...

অসমত আফ্ৰিকান ছোৱাইন ফ্লু’ ?

অসমত আফ্ৰিকান ছোৱাইন ফ্লু’ ?

হোৰহোৰাই মৰিছে গাহৰি !

ঢকুৱাখনা,৩০মে’:

ঢকুৱাখনাত আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক। অস্বাভাৱিকভাৱে মৃত্যু হৈছে গাহৰিৰ।ঢকুৱাখনাৰ অয়েঙীয়া গাঁৱৰ
নিৰুজ টাৱ নামৰ যুৱকজনৰ পামত বিগত দুটা দিনত ১৭টাকৈ গাহৰিৰ মৃত্যুৰ ঘটনাই চিন্তিত কৰিছে পশু পালকগৰাকীক।
গাহৰি পালনেৰে স্বাৱলম্বিতাৰ পথ বাছি লোৱা যুৱকজনৰ এতিয়া মূৰত ভাগি পৰিছে সৰগ।মৃত্যু গাহৰি কেইটা আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে।অৱশ্যে এতিয়ালৈকে গাহৰিৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই। এই ক্ষেত্ৰত পশুপালন বিভাগেও কোনো ব্যৱস্থা হাতত নোলোৱাৰ ভয়ংকৰ অভিযোগ উঠিছে।মৃত্যু হোৱা অধিকাংশ গাহৰিয়েই আছিল গৰ্ভাৱস্থাত।উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিজ্ঞানসন্মতভাৱে গাহৰি পালন কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা যুৱকজনে জনোৱা মতে, হঠাৎ খাদ্য নোখোৱাৰ লগতে জ্বৰত ভুগি গাহৰিবোৰৰ মৃত্যু হয়।চিকিৎসাৰ বাবে পালকগৰাকীয়ে পশু চিকিৎসা বিভাগক যোগাযোগ কৰিছিল যদিও বিভাগে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পশু পালকগৰাকীয়ে।এনেদৰে গাহৰিবোৰৰ অস্বাভাৱিক মৃত্যুত সম্প্ৰতি পালকগৰাকীৰ ৬-৭ লাখ টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি জনাইছে।উল্লেখ্য যে,পশুপালনৰ লগতে কৃষিকৰ্মৰ সৈতে জৰিত হৈ থকা
নিৰুজে লাভ কৰিছিল জিলাভিত্তিত শ্ৰেষ্ঠ কৃষকৰ সন্মান। ভুক্তভোগী যুৱকজনে ক্ষতিপূৰণ দিবলৈ চৰকাৰলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *