...

মিঞাঁ ভাষাত বিশেষ ধৰ্মৰ লোকক কটাক্ষ কৰি  বিপদ! ধুবুৰীৰ আকিফুলৰ

মিঞাঁ ভাষাত বিশেষ ধৰ্মৰ লোকক কটাক্ষ কৰি  বিপদ!ধুবুৰীৰ আকিফুলৰ

 

ভিডিঅ’টোত প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী,উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীকো তাচ্ছিল্য

চাইন অন ডেস্ক,২৩মে’:

“গৰু হেনো তাহাঁতৰ  মা, বলদ গৰু তাহাঁতৰ বাবা! এতিয়া ছাগলী কিনিবলৈ গ’লে ছাগলী যদি তাহাঁতৰ ভন্টী হয় তেতিয়া হলে পঠাতো  সিহঁতৰ ভাই হ’ব।” মিঞাঁ (পূৰ্ববংগীয়) ভাষাত  সামাজিক মাধ্যমত এক ভিডিঅ’যোগে এক বিশেষ ধৰ্মৰ কটাক্ষ কৰা এজন যুৱকক যোৱাকালিয়েই ধুবুৰী আৰক্ষীয়ে কৰায়ত্ত কৰি শোধপোছ চলাই থকা বুলি জানিব পৰা গৈছে।  ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰৰ এখন ফাৰ্মাচীত কৰ্মৰত তথা চহৰখনৰ কুন্তীৰচৰৰ দ্বিতীয় খণ্ডৰ বাসিন্দা বাসিন্দা ধৃত আকিফুল ৰ’হমান নামৰ সেই যুৱকজনে নিজৰ সেই ভিডিঅ’টোত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ বিৰূদ্ধেও তাচ্ছিল্য পূৰ্ণ মন্তব্য কৰা পোৱা গৈছে। উল্লেখ্য যে, সেই বিশেষ ভিডিঅ’টোত অইন দুই/তিনি গৰাকী যুৱকেও পৰোক্ষ ভাবে আকিফুলৰ কথাত হয়ভৰ দি থকাও প্ৰত্যক্ষিত হৈছে। অৱশ্যে আৰক্ষীৰ তদন্তত কি উদ্দেশ্যেৰে সেই বিশেষ ভিডিঅ’টো সামাজিক মাধ্যমত দিয়া হৈছিল আৰু সমগ্ৰ ঘটনাটোৰ সৈতে জড়িত আন কেইজন কোন সেয়া পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *