...

ডিব্ৰুগড়ত ‘ইয়ং ইণ্ডিয়ান পাৰ্লিয়ামেন্ট-২০২৬’ সম্পন্ন

ডিব্ৰুগড়ত ‘ইয়ং ইণ্ডিয়ান পাৰ্লিয়ামেন্ট-২০২৬’ সম্পন্ন

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উদ্যোগ

চাইন অন ডেস্ক,১৮জুন:

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ উদ্যোগত ডিব্ৰুগড় জিলা আভ্যন্তৰীণ পৰীক্ষা সমিতিয়ে ডিব্ৰু মহাবিদ্যালয়ৰ সহযোগত আয়োজন কৰা ‘ইয়ং ইণ্ডিয়ান পাৰ্লিয়ামেন্ট-২০২৬’ শীৰ্ষক জিলা পৰ্যায়ৰ প্ৰতিযোগিতাখন আজি অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ বিদ্যালয় সমূহৰ পৰা অহা প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই যুৱ সংসদত ‘শিশুসকলৰ অনলাইন সুৰক্ষা আৰু সামাজিক মাধ্যম নিয়ন্ত্ৰণ বিধেয়ক, ২০২৬’ সন্দৰ্ভত বিতং বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হয়। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আৰু সদস্যসকলৰ শপত গ্ৰহণেৰে আৰম্ভ হোৱা সংসদৰ কাৰ্যসূচী পৰিচালনা কৰি সদনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰে ডি.এইচ.এচ.কে. মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বিৰাজ দত্তই। প্ৰতিযোগিতাত শ্ৰেষ্ঠ সাংসদ আৰু শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে ক্ৰমে ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী সীমা চাহু আৰু পি.এম.শ্ৰী জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মুনমী শইকীয়াই। এই দুইগৰাকী ছাত্ৰীয়ে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক ভিত্তিক যুৱ সংসদত ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰি প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ বিৰোধী সদস্যৰ সন্মান আৰু জুৰিৰ বিশেষ বঁটা লাভ কৰে পি.এম.শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী ক্ৰমে ইন্দিৰা দাস আৰু ৰূপজ্যোতি কোঁৱৰে। আনহাতে আজিৰ প্ৰতিযোগিতাৰ সকলো প্ৰতিযোগীকে একোখনকৈ মানপত্ৰৰে পুৰস্কৃত কৰা হয়। প্ৰতিযোগিতাত জুৰি সদস্য হিচাপে দায়িত্ব পালন কৰে ডি.ডি.আৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰনেন্দ্ৰ খাউণ্ড আৰু মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ অনিতা শৰ্মাই। ডিব্ৰু মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰতিযোগিতাৰ বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকি ডিব্ৰুগড় জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰঞ্জন চাংমাইয়ে বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰে। সামগ্ৰিকভাৱে অনুষ্ঠানটোৰ আঁত ধৰে ধমন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক অভিজিত নেওগে।

Leave a Reply

Your email address will not be published. Required fields are marked *