ডিব্ৰুগড়ত তিনিদিনীয়া ‘জনকল্যাণ শিবিৰ ২০২৬’ৰ শুভাৰম্ভণি
চৰকাৰী আঁচনিসমূহৰ সুবিধা জনসাধাৰণৰ কাষলৈ
চাইন অন ডেস্ক,১৮জুন:
জনসাধাৰণক চৰকাৰী বিভিন্ন আঁচনিৰ সুবিধা সহজে উপলব্ধ কৰোৱা, আঁচনিসমূহৰ বিষয়ে ৰাইজক সজাগ কৰোৱা, অভিযোগসমূহৰ সমাধান আৰু তৃণমূল পৰ্যায়ত জনকল্যাণমূলক সেৱা প্ৰদানৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধান সভা সমষ্টিত তিনিদিনীয়া ‘জনকল্যাণ শিবিৰ, ২০২৬’ আজিৰ পৰা আৰম্ভ হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুদীৰ্ঘ ১২ বছৰীয়া কাৰ্যকালত জনসাধাৰণৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সফল ৰূপায়ণৰ খতিয়ান ৰাইজৰ মাজত উপস্থাপন কৰাই এই শিবিৰৰ মূল লক্ষ্য। ডিব্ৰুগড় সমষ্টিৰ মূল কাৰ্যসূচীত ডিব্ৰুগড় বিধান সভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া আৰু অন্যান্য গণ্য-মান্য ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
এই জনকল্যাণ শিবিৰত বিভিন্ন চৰকাৰী আঁচনি আৰু সেৱাসমূহ প্ৰদৰ্শন কৰাৰ লগতে জনসাধাৰণৰ সুবিধাৰ্থে সেৱাসমূহ সহজলভ্য কৰি তোলা হৈছে। নাগৰিকসকলক আয়ুষ্মান ভাৰত-পিএম জন আৰোগ্য যোজনা, পিএম জন ধন যোজনা, পিএম কিষাণ সন্মান নিধি, কিষাণ ক্ৰেডিট কাৰ্ড, পিএম ফচল বীমা যোজনা, পিএম আৱাস যোজনা (গ্ৰাম্য আৰু নগৰীয়া), পিএম স্বনিধি), ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী, অৰুণোদয় ৩.০, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (MMUA), নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানকে
ধৰি জনসাধাৰণৰ সামাজিক-অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰা হয়।
এই শিবিৰসমূহত ৰাইজৰ সজাগতা বৃদ্ধি আৰু চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ বিভিন্ন গুৰুত্বপূৰ্ণ উন্নয়নমূলক তথা জনকল্যাণকামী বিষয় সামৰি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হয়। এই প্ৰদৰ্শনীসমূহত দৰিদ্ৰতা নিৰ্মূল আৰু খাদ্য সুৰক্ষা, স্বাস্থ্য আৰু সামাজিক সুৰক্ষা, মহিলা সৱলীকৰণ, নিযুক্তি, স্ব-নিযুক্তি আৰু
উদ্যোগিতা, শ্ৰমিক আৰু অসংগঠিত খণ্ডৰ কল্যাণ, অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST), অন্যান্য পিছপৰা শ্ৰেণী (OBC), চাহ জনগোষ্ঠী আৰু সংখ্যালঘুসকলৰ কল্যাণ, দুৰ্যোগ ব্যৱস্থাপনা আৰু জলবায়ু সহনশীলতাৰ লগতে ‘বিকশিত ভাৰত @ ২০৪৭’ আৰু ‘বিকশিত অসম’ৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰা হৈছে। এই প্ৰদৰ্শনীসমূহে চৰকাৰী আঁচনিসমূহৰ বিষয়ে তথ্য প্ৰচাৰ কৰাৰ লগতে নাগৰিকসকলক বিভিন্ন সুবিধা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাত এক ফলপ্ৰসূ মঞ্চ হিচাপে কাম কৰিছে।
জিলাখনৰ বিভিন্ন প্ৰান্তত এই শিবিৰসমূহ অনুষ্ঠিত হৈছে। চাবুৱা-লাহোৱাল সমষ্টিৰ বাবে নিৰ্ধাৰিত শিবিৰটো জগন্নাথ কমিউনিটি চেণ্টাৰ, ডিকমত অনুষ্ঠিত হৈছে, য’ত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে উপস্থিত থাকি শিবিৰটো পৰিদৰ্শন কৰে। ডিব্ৰুগড় সমষ্টিৰ বাবে নতুন বহুমুখী ভৱনৰ গ্ৰাউণ্ড ফ্লোৰত এই ব্যৱস্থা কৰা হৈছে। আনহাতে, খোৱাং সমষ্টিৰ বাবে কোটোহা নাওজান খেলপথাৰত শিবিৰ অনুষ্ঠিত হৈছে, বিধায়ক চক্ৰধৰ গগৈয়ে উপস্থিত থাকি শিবিৰটো
পৰিদৰ্শন কৰে। ইয়াৰ উপৰিও দুলীয়াজান সমষ্টিৰ বাবে ধৰিয়া হাতীবন্ধা জি.পি. অন্তৰ্গত ডিঘলীয়া ধৰিয়া এম.ই. স্কুলৰ কাষৰ কমিউনিটি হল, টিংখং সমষ্টিৰ বাবে ৰাজগড়ৰ জুৰীয়া আই থানৰ কাষৰ প্ৰেক্ষাগৃহ আৰু নাহৰকটীয়া সমষ্টিৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কমিউনিটি হলত এই শিবিৰৰ স্থান নিৰ্ধাৰণ কৰা হৈছে।
এই তিনিদিনীয়া শিবিৰ ২০ জুনলৈকে চলিব। জিলা প্ৰশাসনে জিলাখনৰ সকলো ৰাইজক এই শিবিৰসমূহলৈ আহি চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Like this:
Like Loading...