বাঘবৰ,২৫ মে’:
বাঘবৰত সংঘটিত হয় দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় মন্দিয়া পাথাৰত । গাৱঁ খনৰ বাসিন্দা লালচান আলীৰ ১৪ বছৰীয়া নাবালক সন্তান বাইক চালক আবুল হুছেইনে চলোৱা বাইকৰ খুন্দাত থিতাতে নিহত হয় মন্দিয়া পাথাৰ গাঁৱৰ চন্দ্ৰ ভানু নামৰ ৫২ বছৰীয়া এগৰাকী মহিলা। দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ পঞ্জীয়ন নম্বৰ AS 15 T 7663 । ইতিমধ্যে ঘটনাস্থলীত মন্দিয়া আৰক্ষী উপস্থিত হৈ বাইক খন মন্দিয়া আৰক্ষী চকীলৈ লৈ আনিছে । ইফালে বাঘবৰ তিনি আলি চʼকত সংঘটিত দ্বিতীয়টো দুৰ্ঘটনাত মৃত্যু হয় মৰাভাজ গাঁৱৰ নিবাসী আলম চান্দৰ শিশু কন্যা ১০ বছৰীয়া ৰিয়া নাছৰিন। এখন বুলেৰো আৰু এখন ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত চিকিৎসালয়ত মৃত্যু ঘটে কণমানি জনীৰ। ইফালে দুয়ো বাহনৰ খুন্দাত এগৰাকী বাইক আৰোহীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা সংঘটিত হোৱা বাহন তিনিখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে ট্ৰাক খনৰ নম্বৰ BR 28 GB 8102 , বুলেৰো বাহন খনৰ নম্বৰ AS 25 DC 7339 আৰু বাইক খনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 01 GJ 5481। অৱশ্যে পৰৱৰ্তী সময়ত দুৰ্ঘটনা স্থলীত বাঘবৰ আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা বাহন কেইখন থানালৈ লৈ যায়। একেদিনাই সংঘটিত দুয়োটা দুৰ্ঘটনাই অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.