...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা!

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা!

সলনি হ’ল স্নাতক দ্বিতীয় আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ দিনসূচী

চাইন অন ডেস্ক,২৩মে’:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া স্নাতক মহলাৰ দ্বিতীয় আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ দিনসূচী সলনি কৰা হৈছে। পবিত্ৰ ঈদ-উল-জুহাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয়খনৰ পৰীক্ষা নিয়ন্ত্ৰক ড° পি. কে. কাকতিয়ে জাৰি কৰা এক প্ৰেছ বিবৃতি অনুসৰি, অহা ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া বি.এ., বি.এছ.চি. আৰু বি.কম. দ্বিতীয় আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাসমূহ এতিয়া নতুন দিনসূচী অনুসৰি অনুষ্ঠিত হ’ব। নতুন সময়সূচী অনুসৰি দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষা অহা ২৯ মে’ দিনা অনুষ্ঠিত হ’ব। ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা অহা ১২ জুন দিনা অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ্থীসকলক নতুন দিনসূচী সম্বলিত সংশোধিত জাননীখন বিশ্ববিদ্যালয়ৰ চৰকাৰী ৱেবছাইট www.dibru.ac.in ৰ পৰা ডাউনলোড কৰি ল’বলৈ অনুৰোধ জনাইছে। উল্লেখ্য যে, স্নাতক চতুৰ্থ ষাণ্মাসিকৰ পৰীক্ষাৰ পূৰ্ব নিৰ্ধাৰিত সময়সূচীৰ কোনো সালসলনি কৰা হোৱা নাই বুলি প্ৰেছ বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *