৰা হ’ল, সেয়া এতিয়া এক কোটি টকীয়া প্ৰশ্ন হৈ পৰিছে। উদ্যোগ স্থাপনৰ পূৰ্বে স্থানীয় ৰাইজৰ বা পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিব সেই সন্দৰ্ভত কোনো ধৰণৰ জনশুনানি বা জৰীপ চলোৱা হৈছিল নেকি, সেয়া ৰহস্যৰ বিষয়। স্থানীয় ৰাইজৰ অভিযোগ, কোনো এক অদৃশ্য শক্তিৰ আশীৰ্বাদত বা প্ৰশাসনৰ একাংশ বিষয়াৰ সৈতে ‘মেনেজ’ কৰি এই কাৰখানাৰ মালিক পক্ষই সকলো নীতি-নিয়মক ভেঙুচালি কৰিছে। আৱাসিক এলেকাৰ ইমান কাষত এই ধৰণৰ উদ্যোগ চলোৱাটো আইনবিৰোধী বুলি দাবী কৰিছে স্থানীয় সচেতন মহলে। পৰিস্থিতিৰ ভয়াৱহতা অনুভৱ কৰি বিদ্যালয়ৰ শিক্ষক, পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিষয়টো সম্পৰ্কে মেনেজাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছে। ৰাইজৰ দাবী অতি স্পষ্ট—মানুহৰ জীৱন আৰু স্বাস্থ্যৰ সৈতে হেতালি খেলা এই কাৰখানাটো এই অঞ্চলৰ পৰা তৎকালীনভাৱে স্থানান্তৰ কৰিব লাগে। ধোঁৱাৰ ক’লা আৱৰণত আৱদ্ধ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু চিকিৎসালয়ৰ ৰোগীসকলক ৰক্ষা কৰিবলৈ জিলা প্ৰশাসনক অতি শীঘ্ৰে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে। যদি অনাগত দিনত প্ৰশাসনে এই বিষয়টোত গুৰুত্ব প্ৰদান নকৰে, তেন্তে স্থানীয় ৰাইজে এক গণ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে। বৰ্তমান সমগ্ৰ ঘৰণীয়া চাহ বাগিচা অঞ্চলত এক গভীৰ উদ্বেগ আৰু আতংকময় পৰিৱেশ বিৰাজ কৰিছে। প্ৰশ্ন কেৱল উদ্যোগৰ নহয়, প্ৰশ্ন হৈছে শ শ নিষ্পাপ শিশু আৰু ৰুগীয়া শ্ৰমিকৰ ভৱিষ্যতৰ।