“এক ঐতিহাসিক জনাদেশ! এই জনাদেশ হৈছে এ ফ’ৰ আছামৰ মূলমন্ত্ৰক বাস্তৱায়িত কৰাৰ বাবে জনগণৰ স্পষ্ট মতদান”: কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
• ” বিগত এঘাৰ বছৰত মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভাগ্য সলনি কৰিছে আৰু এটা অৱহেলিত অঞ্চলৰপৰা শান্তি তথা সমৃদ্ধিৰ শক্তিশালী প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে”: সোণোৱাল
• “এখন বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে আমাৰ সামূহিক সংকল্প আগন্তুক দিনবোৰত অধিক শক্তিশালী হ’ব’: সোণোৱাল
” নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰ্বাংগীণ উন্নয়নৰ বাৰ্তা ৰাজ্যখনৰ চৌদিশে প্ৰসাৰিত কৰাত হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্মকুশলতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে”: সোণোৱাল
গুৱাহাটী অসমত ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে এনডিএ-ই বিজয় সাব্যস্ত কৰাৰ মাহেন্দ্ৰক্ষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, "এক ঐতিহাসিক জনাদেশ! অসমৰ জনতা জনাদনেভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ-ৰ পক্ষত ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে যি অকুণ্ঠ আশীৰ্বাদ আৰু মতদান প্ৰদান কৰিলে, তাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ বিগত এঘাৰ বছৰত মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাগ্য সলনি কৰিছে আৰু এটা অৱহেলিত অঞ্চলৰপৰা শান্তি তথা সমৃদ্ধিৰ শক্তিশালী প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে৷ সৰ্বস্তৰৰ ৰাইজে পুনৰবাৰ প্রধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু জনকল্যাণমূলক পদক্ষেপৰ প্ৰতি দৃঢ় আস্থা প্ৰকাশ কৰিছে৷ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্রী শ্রী অমিত শ্বাহ ডাঙৰীয়ালৈও এইছেগতে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷ তেখেতৰ অবিৰত দিক্-নিৰ্দেশনা আৰু সুদৃঢ় প্ৰচেষ্টাই উগ্রবাদ আৰু সংঘাতৰ অন্ধকাৰপূৰ্ণ দিনবোৰৰ অৱসান ঘটাই অসমক আত্মবিশ্বাসেৰে প্ৰগতি আৰু সমৃদ্ধিৰ পথত আগবঢ়োৱাৰ নিমিত্তে সক্ষম কৰিছে৷ লগতে দলৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়াৰ সবল নেতৃত্ব, দিহা-পৰামৰ্শ আৰু নিৰৱচ্ছিন্ন প্ৰেৰণাৰ বাবেও ধন্যবাদ জনাইছোঁ৷ এই বৃহৎ বিজয় মই আমাৰ কঠোৰ পৰিশ্ৰমী কাৰ্যকৰ্তাসকলৰ প্ৰতি উৎসৰ্গা কৰিছোঁ৷ ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি শ্রী দিলীপ শইকীয়া ডাঙৰীয়াকো এই মাহেন্দ্ৰক্ষণত উষ্ম অভিনন্দন জনালোঁ৷ এই জনাদেশ হৈছে এ ফ'ৰ আছামৰ মূলমন্ত্ৰক বাস্তৱায়িত কৰাৰ বাবে জনগণৰ এক স্পষ্ট মতদান আৰু আমাৰ বিকশিত তথা আত্মনিৰ্ভৰ অসমৰ অনিৰুদ্ধ যাত্ৰাক আগুৱাই নিয়াৰ এক দৃঢ় সংকল্প৷ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখৰূপে অসমৰ উত্তৰণ আৰু উত্তৰ- পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নে এতিয়া নতুন আৰু অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়ি যাব৷" সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয়, "গেৰুৱাময় অসম ! এনডিএ-ৰ ঐতিহাসিক তৃতীয় কার্যকাল সুনিশ্চিত হোৱাৰ এই মাহেন্দ্ৰক্ষণত ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ সর্বজনপ্রিয় প্রধানমন্ত্রী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰ্বাংগীণ উন্নয়ন আৰু সমৃদ্ধিৰ বাৰ্তা ৰাজ্যখনৰ চৌদিশে প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্মকুশলতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এখন বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে আমাৰ সামূহিক সংকল্প আগন্তুক দিনবোৰত অধিক শক্তিশালী হ'ব৷"
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে পশ্চিম বংগত বিজেপিৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয়, "পশ্চিম বংগৰ বাবে এয়া এক ঐতিহাসিক ক্ষণ! বংগবাসীয়ে উন্নয়নৰ বাবে ভোট দি মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সম্পূৰ্ণ আস্থা ৰাখিছে আৰু তৃণমূল কংগ্ৰেছৰ দুৰ্নীতি, হিংসা আৰু তুষ্টিকৰণৰ ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ এই অসাধাৰণ জনাদেশ আমাৰ অগণন কৰ্মকৰ্তাৰ ত্যাগ আৰু অদম্য সাহসৰ প্ৰতি এক প্রকৃত সন্মান, তেওঁলোকে তৃণমূল কংগ্ৰেছৰ নিৰ্মম হত্যা-হিংসা সহ্য কৰিও গেৰুৱাময় বংগ গঢ়িবলৈ আপোচ কৰা নাছিল৷ এই আনন্দৰ ক্ষণত প্ৰতিজন কর্মকর্তালৈ আন্তৰিক অভিনন্দন৷ আজিৰ পৰা পশ্চিম বংগত আৰম্ভ হৈছে শান্তি আৰু প্ৰগতিৰ এক নতুন যুগ৷"
ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন এনডিএ-ৰ পক্ষত ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে যি অকুণ্ঠ আশীৰ্বাদ আৰু মতদান প্ৰদান কৰিলে, তাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷
বিগত এঘাৰ বছৰত মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভাগ্য সলনি কৰিছে আৰু এটা অৱহেলিত অঞ্চলৰপৰা শান্তি তথা সমৃদ্ধিৰ শক্তিশালী প্ৰাণকেন্দ্ৰলৈ
ৰূপান্তৰিত কৰিছে৷ সৰ্বস্তৰৰ ৰাইজে পুনৰবাৰ প্রধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু জনকল্যাণমূলক পদক্ষেপৰ প্ৰতি দৃঢ় আস্থা প্ৰকাশ কৰিছে৷ মাননীয় কেন্দ্ৰীয় গৃহমন্ত্রী
শ্রী অমিত শ্বাহ ডাঙৰীয়ালৈও এইছেগতে মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ৷ তেখেতৰ অবিৰত দিক্-নিৰ্দেশনা আৰু সুদৃঢ় প্ৰচেষ্টাই উগ্রবাদ আৰু সংঘাতৰ অন্ধকাৰপূৰ্ণ দিনবোৰৰ অৱসান
ঘটাই অসমক আত্মবিশ্বাসেৰে প্ৰগতি আৰু সমৃদ্ধিৰ পথত আগবঢ়োৱাৰ নিমিত্তে সক্ষম কৰিছে৷ লগতে দলৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰী নীতিন নবীন ডাঙৰীয়াৰ সবল নেতৃত্ব, দিহা-পৰামৰ্শ আৰু
নিৰৱচ্ছিন্ন প্ৰেৰণাৰ বাবেও ধন্যবাদ জনাইছোঁ৷ এই বৃহৎ বিজয় মই আমাৰ কঠোৰ পৰিশ্ৰমী কাৰ্যকৰ্তাসকলৰ প্ৰতি উৎসৰ্গা কৰিছোঁ৷ ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি
শ্রী দিলীপ শইকীয়া ডাঙৰীয়াকো এই মাহেন্দ্ৰক্ষণত উষ্ম অভিনন্দন জনালোঁ৷ এই জনাদেশ হৈছে এ ফ'ৰ আছামৰ মূলমন্ত্ৰক বাস্তৱায়িত কৰাৰ বাবে জনগণৰ এক স্পষ্ট মতদান আৰু আমাৰ বিকশিত
তথা আত্মনিৰ্ভৰ অসমৰ অনিৰুদ্ধ যাত্ৰাক আগুৱাই নিয়াৰ এক দৃঢ় সংকল্প৷ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখৰূপে অসমৰ উত্তৰণ আৰু উত্তৰ- পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নে এতিয়া নতুন আৰু অপ্ৰতিৰোধ্য
গতিৰে আগবাঢ়ি যাব৷" সোণোৱালে হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয়, "গেৰুৱাময় অসম ! এনডিএ-ৰ ঐতিহাসিক তৃতীয় কার্যকাল সুনিশ্চিত হোৱাৰ এই মাহেন্দ্ৰক্ষণত ড° হিমন্ত বিশ্ব শৰ্মা
ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ৷ সর্বজনপ্রিয় প্রধানমন্ত্রী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সৰ্বাংগীণ উন্নয়ন আৰু সমৃদ্ধিৰ বাৰ্তা ৰাজ্যখনৰ চৌদিশে প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত
আপোনাৰ অক্লান্ত পৰিশ্ৰম আৰু কৰ্মকুশলতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এখন বিকশিত, সুৰক্ষিত আৰু আত্মনিৰ্ভৰ অসমৰ বাবে আমাৰ সামূহিক সংকল্প আগন্তুক দিনবোৰত অধিক শক্তিশালী হ'ব৷"
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে পশ্চিম বংগত বিজেপিৰ ঐতিহাসিক বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰি কয়, "পশ্চিম বংগৰ বাবে এয়া এক ঐতিহাসিক ক্ষণ! বংগবাসীয়ে উন্নয়নৰ বাবে ভোট দি
মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সম্পূৰ্ণ আস্থা ৰাখিছে আৰু তৃণমূল কংগ্ৰেছৰ দুৰ্নীতি, হিংসা আৰু তুষ্টিকৰণৰ ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিছে৷ এই অসাধাৰণ জনাদেশ আমাৰ
অগণন কৰ্মকৰ্তাৰ ত্যাগ আৰু অদম্য সাহসৰ প্ৰতি এক প্রকৃত সন্মান, তেওঁলোকে তৃণমূল কংগ্ৰেছৰ নিৰ্মম হত্যা-হিংসা সহ্য কৰিও গেৰুৱাময় বংগ গঢ়িবলৈ আপোচ কৰা নাছিল৷ এই আনন্দৰ ক্ষণত
প্ৰতিজন কর্মকর্তালৈ আন্তৰিক অভিনন্দন৷ আজিৰ পৰা পশ্চিম বংগত আৰম্ভ হৈছে শান্তি আৰু প্ৰগতিৰ এক নতুন যুগ৷"