...

উন্নয়নে ঢুকি নোপোৱা এখন গাঁও

উন্নয়নে ঢুকি নোপোৱা এখন গাঁও

বিড়ম্বনাত জীয়াতু ভূগিছে জনতাই

চাইন আন ডেস্ক,৩জুন:

স্বাধীনতাৰ সাত দশকৰ পাছতো উন্নয়নে ঢুকি পোৱা নাই নৱগঠিত বকো-ছয়গাঁও সমষ্টিৰ ৩৯ নং পশ্চিম বেকেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত ১নং উত্তৰ ছেখাদাৰী গাঁৱখন ৷ গাঁৱত প্ৰৱেশৰ মুঠ তিনিটা পথৰ এটাও পকীকৰণ নোহোৱাত বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভূগি আছে অঞ্চলবাসী ৰাইজে ৷ বিশেষকৈ বাৰিষা হ’লেই যাতায়ত বিড়ম্বনাই টোপনি হৰে গাঁৱবাসীৰ৷ গাঁৱখনৰ মাজেৰে বৈ যোৱা ছিঙুৱা নদীৰ ওপৰত দুঠাইত দলং নোহোৱাৰ ফলত প্ৰতি বাৰিষাই বিমোৰত পৰে গাঁৱবাসী ৷ বাৰিষা জীউটো বুকুত বান্ধি জৰাজীৰ্ণ বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ আহযাহ কৰিবলগীয়া হয় গাঁৱখনৰ ছাত্ৰ-ছাত্ৰীসকলে৷ ইয়াৰোপৰি জৰুৰীকালীন অৱস্থাতো গাঁৱখনত এম্বুলেন্স কিম্বা গাড়ী প্ৰৱেশ কৰিব পৰা যাতায়তৰ কোনোধৰণৰ সুব্যৱস্থা নথকাৰ ফলত তৎকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱাৰো বহু উদাহৰণ আছে৷ ইতিমধ্যেই দলং খনত বহু দুৰ্ঘটনা সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে।
একপ্ৰকাৰ বাৰিষা হ’লেই যেন পদ্মপুৰৰ পৰা বাগডোবা সংযোগী পথচোৱা বন্ধ হৈ পৰে৷ সেয়েহে গাঁৱখনৰ ৰাইজে স্থানীয় নৱনিৰ্বাচিত স্থানীয় বিধায়ক ৰাজু মেচক গাঁৱখনৰ যাতায়ত ব্যৱস্থা সুচল কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি গাঁৱবাসীক যাতায়তৰ ক্ষেত্ৰত সকাহ দিবলৈ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *