...

কানৈ মহাবিদ্যালয়ৰ শাখা (শতদল) সাহিত্য সভাৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষ্যে বক্তৃতানুষ্ঠান “চিত্রকাব্য হৈছে আলোকচিত্ৰ আৰু কবিতাৰ মাজৰ এক কথোপকথন’ : ডাঃ বৰুৱা

কানৈ মহাবিদ্যালয়ৰ শাখা (শতদল) সাহিত্য সভাৰ প্ৰথম বৰ্ষপূর্তি উপলক্ষ্যে বক্তৃতানুষ্ঠান “চিত্রকাব্য হৈছে আলোকচিত্ৰ আৰু কবিতাৰ মাজৰ এক কথোপকথন’ : ডাঃ বৰুৱা

 

চাইন অন ডেস্ক,১৪মে’: 

‘চিত্রকাব্য হৈছে আলোকচিত্ৰ আৰু কবিতাৰ মাজৰ এক কথোপকথন। চিত্রকাব্যই কবিতাক এখন ছবি শিৰোনাম হিচাপে ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ছবিৰ গভীৰলৈ সোমাই যাবলৈ শ্ৰোতাক অনুপ্ৰেৰণা দিয়ে।’ কালি ডিব্ৰুগড় হনুমানবক্স সুজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ৰ শাখা (শতদল) সাহিত্য সভাৰ প্ৰথম বৰ্ষপুর্তি উপলক্ষ্যে আয়োজিত এক বক্তৃতানুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰসিদ্ধ চিকিৎসক, কবি তথা আলোকচিত্র শিল্পী ডাঃ ৰঞ্জিত বৰুৱাই আজি এইদৰে কয়। “চিত্ৰকাব্য ঃ এক নতুন শিল্পৰ কথাৰে’ শীৰ্ষক এক অনন্য আৰু ব্যতিক্রমী বক্তৃতা প্ৰদান কৰি ডাঃ বৰুৱাই কয়— পোহৰৰ সহায়ত সৃষ্টি কৰা আলোকচিত্ৰ আৰু বাকশিল্প দুয়োটাই পৃথক কলা। দুয়োটাকে পৰিপূৰক হিচাপে প্ৰয়োগ কৰি এই নতুন শিল্পশৈলী ‘চিত্রকাব্য’ প্রাণ সঞ্চাৰ কৰা হয়। সেয়েহে তেওঁ এই দুই শিল্পক একেলগে আত্মীয় ভগ্নী বুলি অভিহিত কৰে। অর্থাৎ কবিতাই ছবিৰ চকু হিচাপে পথ প্ৰদৰ্শকৰ কাম কৰে। কানৈ মহবিদ্যালয়ৰ শাখা সাহিত্য সভাৰ সম্পাদক ড° নিতুমণি শ‍ইকীয়াই আঁত ধৰা আৰু ড° তৃষ্ণা দুৱৰা কলিতাই সভাপতিত্ব কৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই। আদৰণি ভাষণ প্ৰসংগত অধ্যক্ষ ড° শ‍ইকীয়াই কয়— – সাহিত্যই মানুহৰ মনত নৈতিক প্ৰমূল্যবোধৰ উন্মেষ কৰি মন সংস্কাৰ কৰে। তেওঁ কয় – সাহিত্যৰ লগত জড়িত হৈ থকা প্ৰতিজন ব্যক্তিয়েই সমাজৰ ভাল বেয়া, উচিত-অনুচিত, ন্যায়-অন্যায় কথাবোৰ বুজি পায়। সেয়েহে সাম্প্রতিক সময়ত সাহিত্য অধ্যয়ন আৰু চৰ্চাৰ অতিশয় প্ৰাসংগিকতা আছে। তেওঁ কয় যে সাহিত্য কেৱল শব্দৰ মায়াজাল নহয়, ই হ’ল এক নিৰৱ বিপ্লৱ। যিয়ে মানুহৰ মনৰ ভিতৰত থকা আন্ধাৰ দূৰ কৰি জ্ঞান আৰু বিবেকৰ পোহৰ বিলায়। সাহিত্যই মানুহৰ মন, মগজু আৰু চৰিত্ৰ গঠনত সহায় কৰে বুলিও তেওঁ কয়। তেওঁ কয় – – সহানুভূতি আৰু মানৱীয়তাৰ জাগৰণ, কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আত্মবিশ্লেষণ আৰু মানসিক পৰিপক্কতা দেশপ্ৰেম আৰু জাতীয়তাবোধ উন্মেষৰ ক্ষেত্ৰত সাহিত্যই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এনে উদ্দেশ্য আগত ৰাখিয়েই কানৈ মহাবিদ্যালয়ত সাহিত্য সভাৰ এটা শাখা মুকলি কৰা হৈছিল বুলিও তেওঁ মত প্ৰকাশ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰধ্যাপক ড° ফৰিদা আহমেদ, জ্যেষ্ঠ অধিবক্তা, শিশু সাহিত্যিক তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্রসেনজিৎ গোস্বামী আৰু ডাঃ ৰঞ্জিত বৰুৱাক অসম সাহিত্য সভাৰ তৰফৰ পৰা অসমীয়া নৱবৰ্ষৰ বিহু ওলগনি জনাই বিশেষ সম্বর্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি ড° ফৰিদা আহমেদ আৰু প্ৰসেনজিৎ গোস্বামীয়ে মননশীল বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে ডিব্ৰুগড় জিলা সাহিত্য সভাৰ উপ-সভাপতি প্রশান্ত নেওগ আৰু সম্পাদক ভাগ্যেশ্বৰ গগৈৰ উপস্থিতিত শতদল শাখা ৰূপে স্বীকৃতি লাভ কৰা কানৈ মহাবিদ্যালয়ৰ শাখা সাহিত্য সভাৰ এশজন সদস্যক আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত শতদল শাখাৰ এবছৰ কৰ্মৰ খতিয়ান দাঙি ধৰি শাখাই প্ৰকাশ কৰি উলিওৱা এখন মুখপত্ৰ উন্মোচন কৰা হয়। অনুষ্ঠানত চহৰখনৰ ভালেসংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। বক্তৃতাৰ শেষত বিশিষ্ট বক্তা ডাঃ ৰঞ্জিত বৰুৱাক এখন প্রশংসা পত্ৰ আৰু অনুষ্ঠানৰ স্মৃতি বিজড়িত স্থিৰ চিত্ৰৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে সাহিত্য সভাৰ এই শাখাটোরে যথেষ্ট সক্রিয়ভাৱে ভাষা-সাহিত্যৰ হকে কাম কৰি আছে। ইয়াৰ অংশ হিচাপে কানৈ মহাবিদ্যালয়ৰ শতদল শাখা, অসম সাহিত্য সভাৰ আন্তঃৰাজ্য বিদেশ মৈত্রিবন্ধন উপ-সমিতি আৰু স্বদেশ পটভূমি আলোচনীৰ উদ্যোগত ১০ মে’ত কবি তপন বৰুৱাৰ ‘ধ্বংসৰ বিৰুদ্ধে যুদ্ধৰ বিৰুদ্ধে’ শীৰ্ষক এখন কাব্যগ্ৰন্থ উন্মোচন কৰে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *