ডিব্ৰুগড়ৰ বেংকত প্ৰায় ৫ কোটি টকাৰ হৰলুকি !
ডিব্ৰুগড়ৰ বেংক অৱ মহাৰাষ্ট্ৰত অনিয়ম
গ্ৰাহকৰ সাঁচতিয়া ধন একাউণ্টৰ পৰা নোহোৱা হল
বহু পেঞ্চনাৰ, জ্যেষ্ঠ নাগৰিকৰো জীৱনৰ কষ্টোপাৰ্জিত ধনৰ হৰলুকি
চাইন অন ডেস্ক,১৩মে’:

ৰাষ্ট্ৰীয়কৃত বেংকও সুৰক্ষিত নহয় গ্ৰাহকৰ বাবে।তেনে এক বৃহৎ বিত্তীয় কেলেংকাৰী শেহতীয়াকৈ
ডিব্ৰুগড়ত পোহৰলৈ আহিছে।ডিব্ৰুগড়ৰ বেংক অৱ মহাৰাষ্ট্ৰৰ চৌকিডিঙ্গী শাখাৰ পৰা গ্ৰাহকৰ একাউণ্টৰ পৰা কোটি কোটি টকা হৰলুকি হোৱাৰ এক গুৰুতৰ অভিযোগ উথাপন হৈছে।গ্ৰাহকে, নিজৰ বহু বছৰৰ সাঁচতিয়া ধন একাউণ্টত নেদেখি এতিয়া মূৰে-কপালে হাত দিছে।যাৰ ফলত

নিজৰ বহু কষ্টৰে উপাৰ্জন কৰা ধন হঠাতে উধাও হৈ যোৱাত হতভম্ব হৈ পৰিছে গ্ৰাহকসকল। বেংকৰ বিষয়া-কৰ্মচাৰীক সোধ-পোছ কৰিলেও কোনো সদুত্তৰ নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে। ফলত বেংকৰ ভিতৰত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।


ইতিমধ্যে সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰি ডিব্ৰুগড় জিলা আয়ুক্তক, জাতি জনগোষ্ঠীয় ঐক্য মঞ্চ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই

প্ৰায় পাঁচ কোটি টকাৰো অধিক ধন হৰলুকিৰ অভিযোগে এতিয়া তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ ডিব্ৰুগড়ত।বহু পেঞ্চনাৰ, জ্যেষ্ঠ 
ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত এক ৰাষ্ট্ৰীয়কৃত বেংকত যদি গ্ৰাহকৰ ধনেই সুৰক্ষিত নহয়, তেন্তে সাধাৰণ মানুহে ক’ত বিশ্বাস ৰাখিব— এই প্ৰশ্নই এতিয়া উত্থাপন কৰিছে সচেতন মহলে।
এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ আঁৰত আচলতে কোন? গ্ৰাহকৰ সাঁচতিয়া ধন ঘূৰাই পাব নে ভুক্তভোগীয়ে ? এতিয়া সেয়াও এক লাখটকীয়া প্ৰশ্ন।