ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস ২০২৬ — ডিব্ৰুগড় জিলাত বৃহৎ পালছ পলিঅ’ টীকাকৰণ অভিযান
৯৫৩ টা বুথত ৫ বছৰৰ তলৰ ১,৮৬,৯০৭ জন লক্ষ্যভুক্ত শিশুক পাল্ছ পলিঅ’ টীকা প্ৰদান
চাইন অন ডেস্ক,২৮ জুন:
পলিঅ’ এক অতি গুৰুতৰ আৰু সংক্ৰামক ভাইৰাছজনিত ৰোগ, যিয়ে মূলতঃ ৫ বছৰৰ তলৰ শিশুক আক্ৰান্ত কৰে আৰু স্থায়ী পংগুত্বৰ সৃষ্টি কৰিব পাৰে। এই ৰোগৰ কোনো নিৰাময় নাই যদিও সময়মতে পালছ পলিঅ’ টীকাৰ দুটা টোপাল গ্ৰহণৰ জৰিয়তে ইয়াক সম্পূৰ্ণৰূপে প্ৰতিহত কৰিব পাৰি। সেয়েহে ভাৰত চৰকাৰে পলিঅ’মুক্ত ভাৰতৰ লক্ষ্য অক্ষুণ্ণ ৰাখিবলৈ প্ৰতিবছৰে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰি আহিছে। এই ধাৰাবাহিকতা বজাই ৰাখি আজি ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ শুভ উন্মোচনীৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলাত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস উদযাপন কৰা হয়।
এই মহৎ অভিযানৰ বাবে ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। জিলাখনৰ মুঠ ৯৫৩ টা বুথত টীকাকৰণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে বুথসমূহত ৫ বছৰৰ তলৰ ১,৮৬,৯০৭ জন লক্ষ্যভুক্ত শিশুক পাল্ছ পলিঅ’ টীকা প্ৰদান কৰা হ’ব। সমগ্ৰ কাৰ্যসূচী সুকলমে পৰিচালনাৰ বাবে ৩,৭০৬ জন প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্যকৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মী আৰু তত্ত্বাৱধায়ক নিয়োজিত কৰা হ’য়। প্ৰথম দিনা অৰ্থাৎ ২৮ জুনত নিৰ্ধাৰিত বুথসমূহত পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ টীকাকৰণ চলে।
প্ৰথম দিনা বুথলৈ আহিব নোৱাৰা বা বাদ পৰা শিশুৰ বাবে ২৯ আৰু ৩০ জুন, ২০২৬ তাৰিখে ঘৰে ঘৰে গৈ টীকাকৰণ অভিযান চলোৱা হ’ব। স্বাস্থ্যকৰ্মীৰ দলসমূহে প্ৰতিখন ঘৰলৈ গৈ ৫ বছৰৰ তলৰ কোনো শিশু যাতে টীকাৰ পৰা বঞ্চিত নহয়, সেয়া নিশ্চিত কৰিব। উল্লেখযোগ্য যে শিশুৱে পূৰ্বে নিয়মীয়া টীকাকৰণত বহুবাৰ পলিঅ’ টীকা গ্ৰহণ কৰি থাকিলেও এই ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসত পুনৰ টীকা খুওৱাটো অত্যন্ত জৰুৰী। প্ৰতিটো অতিৰিক্ত ড’জে শিশুৰ শৰীৰত পলিঅ’ ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা অধিক শক্তিশালী কৰি তোলে আৰু সম্প্ৰদায়ৰ পৰা ভাইৰাছ নিৰ্মূল কৰাত সহায় কৰে।উল্লেখযোগ্য যে, আজি ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ত অনুষ্ঠিত শুভ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় মিউনিচিপাল ক’ৰপৰেশ্যনৰ মেয়ৰ ডাঃ চৈকত পাত্ৰ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বড়া, অতিৰিক্ত মুখ্য স্বাস্থ্য আৰু
চিকিৎসা বিষয়া ডাঃ বিশ্বজিৎ বৰুৱা, জিলা টীকাকৰণ বিষয়া ডাঃ: গায়ত্ৰী বৰা, এছ.ডি.এম. এণ্ড এইচ.অ’ (ডিব্ৰুগড় মুখ্য কাৰ্যালয়) ডাঃ স্মিতা গোহাঁই, ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ উৎপলা বৰুৱা, বিশ্ব স্বাস্থ্য সংস্থাৰ এছ.এম.অ’ ড° দীপক কৰ, জিলা প্ৰতিষেধক কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান
ডিব্ৰুগড়ৰ বিষয়া -কৰ্মচাৰী, স্বাস্থ্যকৰ্মী,স্থানীয় কণমাণি ,অভিভাৱক আৰু ৰাইজ উপস্থিত থাকে।উদ্বোধনী ভাষণত মেয়ৰ চৈকত পাত্ৰই পলিঅ’মুক্ত ভাৰতৰ সাফল্য অটুট ৰাখিবলৈ প্ৰতিগৰাকী শিশুক পলিঅ’ ভেকচিনৰ দুটা টোপাল প্ৰদান কৰাটো সকলোৰে সামূহিক দায়িত্ব বুলি উল্লেখ কৰে । ইয়াৰ উপৰিও উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত উপস্থিত বক্তাসকলে পলিঅ’মাইলাইটিছৰ দৰে পক্ষাঘাতজনক ৰোগ পুনৰ যাতে দেখা নিদিয়ে, তাৰ বাবে নিয়মীয়া প্ৰতিষেধক
কাৰ্যসূচীৰ লগতে ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ সফল ৰূপায়ণ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মত পোষণ কৰে । স্বাস্থ্য বিভাগ, আশা কৰ্মী, অংগনবাড়ী কৰ্মী, স্বেচ্ছাসেৱক আৰু সমাজৰ সক্ৰিয় সহযোগিতাৰ জৰিয়তেই এই লক্ষ্য সফল কৰিব পৰা যাব বুলিও তেওঁলোকে মত প্ৰকাশ কৰে। ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে সকলো অভিভাৱক, স্থানীয় ৰাইজ, গাঁও পঞ্চায়ত, সামাজিক সংগঠন, ধৰ্মীয় অনুষ্ঠান আৰু গণমাধ্যমৰ প্ৰতিনিধিক এই কাৰ্যসূচী সফল কৰি তুলিবলৈ সক্ৰিয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ৫ বছৰৰ তলৰ প্ৰতিগৰাকী শিশুক ২৮ জুনত নিকটস্থ বুথলৈ লৈ গৈ আৰু ঘৰে ঘৰে যোৱা স্বাস্থ্যকৰ্মীক সম্পূৰ্ণ সহযোগ কৰাৰ আন্তৰিক আহ্বান জনাইছে ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে।
Like this:
Like Loading...