...

ভাৰত-ইউএই বন্ধুত্বৰ এক নতুন অধ্যায়

ভাৰত-ইউএই বন্ধুত্বৰ এক নতুন অধ্যায়

এক ঐতিহাসিক সিদ্ধান্ত

চাইন অন ডেস্ক,১৫মে’:

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চমু ইউএই ভ্ৰমণে দেশখনৰ বাবে কঢ়িয়াই আনিছে বৃহৎ কৌশলগত আৰু অৰ্থনৈতিক সফলতা।
দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ল এক গুৰুত্বপূৰ্ণ ‘কৌশলগত প্ৰতিৰক্ষা অংশীদাৰিত্ব’ চুক্তি।
এই চুক্তিয়ে প্ৰতিৰক্ষা প্ৰযুক্তিৰ যৌথ উৎপাদন আৰু সন্ত্ৰাসবাদ বিৰোধী সহযোগিতাক এক নতুন মাত্ৰা প্ৰদান কৰিব।
শক্তি সুৰক্ষা নিশ্চিত কৰিবলৈ কৌশলগত পেট্ৰলিয়াম মজুতৰ ক্ষেত্ৰতো দুয়োখন দেশে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে।
ভাৰতৰ এলপিজি (LPG) প্ৰয়োজনীয়তাৰ ৪০ শতাংশ পূৰণ কৰা ইউএইৰ সৈতে হ’ল দীৰ্ঘম্যাদী ইন্ধন যোগান চুক্তি।
গুজৰাটৰ ভাদিনাৰত স্থাপন কৰা হ’ব এক অত্যাধুনিক ‘জাহাজ মেৰামতি ক্লাষ্টাৰ’, যাৰ ফলত সামুদ্ৰিক আন্তঃগাঁথনি শক্তিশালী হ’ব।
ভাৰতীয় আন্তঃগাঁথনি প্ৰকল্প আৰু বিত্তীয় খণ্ডৰ বাবে ইউএ ইয়ে ৫ বিলিয়ন ডলাৰৰ বৃহৎ বিনিয়োগৰ কথা ঘোষণা।
১০০ বিলিয়ন ডলাৰৰ বাণিজ্য অতিক্ৰম কৰা দুয়োখন দেশে এতিয়া ২০০ বিলিয়ন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ।
মধ্যপ্ৰাচ্যৰ অস্থিৰতাৰ মাজতে মোডীৰ এই ভ্ৰমণে ভাৰতৰ শক্তি সুৰক্ষা আৰু আঞ্চলিক স্থিতিশীলতাক নতুন শক্তি প্ৰদানত গুৰুত্ব দিব।

Leave a Reply

Your email address will not be published. Required fields are marked *