...

চাহ বাগিচাৰ মাটি অবৈধ মিউটেচন আৰু বিতৰ্কিত মালিকীস্বত্ব

চাহ বাগিচাৰ মাটি অবৈধ মিউটেচন আৰু বিতৰ্কিত মালিকীস্বত্ব

উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন অসম পাব্লিক ৱৰ্কছৰ

চাইন অন ডেস্ক,২১মে’:

ডিব্ৰুগড়ৰ জলানগৰ ছাউথ ইষ্টেট লিমিটেড আৰু ইষ্টলেণ্ড ইষ্টেট প্ৰাইভেট লিমিটেডৰ চাহ বাগিচাৰ মাটি অবৈধ মিউটেচন আৰু বিতৰ্কিত মালিকীস্বত্বক কেন্দ্ৰ কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন হৈছে। এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু ৰাজহ-বিপৰ্যয় ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিবলৈ এখন বিস্তৃত অভিযোগ দাখিল কৰিছে অসম পাব্লিক ৱৰ্কছে।
সংগঠনটোৱে অভিযোগ কৰা মতে, জলানগৰ ছাউথ ইষ্টেট আৰু ইষ্টলেণ্ড ইষ্টেট প্ৰাইভেট লিমিটেডৰ সৈতে জড়িত মূল্যবান চাহ বাগিচাৰ ভূমিৰ মালিকীস্বত্ব আৰু মিউটেচন প্ৰক্ৰিয়াত গুৰুতৰ অনিয়ম সংঘটিত হৈছে। এই ঘটনাৰ নিৰপেক্ষ তদন্তৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত কমিটি অথবা বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ দাবী জনাইছে সংগঠনটোৱে।
অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মা, ডিব্ৰুগড়ৰ আইনজীৱী বিজয় পাঠক আৰু গুৱাহাটীস্থিত পলাশ বৰুৱাই যুটীয়াভাৱে এই অভিযোগ দাখিল কৰে। অভিযোগত উল্লেখ কৰা হৈছে যে, গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱা WP(C) No. 2926/2015 গোচৰৰ বিভিন্ন নথি-পত্ৰ, অবৈধ মিউটেচন, চক্রকাৰী নথিপত্ৰ, গুৰুত্বপূর্ণ তথ্য গোপন কৰা আৰু ভূমিৰ নামজাৰীৰ সৈতে জড়িত বিভিন্ন সন্দেহজনক কাৰ্যকলাপৰ বিষয়সমূহ পুনৰ পৰ্যালোচনাৰ প্ৰয়োজন আছে।অভিযোগ অনুসৰি, ১৯৭৮ চনৰ মালিকীস্বত্ব স্বীকৃতি আৰু ২০০১ চনৰ পূৰ্বে আৰম্ভ হোৱা মিউটেচন প্ৰক্ৰিয়াৰ মাজত বিৰোধ দেখা গৈছে। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংমণ্ডলিত জিলাপ্ৰশাসকলৈ প্ৰেৰণ কৰা শপতনামাত বাধ্যতামূলক চৰকাৰী অনুমোদনৰ অভাৱ আৰু মিউটেচন প্ৰক্ৰিয়াৰ অবৈধতাৰ কথাও উল্লেখ কৰা হৈছে।
ইয়াৰ উপৰিও ১৫ মার্চ ১৯৭৮ তাৰিখৰ প্ৰমাণপত্ৰ, D.R.P No. 31/2009 ত ২৯ অক্টোবৰ ২০০৯ তাৰিখে দাখিল আবেদনৰ বৈধতা, আৰু ১৯৫৪ চনৰ ডিড নম্বৰ ৬৩০ সম্পৰ্কীয় বিষয়ক লৈও গুৰুত্বপূর্ণ প্ৰশ্ন উত্থাপন কৰা হৈছে। অভিযোগত কোৱা হৈছে যে, প্ৰায় ২১৬১ বিঘা চাহ বাগিচাৰ ভূমি অবৈধভাৱে অন্তৰ্ভুক্ত কৰা হোৱাৰ সন্দেহ আছে আৰু ইয়াৰ সৈতে জড়িত নথি-পত্ৰ আৰু লেনদেনৰ ফৰেনছিক পৰীক্ষাৰ দাবীও উত্থাপন কৰা হৈছে।
সংগঠনটোৱে অভিযোগ কৰে যে, সমগ্ৰ বিষয়টো প্ৰায় ৬৩০ বিঘা ০ কঠা ১২ লেছা মূল্যবান চাহ বাগিচাৰ মাটিক কেন্দ্ৰ কৰি, যদিও বিতৰ্কিত নথিপত্ৰৰ জৰিয়তে প্ৰায় ২১৬১ বিঘা ভূমিও অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলোৱা হৈছে।
অসম পাব্লিক ৱৰ্কছে দাবী জনাইছে যে, স্বাধীন উচ্চ পৰ্যায়ৰ তদন্ত কমিটি অথবা SIT গঠন কৰি সকলো চৰকাৰী নথি সুৰক্ষিত কৰা, মিউটেচন প্ৰক্ৰিয়া আৰু ১৯৫৪ চনৰ ডিড নম্বৰ ৬৩০ সম্পৰ্কীয় নথিৰ ফৰেনছিক পৰীক্ষা সম্পন্ন কৰা, আৰু সমগ্ৰ বিষয়টোৰ ভূমিকা ও বৈধতা পুনৰ নিৰীক্ষণ কৰা উচিত। কোনো অনিয়ম বা আইন ভংগৰ তথ্য পোৱা গ’লে উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ দাবীও জনোৱা হৈছে।সংগঠনটোৱে লগতে জনায় যে, আদালতৰ আবেদনপত্ৰ, ইনকালনামা, RTI ৰেকৰ্ড, ৰাজহ নথিপত্ৰ, কোম্পানীৰ নথি আৰু Companies House-ত সংৰক্ষিত ঐতিহাসিক তথ্যৰ সত্যায়িত প্ৰতিলিপিও তেওঁলোকৰ হাতত আছে, যিসমূহ তদন্তকাৰী সংস্থাক প্ৰদান কৰিবলৈ সাজু আছে। এই সমগ্ৰ বিষয়টোত চৰকাৰ আৰু প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *