ভাৰত-বাংলাদেশ সীমান্তৰ স্মাৰ্ট ফেঞ্চিং ব্যৱস্থাপনা
সীমান্তত নিশ্ছিদ্র নিৰাপত্তা ব্যৱস্থা দিয়া-নিদিয়াক লৈ প্ৰশ্ন!
চাইন অন ডেস্ক,৩জুন:
বিভিন্ন সময়ত নামনি অসমৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰ্গম অঞ্চলেৰে অবৈধ ভাবে অসমত প্ৰৱেশ কৰা বাংলাদেশী নাগৰিক কৰায়ত্ত হোৱা দেখা গেছে। তদুপৰি, জিলা দুখনৰ উন্মুক্ত নদী সীমান্তইদি পূৰ্বৰ তুলনাত কিছু হ্ৰাস পাইছে যদিও বৰ্তমানেও অব্যাহত আছে পশুধনকে ধৰি অন্যান্য সামগ্ৰীৰ
চোৰাং কাৰবাৰ। ফলত স্বাভাৱিক ভাবেই, জিলা দুখনৰ ভাৰত-বাংলাদেশ সীমান্তৰ এক বিস্তীৰ্ণ অঞ্চলত নিৰ্মাণ কৰা “স্মাৰ্ট ফেঞ্চিং” ব্যৱস্থাপনাৰ কাৰ্যকাৰিতাক লৈ সময়ে সময়ে উত্থাপিত হৈ আহিছে প্ৰশ্নৰ। উল্লেখ্য যে, ২০১৯ চনৰ ৫ মাৰ্চৰ
দিনা তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিংসহ ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ অতি দূৰ্গম বৰ্মনপাৰা সীমান্ত নীৰিক্ষণ চকী (বিঅ’পি)ত উপস্থিত হৈছিল আৰু সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চপদস্থ বিষয়াবৰ্গৰ উপস্থিতিত ভাৰত-বাংলাদেশ সীমান্ত নীৰিক্ষণৰ এক অত্যাধুনিক পদ্ধতিৰ শুভাৰম্ভ কৰিছিল৷ “কম্প্ৰিহেনচিভ ইনটিগ্ৰেডেড বোৰ্ডাৰ মেনেজমেন্ট চিচটেম” ( চি. আই.বি.এম.চি.) নামৰ এক আঁচনীৰ অধীনত নিৰ্মাণ কৰি উলিওৱা বোল্ড-ক্যুইট (BOLD-QIT :- Border electronically dominated quick response team interception technique) নামৰ অত্যাধুনিক সেই পদ্ধতিৰ সহায়ত ধুবুৰীৰ বিন্নাচৰাৰ পৰা মানকাচৰৰ শিশুমাৰালৈ প্ৰায় ৬১ কিলোমিটাৰ দৈৰ্ঘৰ ভাৰত-বাংলাদেশ সীমান্তত এক কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱ হ’ব বুলিও দাৱী কৰা হৈছিল। এই পদ্ধতিৰে সীমান্তৰ পানী, বায়ু, স্থলৰ উপৰিও ভূ-গৰ্ভইদিও হ’ব পৰা যিকোনো সম্ভাৱ্য অনুপ্ৰৱেশ ৰোধ কৰা সম্ভৱপৰ হ’ব বুলি সদৰি কৰিছিল সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ বিশেষজ্ঞসকলে৷ মাটিৰ তলত অপ্টিকেল ফাইবাৰ ছিষ্টেম, জলপথত চেঞ্চৰযুক্ত “ছ’নাৰ
ছিষ্টেম”, শূন্যত “হাই ৰিজলুচন কেমেৰা” থকাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সীমাত “লেজাৰ ছিষ্টেম”ৰ মিলিত সমন্বয়ৰ সেই
অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত কেৱল স্থল সীমান্তই নহয়, উন্মুক্ত নদী সীমান্ততো কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা সম্ভৱপৰ হ’ব বুলিও দাৱী কৰা পোৱা গৈছিল বিএছএফৰ শীৰ্ষ বিষয়াবৰ্গই৷ কিন্তু, বিভিন্ন সময়ত জিলা দুখনৰ ভাৰত-বাংলাদেশ সীমান্তইদি বাংলাদেশী নাগৰিকৰ অবৈধ অনুপ্ৰৱেশৰ ঘটনাকে ধৰি বৰ্তমানেও অব্যাহত থকা পশুধন আৰু অন্যান্য সামগ্ৰীৰ চোৰাং কাৰবাৰৰ ঘটনাই স্বাভাবিক ভাবেই স্মাৰ্ট ফেঞ্চিং ব্যৱস্থাপনাই নিশ্ছিদ্র নিৰাপত্তা প্ৰদান কৰা-নকৰাক লৈ উত্থাপিত হৈছে প্ৰশ্নৰ।
Like this:
Like Loading...