...

ডিব্ৰুগড়ত পাব,বাৰসমূহত নিশা হয় কি ?

ডিব্ৰুগড়ত পাব,বাৰসমূহত নিশা হয় কি ?

নিয়ন্ত্ৰণৰ দাবী আছুৰ

অসামাজিক কাৰ্যকলাপ বৃদ্ধিৰ অভিযোগ

চাইন অন ডেস্ক,২১মে’:

শেহতীয়াকৈ ডিব্ৰুগড় মহানগৰত নিশাৰ ভাগত বহু অ-সামাজিক কাৰ্যকলাপ বৃদ্ধি পোৱাত যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে।যাৰ ফলত মহানগৰখনৰ বহু সচেতন ব্যক্তি আৰু বিষেশকৈ আছু ক্ষোভিত হৈ পৰিছে।অনিয়ন্ত্ৰিত ভাবে তথা আইন উলংঘা কৰি বহু ৰেষ্টুৰেণ্ট,বাৰ,ধাবা নিশা এপৰলৈ খোলা ৰখাত নৈতিক স্খলন হোৱাই নহয়,সামাজিক বাতাৱৰণ কলুষিত কৰিছে।সেয়ে,ডিব্ৰুগড় মহানগৰৰ পা’ব, বাৰ আৰু ৰেষ্ট’-বাৰসমূহৰ কাৰ্যকলাপ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনিক পদক্ষেপ গ্ৰহণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ ডিব্ৰুগড় জিলা গোটৰ তৰফৰ পৰা আজি জিলা আয়ুক্ত বিক্ৰম কৈৰীক এক স্মাৰকপত্ৰ প্ৰদান কৰা হয়। চহৰখনত বৃদ্ধি পোৱা অসামাজিক কাৰ্যকলাপ আৰু নিশাৰ চহৰীয়া সংস্কৃতিয়ে সামাজিক পৰিৱেশত পেলোৱা প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে।সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি প্ৰিয়প্ৰতিম সোণোৱাল আৰু সাধাৰণ সম্পাদক সুন্দম সোণোৱালে স্বাক্ষৰ কৰা স্মাৰকপত্ৰখনত ডিব্ৰুগড়ৰ একাংশ প্ৰতিষ্ঠানৰ সৈতে জড়িত উচ্ছৃংখল আচৰণ আৰু ৰাজহুৱা শান্তি বিঘ্নিত হোৱা ঘটনাসমূহক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে। ছাত্ৰ সংগঠনটোৱে বিশেষকৈ শেহতীয়াকৈ ‘এলিমেণ্টছ’ নামৰ এখন পাবত আয়োজিত ‘ডিজে উইকেণ্ড পাৰ্টী’ৰ কথা উল্লেখ কৰি অভিযোগ কৰে যে এনে অনুষ্ঠানে এক অসুস্থ সামাজিক পৰিৱেশৰ সৃষ্টি কৰিছে, যাৰ ফলত অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বাসিন্দাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
“ডিব্ৰুগড় উজনি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক অন্যতম গুৰুত্বপূৰ্ণ শৈক্ষিক কেন্দ্ৰ। একাংশ প্ৰতিষ্ঠানে সৃষ্টি কৰা এই পৰিৱেশ চহৰখনৰ শৈক্ষিক আৰু সামাজিক মূল্যবোধৰ সম্পূৰ্ণ পৰিপন্থী। আমি প্ৰশাসনক বিলম্ব নকৰাকৈ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছো,” বুলি মন্তব্য কৰে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি প্ৰিয়প্ৰতিম সোণোৱালে।
সংগঠনটোৱে লগতে কয় যে এনে প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে অভিযোগ এয়া নতুন নহয়। ইতিপূৰ্বেও ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ জৰিয়তে এনে বিশৃংখলতাৰ খবৰ পোহৰলৈ আহিছিল। ছাত্ৰ সন্থাই গুৰুত্ব আৰোপ কৰে যে এতিয়া এইটো এক জনসাধাৰণৰ চিন্তাৰ বিষয় হৈ পৰিছে আৰু ইয়াৰ বাবে জৰুৰী প্ৰশাসনিক হস্তক্ষেপৰ প্ৰয়োজন।

party, holidays, celebration, nightlife and people concept – group of happy friends dancing in night club

স্মাৰকপত্ৰখনত আছুৱে জিলা প্ৰশাসনৰ ওচৰত কেইবাটাও নিৰ্দিষ্ট দাবী উত্থাপন কৰিছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল— পাবৰ অনুষ্ঠানত ১৮ বছৰৰ অনুৰ্ধৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা, ডিব্ৰুগড়ৰ সকলো বাৰ, পাব্ আৰু ৰেষ্ট’-বাৰৰ সময়সীমা নিশা ১০ বজালৈ সীমাবদ্ধ কৰা। লগতে সংগঠনটোৱে এনে প্ৰতিষ্ঠানৰ ভিতৰত আৰু বাহিৰত চিচিটিভি কেমেৰা স্থাপন কৰা অনিবাৰ্য কৰাৰ লগতে সামাজিক পৰিৱেশ বিনষ্ট কৰা “ডিজে উইকেণ্ড পাৰ্টী”ৰ দৰে অনুষ্ঠানসমূহ তৎক্ষণাত বন্ধ কৰিবলৈ দাবী জনায়।
স্মাৰকপত্ৰখনত সুৰাপান কৰি গাড়ী চলোৱা, ৰাজহুৱা উপদ্ৰৱ আৰু জনজীৱনৰ প্ৰতি ভাবুকি প্ৰতিৰোধ কৰিবলৈ এনে প্ৰতিষ্ঠানসমূহৰ ওচৰে-পাজৰে আৰক্ষীৰ তহলদাৰী বৃদ্ধিৰ দাবীও কৰা হৈছে। ইয়াৰ উপৰিও, অপ্ৰাপ্তবয়স্কৰ প্ৰৱেশ ৰোধ কৰিবলৈ আৰু যিকোনো অনাকাংক্ষিত ঘটনাৰ সময়ত চিনাক্তকৰণত সহায় হ’বলৈ গ্ৰাহকৰ পৰিচয় পত্ৰ পৰীক্ষা আৰু পঞ্জীয়ন বাধ্যতামূলক কৰাৰ বাবেও আহ্বান জনোৱা হৈছে।
ডিব্ৰুগড়ৰ সামাজিক শৃংখলা আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত জিলা প্ৰশাসনক এই বিষয়টো অতি গুৰুত্বসহকাৰে ল’বলৈ ছাত্ৰ সন্থাই অনুৰোধ জনাইছে। স্মাৰকপত্ৰখনৰ প্ৰতিলিপি আৰক্ষী অধীক্ষক আৰু আবকাৰী বিভাগলৈকো প্ৰেৰণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *