...

ডিব্ৰুগড়ৰ অৱসৰী ষ্টেট বেংক বিষয়া মুস্তাক হুছেইন হাজৰিকাৰ মৃত্যু

ডিব্ৰুগড়ৰ অৱসৰী ষ্টেট বেংক বিষয়া মুস্তাক হুছেইন হাজৰিকাৰ মৃত্যু

ডিব্ৰুগড়ত শোকৰ ছাঁ

চাইন অন ডেস্ক,২০মে’:

ডিব্ৰুগড়ৰ বৈৰাগীমঠ আনন্দ নগৰৰ এক নম্বৰ বাইলেন্ড নিবাসী অৱসৰপ্ৰাপ্ত বেংক বিষয়া মুস্তাক হুছেইন হাজৰিকা (ৰণিল) কিছুদিন চিকিৎসাধীন হৈ থকাৰ অন্তত কালি ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪৯ চনৰ এক জানুৱাৰীত জন্মগ্ৰহণ কৰা হুছেইন ডিব্ৰুগড়ৰ তাহানিৰ জৰ্জ হাইস্কুল আৰু বৰ্তমানৰ বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰাৰ পাছত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ৰ পৰা বি এছ চি ডিগ্ৰী লয় আৰু পিছত ষ্টেট বেংকৰ বিষয়া হিচাপে যোগদান কৰি তিনিচুকীয়া, গুৱাহাটী, অৰুণাচলৰ খুনচা আদি বিভিন্ন ঠাইত কৰ্মসূত্ৰে চাকৰি কৰি ২০০৩ চনত স্বেচ্ছায় ডিব্ৰুগড়ৰ পৰা বেংক মেনেজাৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। হাজৰিকা স্কুলীয়া আৰু কলেজীয়া দিনৰে পৰা এগৰাকী সুদক্ষ ক্ৰিকেট খেলুৱৈ হিচাপে কেবাখনো আন্ত;জিলা খেলত প্ৰতিনিধিত্ব কৰিছিল। এগৰাকী অমায়িক স্বভাৱৰ মুস্তাক হাজৰিকা মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ,এগৰাকী কন্যা ,বৰ্তমানে (আমেৰিকাবাসী), জোঁৱাই, এক নাতিনী, এগৰাকী বায়েক, তিনি ভগ্নী আৰু ভাতৃৰ লগতে পৰিয়ালৰ বহুতো আত্মীয়ক ইহ সংসাৰত এৰি যায়। কালি নিশা ৯ বজাত তেখেতৰ জানাজা নালিয়াপুল কবৰ স্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *