ডিব্ৰুগড়ত প্ৰশান্ত বৰদলৈৰ নৱতম গীতৰ উন্মোচন
“ভাল লাগে চাই মোৰ” শীৰ্ষক গীতৰ উন্মোচন
চাইন অন ডেস্ক,২৬মে’:
ডিব্ৰুগড়ৰ অন্যতম অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান ‘সুৰ মন্দিৰ’ৰ উদ্যোগত সুৰ মন্দিৰৰ প্ৰাংগণত ২৪ মে’ তাৰিখে সন্ধিয়া প্ৰথিতযশা সঙ্গীতজ্ঞ প্ৰশান্ত বৰদলৈৰ কথা আৰু সুৰাৰোপিত সুমধুৰ গীত “ভাল লাগে চাই মোৰ” শীৰ্ষক এটি শেহতীয়া গীতৰ উন্মোচন হৈ যায় । গীতটিৰ সংগীত ব্যৱস্থাপনাত আছিল সুৰজিত বৰুৱা (ববী )।
চাবুৱাৰ নবাগতা উদীয়মান শিল্পী পম্পী তালুকদাৰে কণ্ঠ নিগৰোৰা গীতটো উন্মোচন কৰে যশস্বী সংগীতজ্ঞ কল্পনা ভাগৱতীয়ে। উন্মোচনী ভাষণত তেওঁ কয় যে কিদৰে তেওঁ ১৯৯৩ চনতে প্ৰতিস্থা হোৱা সুৰ মন্দিৰৰ লগত জন্মলগ্নৰ পৰা জড়িত হৈ আছে আৰু নবাগতা 
উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে সুৰ মন্দিৰৰ সমন্বয়ক সুলেখিকা ৰঞ্জিতা বৰদলৈয়ে সকলোকে আদৰণি জনাই আৰু সুৰ মন্দিৰৰ ইতিবৃত্তৰ কিছু কথা উপস্থিত দৰ্শকক ব্যক্ত কৰে । নবাগত সকলক আধুনিক গীতৰ প্ৰণালীবদ্ধ প্ৰশিক্ষণদি উপযুক্ত কৰি গঢ়ি তোলাৰ লগতে তেওঁলোকক প্ৰেৰণা যোগোৱাই সুৰ মন্দিৰৰ প্ৰকৃত লক্ষ্য বুলি সুৰ মন্দিৰৰ সঞ্চালক প্ৰশান্ত বৰদলৈয়ে অবগত কৰে । ইতিমধ্যে ৰঙা ৰঙা গোলাপ, আই মোক জগাবি ৰাতিপুৱাই ,এক দুই তিনি চাৰি , দূৰদূৰণি , বাৰে বাৰে এই হৃদয়খনি নামৰ নটি গীত সুৰ মন্দিৰৰ বেনাৰতে বহু গৰাকী নবাগত কণ্ঠশিল্পীৰ দ্বাৰা বাণীবদ্ধ কৰা হৈছে আৰু শ্ৰোতাৰো সুন্দৰ সহাৰি পোৱা গৈছে ।উপস্থিত দৰ্শকে পম্পী তালুকদাৰৰ মিঠা কণ্ঠৰ সুৰীয়া গীতটো শুনি অতি আপ্লুত হয় আৰু শ্ৰোতা ৰাইজে গীতটো আদৰি ল’ব বুলি সকলোৱে সদৰি কৰে । পম্পী তালুকদাৰে নিজৰ অনুভৱখিনি ব্যক্ত কৰাৰ লগতে গীতটিৰ সতে জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু সকলোৰে আশীষ কামনা কৰে ।পৰবৰ্তী সময়ত অনুষ্ঠিত জলসা’ত উদীয়মান নবাগতা অনাঁতাৰ শিল্পী শাম্ভবী শৰ্মা , নবাগতা জ্যোতিষা মহন্ত , ইমন বৰুৱা ,ৰিংকি বৰঠাকুৰ ,মৃদুল দাস ,সমীৰণ শৰ্মা আৰু অনাতাঁৰ শিল্পী দোলেন দত্ত আদিৰ গীতে সন্ধিয়াটি জীপাল কৰি তোলে । তদুপৰি সুপ্ৰতিষ্ঠিত অনাতাঁৰ শিল্পী জুপিতৰা বৰঠাকুৰৰ গীতৰ শৰাই আছিল অনুষ্ঠানৰ বিশেষ আকৰ্ষণ ।বাদ্যযন্ত্ৰত সহযোগ কৰিছিল ক্ৰমে শান্তনু বৰঠাকুৰ ,কল্পনা ভাগৱতী ,সাক্ষৰ শৰ্মা,সান্তু কাকতী ,পৰাংগ ৰাজখোৱা আৰু প্ৰশান্ত বৰদলৈয়ে ।
সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰুৱাই আঁত ধৰা এই অনুষ্ঠানত বকুলদাস ,দেৱজিত গগৈ (মইনা) সান্তু কাকতী,সৌৰভ বৰুৱা , মন্দাকিনী বৰঠাকুৰ আদি কেবাগৰাকীও সংগীতশিল্পী আৰু সংগীতানুৰাগীৰ লগতে বহু সংখ্যক দৰ্শক উপস্থিত থাকে অনুস্থানটিৰ সৌষ্ঠব বৃদ্ধি কৰে।