...

ৰেডিঅ’ জ্ঞানমালিনীত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ’নিৰ্মল ভকত’ৰ উপন্যাস পাঠৰ অনুষ্ঠান

ৰেডিঅ’ জ্ঞানমালিনীত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ’নিৰ্মল ভকত’ৰ উপন্যাস পাঠৰ অনুষ্ঠান

চাইন অন ডেস্ক,৩জুন:

ডিব্ৰুগড় বিশ্ববিদ্যালয়স্থিত ৰেডিঅ’ জ্ঞানমালিনীৰ মজিয়াত যোৱা ২ জুনৰ বিয়লি ভাগত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ কালজয়ী উপন্যাস “নিৰ্মল ভকত”ৰ উপন্যাস পাঠ অনুষ্ঠানৰ শুভাৰম্ভ কাৰ্যসূচী হৈ যায় । প্ৰথিতযশা উপন্যাসিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ সুযোগ্য নাতি যশস্বী সঙ্গীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে জ্ঞানমালিনী আৰু তিলক দুৱৰা আৰু গোলাপ শৰ্মা স্মৃতি ৰক্ষা ন্যাসে লোৱা এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে মহান উপন্যাসিক গৰাকীক শ্ৰদ্ধা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে । তাৰ পিছত নিৰ্ম্মল ভকতৰ প্ৰথম খণ্ডটি উপস্থিত ব্যক্তিসকলক শুনোৱাৰ পৰবৰ্তী সময়ত নিৰ্মল ভকত উপন্যাসৰ উদোক্তা নাট্যকৰ্মী প্ৰদীপ দুৱৰা আৰু ড ‘ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যাপিকা পল্লৱী ডেকা বুজৰবৰুৱাই তেখেত সকলৰ অনুভৱত উপন্যাস সম্ৰাট গৰকীৰ অমৰ সৃষ্টি নিৰ্মল ভকতৰ সন্দৰ্ভত বৰ সাৱলীলভাৱে বক্তব্য ৰাখে । ৰেডিঅ’ জ্ঞানমালিনী’ৰ অনুষ্ঠান কাৰ্যবাহী স্বপ্নালী ভূঞাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত নিৰ্মল ভকত উপন্যাসত ভাগ লোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপাল হাজৰিকা, প্ৰদীপ দুৱৰা, মনোজ কুমাৰ বৰুৱা, কল্যাণ বৰুৱা, ডাঃ সুশান্ত বৰদলৈ,ড’ মৃণাল বৰুৱা আদিৰ লগতে জ্ঞানমালিনীৰ ঘোষিকা পৰশমণি বৰগোহাঁই দিহিঙীয়া, পল্লৱী গগৈ , উদ্দীপনা শইকীয়া, প্ৰাঞ্জল বৰুৱা, কংকণা গগৈ মনদ্বীপ গগৈ, লিজা সোনোৱাল, তৃষ্ণা বৰা আদি অনুষ্ঠান পৰিবেশিকা সকল । উল্লেখযোগ্য যে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অমৰ সৃষ্টি নিৰ্মল ভকত প্ৰতি দেওবাৰে সন্ধিয়া ৬ বাজি ৫ মিনিটত আৰু সোমবাৰে পুৱা ১০-১৫ বজাত
সম্প্ৰচাৰ কৰা হ’ব । শ্ৰোতা সকলে আদৰি ল’ব বুলি উদ্যোক্তা সকল আশাবাদী । এই উপন্যাসৰ পাঠ দৰ্শক শ্ৰোতাই FM 90.8 MHz ত ৰেডিঅ’ জ্ঞানমালিনী’ত শুনিবলৈ পাব ।

Leave a Reply

Your email address will not be published. Required fields are marked *