ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘মানসিক চাপ ব্যৱস্থাপনা আৰু নিচা মুক্ত ভাৰত অভিযান’ বিষয়ক গুৰুত্বপূৰ্ণ সজাগতা কাৰ্যসূচী সম্পন্ন
চাইন অন ডেস্ক,১৩ মে’:
ডিব্ৰুগড় বিশ্ববিদ্যালয় চৌহদত ১২ মে’ তাৰিখে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক সুস্থতা ৰক্ষা আৰু মাদকদ্ৰব্য মুক্ত এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যে বিশ্ববিদ্যালয়ৰ ‘নিচা মুক্ত হোষ্টেল কমিটী’ (Nasha Mukt Hostel Committee) আৰু ‘অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষ’ (IQAC)-ৰ যৌথ উদ্যোগত এক বিশেষ সজাগতা কাৰ্যসূচী সফলতাৰে ৰূপায়িত হয়। বৰ্তমানৰ প্ৰতিযোগিতাপূৰ্ণ যুগত যুৱপ্ৰজন্ম কেনেকৈ মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰে আৰু মাদকদ্ৰব্যৰ ভয়াৱহ গ্ৰাসৰ পৰা নিজক বচাই ৰাখিব পাৰে, সেই সম্পৰ্কে সজাগ কৰাই আছিল এই অনুষ্ঠানৰ মূল উদ্দেশ্য।কাৰ্যসূচীৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰিণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক প্ৰাধ্যাপক অংকুৰ ভৰালীয়ে। তেওঁ নিজৰ ভাষণত সাম্প্ৰতিক সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব আৰু ইয়াৰ প্ৰতি সমাজত সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। ছাত্ৰ অৱস্থাতে মানসিক চাপক সঠিকভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ই কেনেকৈ ভৱিষ্যত জীৱন ধ্বংস কৰিব পাৰে, সেই বিষয়ে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সঁকিয়াই দিয়ে। ইয়াৰ পিছতে কাৰ্যসূচীৰ আনুষ্ঠানিক উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ পৰিক্ৰমাৰ গুৰু (Dean of Student Affairs) প্ৰাধ্যাপক সুৰজিত বৰকটকীয়ে । তেওঁ উদ্বোধনী ভাষণত বিশ্ববিদ্যালয়খনত এক সম্পূৰ্ণ সুস্থ, শান্তিপূৰ্ণ আৰু নিচামুক্ত শৈক্ষিক বাতাবৰণ গঢ়ি তোলাৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে শিক্ষানুষ্ঠান খন কেৱল ডিগ্ৰী লাভৰ স্থান নহয়, ই হ’ল এজন আদৰ্শ নাগৰিক
গঢ়াৰ কাৰখানা। গতিকে কোনো ধৰণৰ কূ-অভ্যাসে যাতে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতত বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সদায় সজাগ বুলি তেওঁ মত প্ৰকাশ কৰে।
কাৰ্যসূচীৰ মুখ্য সমল ব্যক্তি হিচাপে উপস্থিত থাকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিশিষ্ট মানসিক ৰোগ বিশেষজ্ঞ ডা: দীপজ্যোতি বৰা। তেখেতে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক চাপ নিয়ন্ত্ৰণ, মানসিক স্বাস্থ্য সম্পৰ্কীয় সজাগতা আৰু মাদক শক্তিৰ ভয়াৱহ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে এক অতি তথ্যসমৃদ্ধ আৰু সাৰুৱা বক্তব্য আগবঢ়ায়। তেখেতে বৰ্তমান সময়ত যুৱসমাজক বিপথে পৰিচালিত কৰা কাৰকসমূহৰ বৈজ্ঞানিক বিশ্লেষণ দাঙি ধৰি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়সমূহ বহলাই আলোচনা কৰে। ইয়াৰ উপৰিও তেখেতে চৰকাৰৰ ‘নিচা মুক্ত ভাৰত অভিযান’ (Nasha Mukt Bharat Abhiyan)-ৰ মূল উদ্দেশ্যসমূহ বাখ্যা কৰে। যুৱপ্ৰজন্মৰ মাজত এক সুস্থ, ড্ৰাগছমুক্ত আৰু দায়িত্বশীল জীৱনশৈলী গঢ়ি তোলাত এই ৰাষ্ট্ৰীয় অভিযানৰ প্ৰাসংগিকতা আৰু প্ৰয়োজনীয়তা কিমান গভীৰ, সেই বিষয়েও তেখেতে বিশেষভাৱে আলোকপাত কৰে। ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাৱে সবল হৈ সমাজ পৰিৱৰ্তনৰ অংশীদাৰ হ’বলৈ তেখেতে আহ্বান জনায়। সমগ্ৰ গুৰুত্বপূৰ্ণ সজাগতা কাৰ্যসূচীখন অত্যন্ত সুচাৰুৰূপে আৰু পদ্ধতিগতভাৱে পৰিচালনা কৰে ড৹ মিনাক্ষী পুজাৰীয়ে। অনুষ্ঠানৰ শেষৰ
পৰ্যায়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিচা মুক্ত হোষ্টেল কমিটীৰ নোডেল অফিচাৰ ড৹ প্ৰাণজিত কলিকতাই উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়ায় আৰু কাৰ্যসূচীখন সফল কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখযোগ্য যে এই সজাগতা কাৰ্যসূচীত আয়োজক সমিতিৰ আন বহুকেইগৰাকী বিশিষ্ট সদস্য উপস্থিত থাকি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে। তেওঁলোকৰ ভিতৰত আছিল ড৹ অনুপল বৰুৱা, ড৹ জিতু বৰা, ড৹ পংকজ সাহু, নিহাৰিকা বৰগোহাঁই, ঋষভ চক্ৰৱৰ্তী আৰু অভিজিৎ চক্ৰৱৰ্তী। ৩০০ৰো অধিক শিক্ষাৰ্থীৰ সক্ৰিয় অংশগ্ৰহণেৰে সফলতাৰে সম্পন্ন হোৱা এই অনুষ্ঠানটো কেৱল এক সজাগতা সভাতে সীমাবদ্ধ নাথাকি ছাত্ৰ-ছাত্ৰীৰ মানসিক সুস্থতা বৃদ্ধিৰ লগতে বিশ্ববিদ্যালয় চৌহদক এক সম্পূৰ্ণ নিচামুক্ত আৰু আদৰ্শ শৈক্ষিক পৰিৱেশ হিচাপে গঢ়ি তোলাৰ দিশত এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হ’ব।
Like this:
Like Loading...