...

ক’ত হেৰাল ভাৰত- বাংলাদেশ উন্মুক্ত নদী সীমান্তৰ নীৰিক্ষণ চকী!

ক’ত হেৰাল ভাৰত- বাংলাদেশ উন্মুক্ত নদী সীমান্তৰ নীৰিক্ষণ চকী!

কেইবা শ কোটি টকীয়া তিনিটাকৈ ভাসমান নীৰিক্ষণ চকীৰ অৱস্থিতি কত ?

ধুবুৰী,৪জুন:

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ প্ৰায় ২৩ বছৰ উকলিবৰ হ’ল যদিও অসমলৈ আহি নাপালে ৰাজ্যৰ ভাৰত বাংলাদেশৰ মাজৰ উন্মুক্ত নদী সীমান্তত
ব্যৱহাৰ কৰাৰ বাবে নিৰ্মাণ কৰা কেইবা শ
কোটি টকীয়া তিনিটাকৈ ভাসমান নিৰীক্ষণ চকী (ফ্ল’টিং বিঅ’পি)। উল্লেখ্যে যে অসমৰ মুঠ ২৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তৰ ১৩৪ কিলোমিটাৰেই আছে ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত৷ মুঠ ১৩৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সীমান্তৰ ৯০ কিলোমিটাৰ হ’ল স্থল সীমান্ত। বাকী ৪৪ কিলোমিটাৰেই হ’ল সম্পূৰ্ণ ৰূপে উন্মুক্ত নদী সীমান্ত৷ তাৰেই পৰিপ্ৰেক্ষিতত, ২০০৩ চনতেই তদানীন্তন কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্যখনৰ বাংলাদেশৰ সৈতে থকা নদী সীমান্তত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিবলৈ তিনিটাকৈ ভাসমান নীৰিক্ষণ চকী (ফ্লটিং বিওপি চমুকৈ এফবিঅ’পি) নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল৷ তাকে দুটা এফবিঅ’পি তদানীন্তন ধুবুৰী জিলা (অধুনা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা)ত আৰু তৃতীয়টো কৰিমগঞ্জৰ নদী সীমান্তত ব্যৱহাৰ কৰাৰ বাবে বিএছএফক প্ৰদান কৰাৰ পৰিকল্পনা কৰা হৈছিল। সেই মৰ্মে ২০০৫ চনতেই ভাৰত চৰকাৰৰ অধীনস্থ “মাজগাওঁ ডক লিমিটেড” (এমডিএল)-এ কেইবা শ কোটি টকা ব্যয়েৰে কলকাতাৰ খিদিৰপুৰ ডকত তিনিটাকৈ এফবিওপি. নিৰ্মাণ কৰি উলিয়াইছিল৷ উল্লেখ্য যে, প্ৰথমাৱস্থাত সেই ভাসমান নীৰিক্ষণ চকী তিনিটা গুৱাহাটীৰ পাণ্ডুত নিৰ্মাণ কৰাৰ কথা আছিল যদিও উপযুক্ত আন্তঃগাঁথনি নথকাৰ পৰিপ্ৰেক্ষিতত এমডিএলে ক’লকাতাৰ খিদিৰপুৰ ড’কত নিৰ্মাণ কৰিছিল সেই তিনিটা। ২৪০০ বৰ্গ ফুটৰ এই সেই ভাসমান নিৰীক্ষণ চকীৰ প্ৰতিটোতে কেইবাটাও স্পীড বোট, অত্যাধুনিক যোগাযোগ ব্যৱস্থাপনাকে ধৰি প্ৰতিটো এফবিঅ’পিত ১০০ গৰাকীকৈ জোৱান থকাৰ ব্যৱস্থা আছিল। কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত সেই কেইটা নদীপথেদি বাংলাদেশ হৈ অসমলৈ অনাৰ সময়ত সৃষ্টি হৈছিল জটিলতাৰ। বাংলাদেশৰ তদানীন্তন খালেদা জিয়া নেতৃত্বাধীন চৰকাৰখনে আভ্যন্তৰীণ নিৰাপত্তাৰ দোহাই দি
দেশখনৰ জলপথ ব্যৱহাৰ কৰাৰ অনুমতি নিদিয়াৰ বাবে সেই এফবিঅ’পি কেইটা আনিব পৰা যোৱা নাছিল অসমলৈ। ফলত পিছলৈ গৈ অসমৰ ভাৰত-বাংলাদেশৰ মাজৰ নদী সীমান্তত ব্যৱহাৰ কৰিবলৈ বাবে নিৰ্মাণ কৰা সাগৰ, দূৰ্গা আৰু কামাখ্যা নামৰ অত্যাধুনিক সেই এফবিঅ’পি কেইটা চুবুৰীয়া পশ্চিমবংগৰ সুন্দৰবন অঞ্চলৰ ভাৰত বাংলাদেশৰ উন্মুক্ত নদী সীমান্তত ব্যৱহাৰ কৰিবলৈ লৈছিল বিএছফে।

Leave a Reply

Your email address will not be published. Required fields are marked *