লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ আৰম্ভ
চাইন অন ডেস্ক,২জুন:

উদ্বোধনী অধিবেশনত জ্যেষ্ঠ লোকপিয়ল বিষয়াসকলে অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱাৰ লগতে লোকপিয়ল ২০২৭ৰ এক সামগ্ৰিক আভাস দাঙি ধৰে। ইয়াত কৰ্মীসকলৰ ভূমিকা, আইনী বিধান, পুঁজি ব্যৱস্থাপনা, জনশক্তি নিয়োগ আৰু প্ৰচাৰ কাৰ্যসূচীৰ ওপৰত আলোকপাত কৰাৰ উপৰিও গৃহ তালিকাভুক্তকৰণৰ বিভিন্ন ধাৰণা আৰু প্ৰশ্নাৱলীৰ বিস্তৃত ব্যাখ্যা আগবঢ়োৱা হয়। এই প্ৰশিক্ষণৰ এক অন্যতম উল্লেখযোগ্য আকৰ্ষণ হৈছে ‘লোকপিয়ল ব্যৱস্থাপনা আৰু নিৰীক্ষণ ব্যৱস্থা’ মডেলৰ ব্যৱহাৰিক প্ৰদৰ্শন, যাৰ জৰিয়তে ডিজিটেল প্ৰক্ৰিয়া আৰু ব্যৱহাৰকাৰী পঞ্জীয়নৰ বিষয়ে বিষয়া সকলক অৱগত কৰা হৈছে যাতে ক্ষেত্ৰভিত্তিক কাৰ্যকলাপ অধিক মসৃণ আৰু খৰতকীয়া হয়।ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব থকা এই প্ৰক্ৰিয়াত সাধাৰণ নাগৰিকৰ সহযোগিতা আৰু অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ প্ৰশিক্ষণস্থলীত চৰকাৰী লোকপিয়লৰ ‘মাস্কট’ আৰু বিভিন্ন সজাগতামূলক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। অহা ৩ জুন’লৈকে চলিবলগীয়া এই কাৰ্যসূচীয়ে জিলাখনৰ প্ৰশাসনিক কৰ্মচাৰীসকলৰ মাজত সমন্বয় বৃদ্ধি কৰাৰ লগতে সমগ্ৰ ডিব্ৰুগড় জিলা তথা অসমত ২০২৭ চনৰ লোকপিয়লৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।