বাৰিষা আগমনৰ লগে লগেই বিভিন্ন সংক্ৰমণ ৰোগৰ বৃদ্ধি হোৱাত স্বাস্থ্য বিভাগৰ দায়িত্ব আৰু মনোনিবেশ যথেষ্ট বৃদ্ধি পায়।এতিয়া জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে যদিও ডিব্ৰুগড় জিলাত এই পৰ্যন্ত তেনে কোনো ৰোগী চিনাক্তকৰণ বা চিকিৎসাধীন হৈ থকাৰ বাতৰি লাভ কৰা নাই। স্বাস্থ্য বিভাগৰ সূত্ৰৰ মতে জিলাৰ বিভিন্ন প্ৰান্তৰ মুঠ ১২ গৰাকী লোক জাপানীজ সদৃশ ৰোগত আক্ৰান্ত হৈ অসম মেডিকেল কলেজত বৰ্তমানে চিকিৎসাধীন হৈ আছে যদিও সকলো বিপদমুক্ত। কিন্তু ইয়াৰ বিপৰীতে অৰুণাচলৰ নামচাই অঞ্চলৰ এগৰাকী,ধেমাজিৰ দুগৰাকী আৰু চৰাইদেউ জিলাৰ এগৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।ইয়াৰে এগৰাকী ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হোৱাৰ খবৰ লাভ কৰা হৈছে।জিলাখনৰ স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰে যে জিলাখনত মুঠ ৬০ হাজাৰৰ অধিক আঠুৱা ঔষধযুক্ত কৰি তোলাৰ লগতেই জনসাধাৰণৰ মাজত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।যাৰ ফলত ডিব্ৰুগড় জিলাত এই পৰ্যন্ত জাপানীজ এনকেফেলাইটিছ ৰোগ বিয়পিব পৰা নাই।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.