...

ডিব্ৰুগড়ত পৱিত্ৰ ঈদ-উদ-জোহা পালনৰ ব্যাপক প্ৰস্তুতি

ডিব্ৰুগড়ত পৱিত্ৰ ঈদ-উদ-জোহা পালনৰ ব্যাপক প্ৰস্তুতি

ঈদগাহ-মজজিদসমূহ সজাই তোলা হৈছে

চাইন অন ডেস্ক,২৪মে’:

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো ইছলামধৰ্মী লোকসকলে তেওঁলোকৰ ত্যাগৰ উৎসৱ ঈদ-উজ-জোহা বা বকৰিঈদ অহা ২৮ মে’ত পালন কৰাৰ বাৱে ঈদগাহ আৰু মছজিদ সমূহ আটকধুনীয়াকৈ সজাই তোলাৰ বাবে ব্যাপক প্ৰস্তুতি ঈদগাহ আৰু মছজিদ কমিটি সমূহে কৰি আছে। এই উদ্দেশ্যে ডিব্ৰুগড়ত থকা দুখন ঈদগাহৰ লগতে ২৯ টা মছজিদতো ঈদৰ নামাজ সম্পন্ন কৰা হব। প্ৰায়বোৰ মছজিদ আৰু ঈদগাহত ৮ আৰু ৯ বজাৰ ভিতৰতে নামাজ সম্পন্ন কৰা হ’ব।
ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় ঈদগাহ” সমিতিৰ সভাপতি আলহজ আমান উল্লা আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জানিবলৈ দিয়ে যে “ডিব্ৰুগড় ঈদগাহ ময়দান”ত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব ২৮ মে’ৰ পুৱা ঠিক ৮-০০(আঠ) বজাত। এই নামাজত ঈমামতি কৰিব ডিব্ৰুগড়ৰ ডিব্ৰুজান মছজিদৰ পেচ ইমাম মৌলানা আলহজ চবিৰ আহমেদে। ঈদগাহত ঈদৰ নামাজ পঢ়িবলৈ আহোঁতে লগত নিজৰ নিজৰ জায়নামাজ বা কাপোৰ আনিবলৈ ঈদগাহ সমিতিয়ে ৰাইজক অনুৰোধ জনায় লগতে কিবা থাকিলে ৬০০২০৮৯১৯৯যোগোযোগ কৰিবলৈ কৰিব পাৰে বুলি বিবৃতিযোগে জনায়।ডিব্ৰুগড়ৰ আমোলাপট্টিত থকা আলহজ জালাল উদ্দিন আহমেদ ঈদগাহত ঈদৰ নামাজ সম্পন্ন হব পুৱা ৮-৪৫ বজাত। এই ঈদগাহ কমিটিৰ সম্পাদক জাৱেদ ৰহমানে জানিবলৈ দিয়া মতে ঈদৰ নামাজত ঈমামতি কৰিব অসম জামিউল উলুম মাদ্ৰাছাৰ মুখ্য মৌলানা আলহজ মঞ্জুৰ আহমেদে। নালিয়াপুল জামে মছজিদত ঈমামতি কৰিব পেচ ইমাম মৌলানা চৈয়দ মোবাৰক হুছেইনে। কনভয় ৰোডৰ ন-মছজিদত নামাজত ঈমামতি কৰিব মৌলানা ইনামুল আলি। নামাজ অনুষ্ঠিত হব পুৱা ৮-০০ বজাত।

Devotees offer prayers during the Ramzan Eid Namaz at Poona Idgah ground on Tuesday. Express photo by Ashish Kale. 03/05/2022 Pune. *** Local Caption *** Devotees offer prayers during the Ramzan Eid Namaz at Poona Idgah ground on Tuesday. Express photo by Ashish Kale. 03/05/2022 Pune.

ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি তথা প্ৰাক্তন জিলা সদৰ কাজী আলহজ মৌলানা আইনান জুবেৰি আৰু সম্পাদক আলহজ নাচিমুল গণিয়ে সকলোকে ঈদৰ শুভেচ্ছা জনাই কয় যে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো অহা ২৮ মে’ ত ডিব্ৰুগড়ত থকা দুখন ঈদগাহৰ লগতে চহৰখনত অন্তৰ্গত ২৯ টা মছজিদতো ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব আৰু এই ক্ষেত্ৰত হিলাল কমিটিৰ তৰফৰ পৰা সকলোকে শান্তি সম্প্ৰীতি অটুট ৰাখি চৰকাৰৰ নিৰ্দ্দেশনা পালন কৰি, শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।
ঈদ উপলক্ষে বিভিন্ন জনে শুভেচ্ছা বাণী পঠিয়াইছে। ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰ, ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচনৰ সভাপতি ডাঃ চাজিদ আহমেদ, সম্পাদক নাচিৰ চুলতান, চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজৰ সভাপতি চেহিৰ আহমদ, সম্পাদক এম হাছিম আলী (সাময়িক ছুটিত), ভাৰপ্ৰাপ্ত সম্পাদক আব্দুল চাজিদ , ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আমানউল্লা আনচাৰি, সম্পাদক চৌকত আলি, ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি মৌলানা আইনান জুবেৰী, সম্পাদক নাচিমুল গণি, ডিব্ৰুগড় ইমাম পৰিষদৰ সভাপতি মৌলানা ছবিৰ আহমেদ, সম্পাদক মৌলানা আতিকুৰ ৰহমান কাচিমী, আমোল “আলহজ জালাল উদ্দিন আহমেদ ঈদগাহ” কমিটিৰ সভাপতি ছবিৰ আহমেদ, সম্পাদক জাৱেদ ৰহমান, থলগিৰি মুছলিম জাতীয় ঐক্য পৰিষদৰ সভাপতি ইমৰান হুছেইন, সম্পাদক আবুলেছ হুছেইন,ডিব্ৰুগড় দাৰুল হাদিছ মাদ্ৰাছাতুল বানাত ছোৱালী মাদ্ৰাছাৰ সভাপতি মনিৰউদ্দিন আহমেদ,সম্পাদক আৰিফ উদ্দিন আহমেদ , ডিব্ৰুগড় জিলা হজ কমিটিৰ যুটীয়া সম্পাদক চৌকত লতিফ আদি বিভিন্নজনৰ লগতে ভিন ভিন অনুষ্ঠান- প্ৰতিষ্ঠানে সমূহ ৰাইজলৈ ঈদ মোবাৰক আৰু শুভেচ্ছা জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *