...

ডিব্ৰুগড়ত ২৮ মে’ত কি হব ?

ডিব্ৰুগড়ত ২৮ মে’ত কি হব ?

চাইন অন ডেস্ক,২১মে’:

দেশৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়তো ইছলামধৰ্মী লোকসকলে পালন কৰিব তেওঁলোকৰ পৱিত্ৰ ঈদুজ্বোহা বা বকৰিঈদ। এই উপলক্ষে ডিব্ৰুগড় ঈদগাহ সমিতিৰ সভাপতি আলহজ আমান উল্লা আনচাৰি আৰু সম্পাদক আলহজ চৌকত আলিয়ে জানিবলৈ দিয়ে যে ডিব্ৰুগড়ৰ গ্ৰাহাম বজাৰত থকা “ডিব্ৰুগড় ঈদগাহ ময়দান”ত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব ২৮ মে’ৰ পুৱা ঠিক ৮-০০(আঠ) বজাত। এই নামাজত ঈমামতি কৰিব ডিব্ৰুগড়ৰ ডিব্ৰুজান মছজিদৰ পেচ ইমাম মৌলানা আলহজ চবিৰ আহমেদে। ঈদগাহত ঈদৰ নামাজ পঢ়িবলৈ আহোঁতে লগত নিজৰ নিজৰ জায়নামাজ বা কাপোৰ আনিবলৈ ঈদগাহ সমিতিয়ে ৰাইজক অনুৰোধ জনায় লগতে কিবা থাকিলে ৬০০২০৮৯১৯৯যোগোযোগ কৰিবলৈ কৰিব পাৰে বুলি বিবৃতিযোগে জনায়।
ডিব্ৰুগড় জিলা হিলাল কমিটিৰ সভাপতি তথা প্ৰাক্তন জিলা সদৰ কাজী আলহজ মৌলানা আইনান জুবেৰি আৰু সম্পাদক আলহজ নাচিমুল গণিয়ে সকলোকে ঈদৰ শুভেচ্ছা জনাই জানিবলৈ দিয়ে যে দেশৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো অহা ২৮ মে’ ত ডিব্ৰুগড়ত থকা দুখন ঈদগাহৰ লগতে ২৮/২৯ টা মছজিদত ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হ’ব আৰু এই ক্ষেত্ৰত হিলাল কমিটিৰ তৰফৰ পৰা সকলোকে শান্তি সম্প্ৰীতি অটুট ৰাখি চৰকাৰৰ নিৰ্দ্দেশ পালন কৰি শান্তিপূৰ্ণ ভাৱে ঈদ উদযাপন কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *