...

‘অন্তৰাল’ত আছে কি ?

‘অন্তৰাল’ত আছে কি ?

 

কিহৰ বাবে ৰাইজৰ ইমান উৎকণ্ঠা ?
ৰাজ্যৰ বিভিন্ন ছবিগৃহত খলকনি

চাইন অন ডেস্ক,২৩মে’:

এখন নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘অন্তৰাল’ শুক্ৰবাৰে ৰাজ্যৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰাৰ পিছতেই দৰ্শকৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। ডিব্ৰুগড়তো মুক্তিৰ পূৰ্বেই বহু চৰ্চিত ছবিখনৰ শ্ব’ হাউছফুল হোৱাত ছবিখনক লৈ চলচ্চিত্ৰপ্ৰেমীৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে।
লুইতপৰীয়া চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ‘অন্তৰাল’ৰ প্ৰযোজক হৈছে ডাঃ মৃণাল গগৈ, ড° গীতাৰ্থ বৰুৱা, অৰবিন্দ গাৰোডিয়া, মৃগাংক বৰুৱা, সঞ্জয় আগৰৱালা, এম বাছিম হক আৰু ৰিতু পোদ্দাৰ। সুচিকিৎসক মৃগাংক বৰুৱাৰ পৰিকল্পনা আৰু স্বৰূপ দত্তৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মিত এই সামাজিক নাট্যধৰ্মী ছবিখনে ‘দ্য হিডেন ট্রুথ অৱ ছ’চাইটি’ শীৰ্ষক ভাবধাৰাৰে আধুনিক সমাজ আৰু পৰিয়ালৰ আৱেগিক জটিলতাক বাস্তৱ ৰূপত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে।
একেটা ঘৰতে বাস কৰা মানুহৰ মাজত ভুল বুজাবুজি, অব্যক্ত অনুভূতি আৰু সময়ৰ অভাৱৰ ফলত কেনেদৰে সম্পৰ্কত দূৰত্ব সৃষ্টি হয়, সেই বাস্তৱ ছবিখনতেই তুলি ধৰা হৈছে। নীৰৱতা আৰু আৱেগিক ভাঙোনে কেনেকৈ পৰিয়ালৰ শান্তি বিনষ্ট কৰিব পাৰে, সেই দিশো ছবিখনত স্পষ্টভাৱে উপস্থাপন কৰা হৈছে।
ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে ডাঃ মৃগাংক বৰুৱা, লখিমা দত্ত, প্রদীপ্ত প্রাণ ভট্টাচাৰ্য, দীপা দাস, অৰুণ হাজৰিকা, ৰাতুল গগৈ, হিমাদ্ৰী সন্দিকৈ, বিকাশ গোহাঁই, উষা দত্ত, কৌশিক গগৈ, বিপুল বৰা, নন্দিনী লস্কৰ, প্ৰণৱ দাস, জ্যোতিষ পাতিৰ, সুৰজ দত্ত, ভাৰতী কলিতা আৰু জ্ঞানদেৱ কোচঁ আদিয়ে।
সমাজৰ এক বাস্তৱ প্ৰতিচ্ছবি হিচাপে দৰ্শকৰ মাজত ইতিমধ্যে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অসমীয়া ছবি ‘অন্তৰাল’। উল্লেখযোগ্য যে,অন্তৰালত Dy365ৰ সাংবাদিক ৰাতুল বুঢ়াগোহাঁইৰ  লগতেই News Live ৰ সাংবাদিক সুৰজ দত্ত আৰু আমাৰ ‘অসম কাকত’ তথা ‘চাইন অন’ পৰ্টেলৰ সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰেও সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *